--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ বিজয়ৰ দিশে উভটি আহিছে অষ্ট্ৰেলিয়া। ক্ৰমাগতভাৱে দুখনকৈ মেচত জয়ী হৈ এইবাৰ নেদাৰলেণ্ডৰ বিৰুদ্ধেও জয়ী হ’ল পাঁচবাৰৰ বিশ্বকাপজয়ী দলটো। বিশ্বকাপৰ ২৪ সংখ্যক মেচত ডাচ্ছ বাহিনীক পৰাস্ত কৰে ৩১০ ৰাণৰ ব্যৱধানত।

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত টছত জয়ী হৈ প্ৰথমে বেটিং কৰে অষ্ট্ৰেলিয়াই। ব্যৰ্থ হয় অপেনাৰ মিচেল মাৰ্শ্ব (৯)। কিন্তু পুনৰ শতক অৰ্জন কৰে ডেভিড ৱাৰ্ণাৰে। ৯৩ টা বলত কৰে ১০৪ ৰাণ। মিডল অৰ্ডাৰত ষ্টিভ স্মিথে ৭১ আৰু মাৰ্নাছ লাবুচানেই ৬২ ৰাণ কৰে।

কিন্তু আটাইতকৈ চকুত লগা ইনিংছটো আছিল গ্লেন মেক্সৱেলৰ। মেক্সেৱেলে মাত্ৰ ৪৪ টা বলতে ১০৬ ৰাণ সংগ্ৰহ কৰি বিশ্বকাপৰ ইতিহাসত দ্ৰুততম শতক অৰ্জনকাৰী হিচাপে বিবেচিত হয়। অষ্ট্ৰেলিয়াৰ বেটাৰসকলৰ বেটিং বিক্ৰমৰ ফলতে আঠ উইকেটত ৩৯৯ ৰাণ সংগ্ৰহ কৰে।

নেদাৰলেণ্ডৰ বাছ ডি লিডে ১০ অভাৰত ১১৫ ৰাণ খৰচ কৰি দুটা উইকেট দখল কৰে। আনহাতে,  লগান ভান বিকে চাৰিটা উইকেট দখল কৰে।

৪০০ ৰাণৰ অসম্ভৱ লক্ষ্য আগত লৈ কেংগাৰু বাহিনীৰ আগত আত্মসমৰ্পন কৰে নেদাৰলেণ্ডে। আৰম্ভণিৰে দমন অব্যাবত ৰাখে অষ্ট্ৰেলিয়ান বলাৰসকলে। অপেনাৰ বিক্ৰমজীত সিঙ (২৫)-ৰ বাদে আন কোনো বেটাৰে ২০ৰ ঘৰ অতিক্ৰম কৰিব নোৱাৰিলে। মাত্ৰ ৯০ ৰাণতে শেষ হয় ডাচ্চ বাহিনীৰ স্ক’ৰ।

বেটিঙৰ পাছত বলিঙেৰেও ডাচ্ছ বাহিনীক ধৰাসায়ী কৰাৰ মূলতে ফাষ্ট বলাৰসকৰ উপৰিও অষ্ট্ৰেলিয়ান স্পিনাৰসকলৰ দূৰ্দান্ত বলিং। আডম ঝাম্পাই তিনি অভাৰত ৮ ৰাণ দি চাৰিটা উইকেট দখল কৰাৰ উপৰিও মিচেল মাৰ্শ্বে দুটা উইকেট দখল কৰে।

উল্লেখ্য যে শেহতীয়াকৈ নেদাৰলেণ্ডে দক্ষিণ আফ্ৰিকাৰ দৰে দলক পৰাস্ত কৰি চমক সৃষ্টি কৰিছিল। আনহাতে, অষ্ট্ৰেলিয়াই বিশ্বকাপত আশানুৰূপ আৰম্ভণি ঘটাব পৰা নাছিল। কিন্তু ক্ৰমাগত বিজয়ে পুনৰ স্থিতি সজীৱ কৰি তুলিলে কেংগাৰু বাহিনীক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ