--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুইণ্টন ডি ককে বাংলাদেশৰ বিৰুদ্ধে ১৪০ বলত ১৭৪ ৰানৰ ইনিংছ খেলি কেইবাটাও নজিৰ গঢ়ি তুলিলে। এই বিশ্বকাপত তেওঁ তৃতীয় শতক সম্পূৰ্ণ কৰিছিল। তেওঁৰ ১৭৪ ৰানৰ ইনিংছটোৱে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটতো এক নজিৰ গঢ়ি তুলিছে।

ডি ককে বিশ্বকাপত উইকেটকীপাৰ-বেটছমেনৰ ভিতৰত সৰ্বাধিক ৰাণৰ ইনিংছ খেলাৰ নজিৰ গঢ়ি তুলিছিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এডাম গিলক্ৰিষ্টৰ অভিলেখ ভংগ কৰে। ২০০৭ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে গিলক্ৰিষ্টে ১৪৯ ৰান সংগ্ৰহ কৰিছিল। বিশ্বকাপত এতিয়ালৈকে উইকেটকীপাৰ-বেটছমেনৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ইনিংছ আছিল এই ইনিংছ। মঙলবাৰে ১৬ বছৰৰ পাছত ডি ককে তেওঁক শীৰ্ষস্থান দখল কৰে।

উল্লেখযোগ্য যে মঙলবাৰে তেওঁ ১৫০ সংখ্যক এদিনীয়া মেচ খেলিছিল। ১৯৯৯ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ৰাহুল দ্ৰাবিড়ে ১৪৫ ৰান সংগ্ৰহ কৰি এই তালিকাত তৃতীয় স্থান লাভ কৰে।

এদিনীয়া ক্ৰিকেটত ১৫০ বা তাতকৈ অধিক ইনিংছ খেলি উইকেটকীপাৰ-বেটছমেনৰ তালিকাতো শীৰ্ষস্থান দখল কৰে ডি ককে। এতিয়ালৈকে গিলক্ৰিষ্ট, ডি ককৰ বাহিৰেও জোছ বাটলাৰে ১৫০ বা তাতকৈ অধিক ৰানকৈ দুটা ইনিংছ খেলাৰ নজিৰ আছিল। বাংলাদেশৰ বিৰুদ্ধে তেওঁলোকক পৰাস্ত কৰি শীৰ্ষত ওলাই আহিল ডি কক। মঙলবাৰে ১৫০ বা তাতকৈ অধিক ৰানেৰে তৃতীয় ইনিংছ খেলিছিল।

এদিনীয়া বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰৰ ভিতৰত দ্বিতীয় সৰ্বাধিক ইনিংছ অৰ্জন কৰে ডি ককে। ১৯৯৬ চনৰ বিশ্বকাপত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে ১৮৮ ৰানৰ ইনিংছ খেলিছিল গেৰী কাৰ্ষ্টেনে। তেওঁৰ ইনিংছৰ পিছত মঙলবাৰে ককে ১৭৪ ৰান সংগ্ৰহ কৰে। ২০১৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৬২ ৰানৰ অপৰাজিত ইনিংছত এই তালিকাৰ তৃতীয় স্থান লাভ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত