--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুইণ্টন ডি ককে বাংলাদেশৰ বিৰুদ্ধে ১৪০ বলত ১৭৪ ৰানৰ ইনিংছ খেলি কেইবাটাও নজিৰ গঢ়ি তুলিলে। এই বিশ্বকাপত তেওঁ তৃতীয় শতক সম্পূৰ্ণ কৰিছিল। তেওঁৰ ১৭৪ ৰানৰ ইনিংছটোৱে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটতো এক নজিৰ গঢ়ি তুলিছে।

ডি ককে বিশ্বকাপত উইকেটকীপাৰ-বেটছমেনৰ ভিতৰত সৰ্বাধিক ৰাণৰ ইনিংছ খেলাৰ নজিৰ গঢ়ি তুলিছিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ এডাম গিলক্ৰিষ্টৰ অভিলেখ ভংগ কৰে। ২০০৭ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে গিলক্ৰিষ্টে ১৪৯ ৰান সংগ্ৰহ কৰিছিল। বিশ্বকাপত এতিয়ালৈকে উইকেটকীপাৰ-বেটছমেনৰ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ইনিংছ আছিল এই ইনিংছ। মঙলবাৰে ১৬ বছৰৰ পাছত ডি ককে তেওঁক শীৰ্ষস্থান দখল কৰে।

উল্লেখযোগ্য যে মঙলবাৰে তেওঁ ১৫০ সংখ্যক এদিনীয়া মেচ খেলিছিল। ১৯৯৯ চনৰ বিশ্বকাপত শ্ৰীলংকাৰ বিৰুদ্ধে ৰাহুল দ্ৰাবিড়ে ১৪৫ ৰান সংগ্ৰহ কৰি এই তালিকাত তৃতীয় স্থান লাভ কৰে।

এদিনীয়া ক্ৰিকেটত ১৫০ বা তাতকৈ অধিক ইনিংছ খেলি উইকেটকীপাৰ-বেটছমেনৰ তালিকাতো শীৰ্ষস্থান দখল কৰে ডি ককে। এতিয়ালৈকে গিলক্ৰিষ্ট, ডি ককৰ বাহিৰেও জোছ বাটলাৰে ১৫০ বা তাতকৈ অধিক ৰানকৈ দুটা ইনিংছ খেলাৰ নজিৰ আছিল। বাংলাদেশৰ বিৰুদ্ধে তেওঁলোকক পৰাস্ত কৰি শীৰ্ষত ওলাই আহিল ডি কক। মঙলবাৰে ১৫০ বা তাতকৈ অধিক ৰানেৰে তৃতীয় ইনিংছ খেলিছিল।

এদিনীয়া বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰৰ ভিতৰত দ্বিতীয় সৰ্বাধিক ইনিংছ অৰ্জন কৰে ডি ককে। ১৯৯৬ চনৰ বিশ্বকাপত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিৰুদ্ধে ১৮৮ ৰানৰ ইনিংছ খেলিছিল গেৰী কাৰ্ষ্টেনে। তেওঁৰ ইনিংছৰ পিছত মঙলবাৰে ককে ১৭৪ ৰান সংগ্ৰহ কৰে। ২০১৫ চনৰ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৬২ ৰানৰ অপৰাজিত ইনিংছত এই তালিকাৰ তৃতীয় স্থান লাভ কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ