--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপতে প্ৰতিযোগিতাখনৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰিছিল এডেন মাৰ্ক্ৰামে। কিন্তু সেয়া গ্লেন মেক্সৱেলে ১৮ দিনৰ ভিতৰতে ভংগ কৰে। তাকো একেখন খেলপথাৰতে। সেয়া হৈছে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়াম।

মেক্সৱেলে ৪৪টা বলত ১০৬ ৰান সংগ্ৰহ কৰি ইনিংছটো সমাপ্ত কৰে। তেওঁ ৯টা চাৰি আৰু আঠটা ছয় কৰে। মেক্সৱেলে অষ্ট্ৰেলিয়াক ৩৯৯ ৰানলৈ লৈ যায়।

ইয়াৰ পূৰ্বে মাৰ্ক্ৰামে ৭ অক্টোবৰত ৪৩টা বলত শতক অৰ্জন কৰিছিল। সেই মেচত শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল দক্ষিণ আফ্ৰিকাৰ এই বিধ্বংসী বেটছমেনগৰাকীয়ে। সেইদিনা মাৰ্ক্ৰামে দিল্লীৰ খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰিছিল। মেক্সৱেলেও একে কৰিলে। তেওঁৰ আধিপত্য ইমানেই আছিল যে বুধবাৰে অ’পেনাৰ ডেভিদ ৱাৰ্নাৰৰ শতক ছাঁয়াময় হৈ পৰিছিল।

তদুপৰি এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বেটছমেনৰ ভিতৰত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰে মেক্সৱেলে। মেক্সৱেল আৰু পেট কামিন্সে সপ্তম উইকেটত ১০৭ ৰানৰ অংশীদাৰিত্ব কৰে। বিশ্বকাপৰ ইতিহাসত অষ্ট্ৰেলিয়াৰ সপ্তম উইকেটত ইমানখিনি ৰাণ সৰ্বোচ্চ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত