--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপতে প্ৰতিযোগিতাখনৰ ইতিহাসত দ্ৰুততম শতক অৰ্জন কৰিছিল এডেন মাৰ্ক্ৰামে। কিন্তু সেয়া গ্লেন মেক্সৱেলে ১৮ দিনৰ ভিতৰতে ভংগ কৰে। তাকো একেখন খেলপথাৰতে। সেয়া হৈছে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়াম।

মেক্সৱেলে ৪৪টা বলত ১০৬ ৰান সংগ্ৰহ কৰি ইনিংছটো সমাপ্ত কৰে। তেওঁ ৯টা চাৰি আৰু আঠটা ছয় কৰে। মেক্সৱেলে অষ্ট্ৰেলিয়াক ৩৯৯ ৰানলৈ লৈ যায়।

ইয়াৰ পূৰ্বে মাৰ্ক্ৰামে ৭ অক্টোবৰত ৪৩টা বলত শতক অৰ্জন কৰিছিল। সেই মেচত শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল দক্ষিণ আফ্ৰিকাৰ এই বিধ্বংসী বেটছমেনগৰাকীয়ে। সেইদিনা মাৰ্ক্ৰামে দিল্লীৰ খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰিছিল। মেক্সৱেলেও একে কৰিলে। তেওঁৰ আধিপত্য ইমানেই আছিল যে বুধবাৰে অ’পেনাৰ ডেভিদ ৱাৰ্নাৰৰ শতক ছাঁয়াময় হৈ পৰিছিল।

তদুপৰি এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বেটছমেনৰ ভিতৰত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰে মেক্সৱেলে। মেক্সৱেল আৰু পেট কামিন্সে সপ্তম উইকেটত ১০৭ ৰানৰ অংশীদাৰিত্ব কৰে। বিশ্বকাপৰ ইতিহাসত অষ্ট্ৰেলিয়াৰ সপ্তম উইকেটত ইমানখিনি ৰাণ সৰ্বোচ্চ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ