--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেদাৰলেণ্ডৰ ফাষ্ট বলাৰ বেছ ডি লিডে বিশ্বকাপত এক লজ্জাজনক নজিৰ গঢ়ি তুলিলে। বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০ অভাৰত ১১৫ ৰান খৰচ কৰে। এদিনীয়া ক্ৰিকেট মেচত ইমান ৰান আগতে কোনো বলাৰেই দিয়া নাই।

নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডে ডি লিডক মেচখনত সপ্তম বলাৰ হিচাপে ব্যৱহাৰ কৰে। তেওঁ ১০ অভাৰত বলিং কৰি ২ উইকেট দখল কৰে যদিও ১১৫ ৰান দিয়ে। অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে তেওঁৰ বল মুঠ ১৯ বাৰ খেলপথাৰৰ বাহিৰলৈ প্ৰেৰণ কৰে। ১৩টা চাৰি আৰু ৬টা ছয় আহে বাছ ডি লিডৰ বলৰ পৰা। এটা ৱাইড আৰু এটা ন’ বলো কৰে লিড-এ। কেৱল তেওঁৰ ২০টা বলৰ পৰাহে কোনো ৰান লাভ কৰিব নোৱাৰিলে অষ্ট্ৰেলিয়ান বেটাৰসকলে। অন্তিম অভাৰত ২৮ ৰান খৰচ কৰে।

ইয়াৰ পূৰ্বে বিশ্বৰ কোনো বলাৰেই এদিনীয়া ক্ৰিকেটত ১০ অভাৰত ১১৫ ৰান সংগ্ৰহ কৰা নাছিল। সেই অৰ্থত নেদাৰলেণ্ডৰ ২৩ বছৰীয়া বলাৰগৰাকীয়ে বিশ্বকাপৰ লগতে এদিনীয়া ক্ৰিকেটতো এক লজ্জাজনক নিদৰ্শন দাঙি ধৰিলে।

বাছ ডি লিডে অষ্ট্ৰেলিয়াৰ মিক লুইছৰ অভিলেখ ভংগ কৰে। ২০০৬ চনৰ ২২ মাৰ্চত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লুইছে ১১৩ ৰান খৰচ কৰে। অষ্ট্ৰেলিয়াৰ বেগী বলাৰগৰাকীয়ে সেই মেচত এটাও উইকেট নাপাইছিল। তেওঁৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জাম্পা। যোৱা ১৫ ছেপ্টেম্বৰত চেঞ্চুৰিয়ানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও ১১৩ ৰান খৰচ কৰিছিল। সেই মেচতো জাম্পাই কোনো উইকেট নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত