--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেদাৰলেণ্ডৰ ফাষ্ট বলাৰ বেছ ডি লিডে বিশ্বকাপত এক লজ্জাজনক নজিৰ গঢ়ি তুলিলে। বুধবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০ অভাৰত ১১৫ ৰান খৰচ কৰে। এদিনীয়া ক্ৰিকেট মেচত ইমান ৰান আগতে কোনো বলাৰেই দিয়া নাই।

নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডে ডি লিডক মেচখনত সপ্তম বলাৰ হিচাপে ব্যৱহাৰ কৰে। তেওঁ ১০ অভাৰত বলিং কৰি ২ উইকেট দখল কৰে যদিও ১১৫ ৰান দিয়ে। অষ্ট্ৰেলিয়াৰ বেটছমেনসকলে তেওঁৰ বল মুঠ ১৯ বাৰ খেলপথাৰৰ বাহিৰলৈ প্ৰেৰণ কৰে। ১৩টা চাৰি আৰু ৬টা ছয় আহে বাছ ডি লিডৰ বলৰ পৰা। এটা ৱাইড আৰু এটা ন’ বলো কৰে লিড-এ। কেৱল তেওঁৰ ২০টা বলৰ পৰাহে কোনো ৰান লাভ কৰিব নোৱাৰিলে অষ্ট্ৰেলিয়ান বেটাৰসকলে। অন্তিম অভাৰত ২৮ ৰান খৰচ কৰে।

ইয়াৰ পূৰ্বে বিশ্বৰ কোনো বলাৰেই এদিনীয়া ক্ৰিকেটত ১০ অভাৰত ১১৫ ৰান সংগ্ৰহ কৰা নাছিল। সেই অৰ্থত নেদাৰলেণ্ডৰ ২৩ বছৰীয়া বলাৰগৰাকীয়ে বিশ্বকাপৰ লগতে এদিনীয়া ক্ৰিকেটতো এক লজ্জাজনক নিদৰ্শন দাঙি ধৰিলে।

বাছ ডি লিডে অষ্ট্ৰেলিয়াৰ মিক লুইছৰ অভিলেখ ভংগ কৰে। ২০০৬ চনৰ ২২ মাৰ্চত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লুইছে ১১৩ ৰান খৰচ কৰে। অষ্ট্ৰেলিয়াৰ বেগী বলাৰগৰাকীয়ে সেই মেচত এটাও উইকেট নাপাইছিল। তেওঁৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ স্পিনাৰ এডাম জাম্পা। যোৱা ১৫ ছেপ্টেম্বৰত চেঞ্চুৰিয়ানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও ১১৩ ৰান খৰচ কৰিছিল। সেই মেচতো জাম্পাই কোনো উইকেট নাপালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ