--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী ক্ৰিকেটাৰৰ ভাৰতীয় ক্ৰিকেট পৰিবেশৰ অভিজ্ঞতা নাই। দুয়োখন দেশৰ ৰাজনৈতিক বিবাদৰ বাবে বন্ধ দ্বিপাক্ষিক ধাৰাবাহিক। এই বিশ্বকাপৰ আগতে বাবৰ আজমেৰা কেতিয়াও ভাৰতলৈ খেলিবলৈ অহা নাছিল। গতিকে পাকিস্তানী ক্ৰিকেটাৰসকলৰ বাবে সকলো নতুন যেন লাগিছে।

পাকিস্তানী ক্ৰিকেটাৰসকলে ভাৰতৰ বিভিন্ন চহৰত বিভিন্ন অভিজ্ঞতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাৰ পূৰ্বে পাকিস্তানৰ অধিনায়ক বাবৰে এই বিষয়ে মুকলিকৈ কয়। তেওঁ কয়, ‘আমি প্ৰথমবাৰৰ বাবে ভাৰতত খেলিবলৈ আহিছো। ভাৰতীয় খেলপথাৰত আমি খেলাৰ সুযোগ নাপাওঁ। ইয়াৰ প্ৰতিটো পথাৰ বেলেগ বেলেগ। উইকেটটো বেলেগ। প্ৰতিখন ষ্টেডিয়ামৰ পৰিৱেশ বেলেগ বেলেগ। গতিকে আমি সকলোতে গৈ উপভোগ কৰিবলৈ চেষ্টা কৰোঁ।''

বাবৰে কয় যে এতিয়ালৈকে তেওঁলোকৰ ভাৰত ভ্ৰমণৰ অভিজ্ঞতা অতি ভাল। এই দেশত তেনে সমস্যা নাছিল। মন কৰিবলগীয়া যে ২০১৬ চনত শেষবাৰৰ বাবে পাকিস্তান দল ভাৰতলৈ আহিছিল টি-২০ বিশ্বকাপ খেলিবলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ