--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী ক্ৰিকেটাৰৰ ভাৰতীয় ক্ৰিকেট পৰিবেশৰ অভিজ্ঞতা নাই। দুয়োখন দেশৰ ৰাজনৈতিক বিবাদৰ বাবে বন্ধ দ্বিপাক্ষিক ধাৰাবাহিক। এই বিশ্বকাপৰ আগতে বাবৰ আজমেৰা কেতিয়াও ভাৰতলৈ খেলিবলৈ অহা নাছিল। গতিকে পাকিস্তানী ক্ৰিকেটাৰসকলৰ বাবে সকলো নতুন যেন লাগিছে।

পাকিস্তানী ক্ৰিকেটাৰসকলে ভাৰতৰ বিভিন্ন চহৰত বিভিন্ন অভিজ্ঞতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ মুখামুখি হোৱাৰ পূৰ্বে পাকিস্তানৰ অধিনায়ক বাবৰে এই বিষয়ে মুকলিকৈ কয়। তেওঁ কয়, ‘আমি প্ৰথমবাৰৰ বাবে ভাৰতত খেলিবলৈ আহিছো। ভাৰতীয় খেলপথাৰত আমি খেলাৰ সুযোগ নাপাওঁ। ইয়াৰ প্ৰতিটো পথাৰ বেলেগ বেলেগ। উইকেটটো বেলেগ। প্ৰতিখন ষ্টেডিয়ামৰ পৰিৱেশ বেলেগ বেলেগ। গতিকে আমি সকলোতে গৈ উপভোগ কৰিবলৈ চেষ্টা কৰোঁ।''

বাবৰে কয় যে এতিয়ালৈকে তেওঁলোকৰ ভাৰত ভ্ৰমণৰ অভিজ্ঞতা অতি ভাল। এই দেশত তেনে সমস্যা নাছিল। মন কৰিবলগীয়া যে ২০১৬ চনত শেষবাৰৰ বাবে পাকিস্তান দল ভাৰতলৈ আহিছিল টি-২০ বিশ্বকাপ খেলিবলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ