--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত হ’ল হাৰ্ডিক পাণ্ডিয়া। গোটেই অভাৰটো বলিং নকৰাকৈয়ে খেলপথাৰ এৰিব লগা হৈছিল। বিৰাট কোহলিয়ে হাৰ্দিকৰ অভাৰৰ অন্ত পেলায়। পুনেত খেলপথাৰৰ পৰা ওলাই অহা দেখা গ’ল হাৰ্দিকক।

২০১৮ চনতো খেলি থকাৰ সময়তে তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। আকৌ এবাৰ ঘটিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ তথ্য অনুসৰি হাৰ্দিকক স্কেনৰ বাবে লৈ যোৱা হৈছে।

নৱম অভাৰত বলিং কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হয় হাৰ্দিক। তেওঁৰ বলটো লিটন দাসে ষ্ট্ৰেইট ড্ৰাইভত শ্বট মাৰে। ভৰিৰে বলটো ব্লক কৰিবলৈ গৈছিল হাৰ্দিক। সেই সময়তে তেওঁ পৰি যায়। হাৰ্দিকৰ গোটেই শৰীৰৰ ওজন ভৰিৰ ওপৰত পৰিল। তাৰ বাবেই ভাৰতীয় অলৰাউণ্ডাৰগৰাকী আঘাতপ্ৰাপ্ত হয়। তেওঁ অভাৰটো সম্পূৰ্ণ কৰিব নোৱাৰিলে।

২০১৮ চনত এছিয়া কাপ খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল হাৰ্দিক। সেইবাৰ পিঠিত আঘাত পাইছিল। সেই আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ ঘূৰি আহিবলৈ হাৰ্দিকক কেইবাবছৰ সময় লাগিছিল। যোৱা বছৰ আই পি এললৈ ঘূৰি আহিছিল। তেতিয়াৰ পৰাই তেওঁ বেটিং আৰু বলিং দুয়োটাকে সমানে কৰিছিল। এইবাৰ ভৰিত আঘাত পাইছে হাৰ্দিকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ