--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৭৫ চনৰ প্ৰথম বিশ্বকাপত দেখা গৈছিল। ২০২৩ চনত দ্বিতীয়বাৰৰ বাবে সেয়া দেখা গৈছে। বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৪৮ বছৰীয়া খৰাং পৰিস্থিতি ভংগ কৰিলে নিউজিলেণ্ডে। ভাৰতৰ বিৰুদ্ধে পুনৰ এজন কিউই বেটছমেনে বিশ্বকাপত শতক অৰ্জন কৰে।

১৯৭৫ চনৰ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে গ্লেন টাৰ্নাৰে শতক অৰ্জন কৰিছিল। সেই শতকটো আহিছিল মানচেষ্টাৰৰ মেচত। তাৰ পিছৰ পৰা কোনো নিউজিলেণ্ডৰ বেটছমেনে ভাৰতৰ বিৰুদ্ধে কোনো বিশ্বকাপত শতক অৰ্জন কৰিব পৰা নাই। মিচেলে সেই ধাৰাটো ভাঙি পেলালে। ৪৮ বছৰৰ পাছত ভাৰতৰ বিৰুদ্ধে শতক অর্জন কৰে৷

বিশ্বকাপত মিচেলৰ এয়া প্ৰথম শতক। এদিনীয়াত এয়া তেওঁৰ পঞ্চমটো। ৰাজস্থান ৰয়েলছৰ বেটছমেন এই বিশ্বকাপত ভাল ফৰ্মত আছে। হায়দৰাবাদত নেদাৰলেণ্ডৰ বিৰুদ্ধে তেওঁ ৪৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত চেন্নাইৰ স্পিন এচিষ্টেড পিটচত বাংলাদেশৰ বিৰুদ্ধে ৮৯ ৰানত অপৰাজিত হয়। বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা প্ৰথম পাঁচজন বেটছমেনৰ তালিকাত তেওঁৰ নাম আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত