--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় প্ৰাক্তন অধিনায়ক বিষান সিং বেদীৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। সোমবাৰে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

১৯৬৭ চনৰ পৰা ১৯৭৯ চনলৈ ভাৰতৰ হৈ বেদীয়ে ৬৭খন টেষ্ট আৰু ১০খন এদিনীয়া খেলিছিল। টেষ্টত তেওঁ ২৬৬টা উইকেট দখল কৰে। এদিনীয়া ক্ৰিকেটত তেওঁৰ উইকেটৰ সংখ্যা ৭।

১৯৭৬ চনত মনছুৰ আলী খান পাটৌদিৰ পাছত বেদী ভাৰতৰ অধিনায়ক হৈছিল। অৱসৰৰ পিছত ভাৰতৰ অধিনায়ক হৈছিল সুনীল গাওস্কৰ।

ভাৰতৰ স্পিন আক্ৰমণৰ উত্থানত বেদীৰ ভূমিকা আছিল যথেষ্ট। এৰাপল্লী প্ৰসন্ন আৰু বি চন্দ্ৰশেখৰৰ সৈতে বেদীয়ে এটা শক্তিশালী স্পিন বিভাগ গঠন কৰে। সত্তৰ আৰু আশীৰ দশকৰ ভাৰতীয় দলৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ আছিল তেওঁলোক।

ভাৰতৰ প্ৰথম এদিনীয়া জয়ৰ নায়ক আছিল বেদী। ১৯৭৫ চনৰ পূব আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপত তেওঁ মাত্ৰ ৬ ৰানত ১২ অভাৰত ৮ মেডেন লৈ ১ উইকেট দখল কৰিছিল। তেওঁৰ প্ৰভাৱতেই ভাৰতে পূব আফ্ৰিকাক ১২০ ৰানত সীমাবদ্ধ কৰিব পাৰিছিল।

১৯৭৭-৭৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল বেদীৰ নেতৃত্বত। যদিও ৫ মেচৰ শৃংখলাত ভাৰত ২-৩ গ’লত পৰাস্ত হৈছিল, তথাপিও ভাৰতে বিদেশৰ মাটিত প্ৰথমবাৰৰ বাবে যুঁজ দিছিল। সেই সময়ত ঘৰুৱা ক্ষেত্ৰত বব চিম্পছনৰ অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো সহজ নাছিল।

১৯৪৬ চনৰ ২৫ ছেপ্টেম্বৰত পঞ্জাৱৰ অমৃতসৰত বেদীৰ জন্ম হৈছিল। ১৫ বছৰ বয়সৰ পৰাই উত্তৰ পঞ্জাৱৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। ১৯৬৮-৬৯ ছিজনত তেওঁ দিল্লীত যোগদান কৰে। শেষলৈকে তাতেই খেলিছিল।

১৯৭৮-৭৯ আৰু ১৯৭৯-৮০ ছিজনতো তেওঁ দিল্লীৰ অধিনায়কত্ব কৰিছিল। তেওঁৰ নেতৃত্বত দিল্লীয়ে ৰঞ্জী ট্ৰফীত দুবাৰকৈ ৰানাৰ্ছ আপ হয়। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত বেদীয়ে ৩৭০খন খেলত ১৫৬০টা উইকেট দখল কৰে।

ইংলেণ্ডৰ পৰিৱেশত বেদী যথেষ্ট সফল হৈছিল। তেওঁৰ কাউন্টি কেৰিয়াৰে নিজৰ কথা কয়। ১৯৭২ চনৰ পৰা ১৯৭৭ চনৰ ভিতৰত নৰ্থাম্পটনশ্বাইৰৰ হৈ ১০২খন মেচত ৪৩৪টা উইকেট দখল কৰিছিল বাওঁহাতৰ স্পিনাৰগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক