--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপত পৰাস্ত হয় পাকিস্তান। যুঁজ দিয়াৰ পিছতো শেষত বেটিং পতনৰ বাবে জয়ী হ’ব নোৱাৰিলে পাকিস্তানে। মহম্মদ ৰিজৱান আউট হোৱাৰ লগে লগে পাকিস্তানৰ আশাৰ অন্ত পৰিল। দলটো পৰাস্ত হ’লেও ৰিজৱানে ৪৬ ৰানৰ ইনিংছ খেলিছিল। সেইবাবেই তেওঁ বিশ্বকাপৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানে ৩৬৮ ৰানৰ লক্ষ্য লৈ ৩০৫ ৰানতে ইনিংছৰ অন্ত পেলায়। কিন্তু ৰিজৱানে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক আঁতৰাই বিশ্বকাপৰ সৰ্বাধিক ৰাণ সংগ্ৰহত শীৰ্ষস্থান দখল কৰে। ৰিজৱানে চাৰিখন মেচত মুঠ ২৯৪ ৰান সংগ্ৰহ কৰিছে। এটা শতক আৰু এটা অৰ্ধশতক অৰ্জন কৰিলে।

ৰোহিতৰ ৰান ২৬৫ ৰান। তেওঁৰো আছে এটা শতক আৰু অৰ্ধশতক। ২৫৯ ৰানেৰে তিনি নম্বৰ স্থানত আছে কোহলি। শীৰ্ষ পাঁচটা স্থানৰ আন দুজন বেটছমেন হৈছে ডেভন কনৱে (২৪৯) আৰু কুইণ্টন ডি কক (২২৯)।

সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত শীৰ্ষত আছে এজন কিউই। মিচেল ছাণ্টনাৰে চাৰিখন মেচত ১১টা উইকেট দখল কৰিছে। দ্বিতীয় স্থানত আছে ১০টা উইকেট দখল কৰা ভাৰতৰ যশপ্ৰীত বুমৰাহ। ইয়াৰ পিছতে নিউজিলেণ্ডৰ মেট হেনৰী, শ্বাহীন আফ্ৰিদি আৰু এডাম জাম্পা। তিনিওগৰাকী বলাৰৰ চাৰিখন মেচত ৯টাকৈ উইকেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ