--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপত পৰাস্ত হয় পাকিস্তান। যুঁজ দিয়াৰ পিছতো শেষত বেটিং পতনৰ বাবে জয়ী হ’ব নোৱাৰিলে পাকিস্তানে। মহম্মদ ৰিজৱান আউট হোৱাৰ লগে লগে পাকিস্তানৰ আশাৰ অন্ত পৰিল। দলটো পৰাস্ত হ’লেও ৰিজৱানে ৪৬ ৰানৰ ইনিংছ খেলিছিল। সেইবাবেই তেওঁ বিশ্বকাপৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানে ৩৬৮ ৰানৰ লক্ষ্য লৈ ৩০৫ ৰানতে ইনিংছৰ অন্ত পেলায়। কিন্তু ৰিজৱানে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক আঁতৰাই বিশ্বকাপৰ সৰ্বাধিক ৰাণ সংগ্ৰহত শীৰ্ষস্থান দখল কৰে। ৰিজৱানে চাৰিখন মেচত মুঠ ২৯৪ ৰান সংগ্ৰহ কৰিছে। এটা শতক আৰু এটা অৰ্ধশতক অৰ্জন কৰিলে।

ৰোহিতৰ ৰান ২৬৫ ৰান। তেওঁৰো আছে এটা শতক আৰু অৰ্ধশতক। ২৫৯ ৰানেৰে তিনি নম্বৰ স্থানত আছে কোহলি। শীৰ্ষ পাঁচটা স্থানৰ আন দুজন বেটছমেন হৈছে ডেভন কনৱে (২৪৯) আৰু কুইণ্টন ডি কক (২২৯)।

সৰ্বাধিক উইকেট দখলকাৰীৰ তালিকাত শীৰ্ষত আছে এজন কিউই। মিচেল ছাণ্টনাৰে চাৰিখন মেচত ১১টা উইকেট দখল কৰিছে। দ্বিতীয় স্থানত আছে ১০টা উইকেট দখল কৰা ভাৰতৰ যশপ্ৰীত বুমৰাহ। ইয়াৰ পিছতে নিউজিলেণ্ডৰ মেট হেনৰী, শ্বাহীন আফ্ৰিদি আৰু এডাম জাম্পা। তিনিওগৰাকী বলাৰৰ চাৰিখন মেচত ৯টাকৈ উইকেট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত