--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বহীন শ্বাহ আফ্ৰিদীয়ে বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ প্ৰথমগৰাকী পেচাৰ হিচাপে নজিৰ গঢ়ি তুলিছিল। শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৪ ৰানত ৫ উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই ৯টা উইকেটত ৩৬৭ ৰান সংগ্ৰহ কৰে।

বিশ্বকাপৰ দুখন এদিনীয়া মেচত ৫ বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন পাকিস্তানী পেচাৰ হিচাপে পৰিগণিত হয় শ্বাহীন। বিশ্বকাপৰ এখন খেলত মুঠ পাঁচজন পাকিস্তানী পেচাৰে ৫টা বা তাতকৈ অধিক উইকেট দখল কৰিছে। শ্বাহীনৰ বাহিৰে সকলোৰে এই কৃতিত্ব এবাৰকৈ।

বাওঁহাতৰ বেগী বলাৰগৰাকীয়ে শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ খেলত দ্বিতীয়বাৰৰ বাবে ৫ বা তাতকৈ অধিক উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছে। বিশ্বকাপত ৫টা উইকেট দখল কৰা প্ৰথমজন পাকিস্তানী পেচাৰ আছিল ৱাছিম ​​আক্ৰাম। ২০০৩ চনৰ বিশ্বকাপত নামিবিয়াৰ বিৰুদ্ধে ২৮ ৰানত ৫ উইকেট দখল কৰিছিল পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।

২০১১ চনৰ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৪৬ ৰানেৰে ৫টা উইকেট দখল কৰিছিল ৱাহাব ৰিয়াজে। ২০১৫ চনৰ বিশ্বকাপতো ভাৰতৰ বিৰুদ্ধে ৫৫ ৰানেৰে ৫টা উইকেট দখল কৰিছিল সোহেইল খানে। ২০১৯ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহম্মদ আমিৰে ৩০ ৰানত ৫টা উইকেট দখল কৰিছিল। সেইবাৰ বাংলাদেশৰ বিৰুদ্ধে ৩৫ ৰানত ৬ উইকেট দখল কৰিছিল শ্বাহীনে। শুকুৰবাৰে তেওঁ দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ এখন খেলত ৫টা উইকেট দখল কৰে।

ৱান ডে বিশ্বকাপতো পাকিস্তানৰ হৈ সৰ্বশ্ৰেষ্ঠ বলিং অভিলেখ আছে শ্বাহীনে। ২০১৯ চনৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ৬ টা উইকেট দখল কৰিছিল। বিশ্বকাপৰ এখন খেলত এতিয়ালৈকে পাকিস্তানী বলাৰ এজনে ৫টাতকৈ অধিক উইকেট দখল কৰাৰ এইটোৱেই একমাত্ৰ দৃষ্টান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক