--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বহীন শ্বাহ আফ্ৰিদীয়ে বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ প্ৰথমগৰাকী পেচাৰ হিচাপে নজিৰ গঢ়ি তুলিছিল। শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫৪ ৰানত ৫ উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই ৯টা উইকেটত ৩৬৭ ৰান সংগ্ৰহ কৰে।

বিশ্বকাপৰ দুখন এদিনীয়া মেচত ৫ বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন পাকিস্তানী পেচাৰ হিচাপে পৰিগণিত হয় শ্বাহীন। বিশ্বকাপৰ এখন খেলত মুঠ পাঁচজন পাকিস্তানী পেচাৰে ৫টা বা তাতকৈ অধিক উইকেট দখল কৰিছে। শ্বাহীনৰ বাহিৰে সকলোৰে এই কৃতিত্ব এবাৰকৈ।

বাওঁহাতৰ বেগী বলাৰগৰাকীয়ে শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ খেলত দ্বিতীয়বাৰৰ বাবে ৫ বা তাতকৈ অধিক উইকেট দখল কৰাৰ নজিৰ গঢ়ি তুলিছে। বিশ্বকাপত ৫টা উইকেট দখল কৰা প্ৰথমজন পাকিস্তানী পেচাৰ আছিল ৱাছিম ​​আক্ৰাম। ২০০৩ চনৰ বিশ্বকাপত নামিবিয়াৰ বিৰুদ্ধে ২৮ ৰানত ৫ উইকেট দখল কৰিছিল পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।

২০১১ চনৰ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৪৬ ৰানেৰে ৫টা উইকেট দখল কৰিছিল ৱাহাব ৰিয়াজে। ২০১৫ চনৰ বিশ্বকাপতো ভাৰতৰ বিৰুদ্ধে ৫৫ ৰানেৰে ৫টা উইকেট দখল কৰিছিল সোহেইল খানে। ২০১৯ৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মহম্মদ আমিৰে ৩০ ৰানত ৫টা উইকেট দখল কৰিছিল। সেইবাৰ বাংলাদেশৰ বিৰুদ্ধে ৩৫ ৰানত ৬ উইকেট দখল কৰিছিল শ্বাহীনে। শুকুৰবাৰে তেওঁ দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ এখন খেলত ৫টা উইকেট দখল কৰে।

ৱান ডে বিশ্বকাপতো পাকিস্তানৰ হৈ সৰ্বশ্ৰেষ্ঠ বলিং অভিলেখ আছে শ্বাহীনে। ২০১৯ চনৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ৬ টা উইকেট দখল কৰিছিল। বিশ্বকাপৰ এখন খেলত এতিয়ালৈকে পাকিস্তানী বলাৰ এজনে ৫টাতকৈ অধিক উইকেট দখল কৰাৰ এইটোৱেই একমাত্ৰ দৃষ্টান্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ