--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব৷এইবাৰৰ এদিনীয়া বিশ্বকাপ ২০২৩ অনুষ্ঠিত হৈছে ভাৰতত৷বিশ্বকাপত অংশগ্ৰহণ কৰা ৮টা দলে পাঁচখনকৈ খেলত অৱতীৰ্ণ হৈছে। বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে টীম ইণ্ডিয়া। পইণ্ট টেবুলৰ স্থানলৈ চালে ছেমি ফাইনেলত ভাৰতৰ উপস্থিতি প্ৰায় সুস্পষ্ট হৈ পৰিছে।ভাৰতৰ হাততেই সৰ্বাধিক পইণ্ট আছে আৰু ছেমি ফাইনেললৈ ভাৰত যোৱাটো প্ৰায় নিশ্চিত। ভাৰতৰ লগতে আন দুটা দল ছেমি ফাইনেলৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী।এতিয়া ছেমি ফাইনেলত উপনীত হ’বলগীয়ি চতুৰ্থটো দল কোন হ’ব সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত আছে।

ভাৰতৰ সমান্তৰালকৈ দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডেও ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰবল। ভাৰতে ৫ খন খেলৰ আটাইকেইখন খেলতে জয়লাভ কৰিছে।ভাৰতৰ হাতত ১০ পইণ্ট আছে। টীম ইণ্ডিয়াৰ নেট ৰান ৰেট হৈছে +১.৩৫৩। আনহাতে দক্ষিণ আফ্ৰিকাই ৫খন মেচ খেলি চাৰিখনত জয়ী হৈছে। তেওঁলোকৰ হাতত আছে ৮ পইণ্ট। দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +২.৩৭০। এয়া সকলো দলতকৈ বেছি। নিউজিলেণ্ডেও তালিকাত ৮ পইণ্ট লাভ কৰিছে। কিন্তু দলটোৰ নেট ৰান ৰেট দক্ষিণ আফ্ৰিকাতকৈ কম। এই কাৰণেই দলটো তিনি নম্বৰ স্থানত আছে। এই তিনিটা দল ছেমি ফাইনেলৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী।

অষ্ট্ৰেলিয়াই এতিয়ালৈকে ৫খন মেচ খেলি ৩খনত জয়লাভ কৰিছে। কেংগেৰুবাহিনীৰ হাতত ৬ পইণ্ট আছে। বৰ্তমান অষ্ট্ৰেলিয়াৰ দলটো চতুৰ্থ স্থানত আছে। পাকিস্তান আৰু আফগানিস্তানে ২ পইণ্টকৈ লাভ কৰিছে। এই দুয়োটা দলে পাঁচখনকৈ মেচ খেলি দুখনকৈ মেচত জয়লাভ কৰিছে। ছেমি ফাইনেলৰ বাবে এই তিনিওখনৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা। ইয়াৰ বাহিৰেও শ্ৰীলংকা, ইংলেণ্ড, বাংলাদেশ আৰু নেদাৰলেণ্ডে দুটাকৈ পইণ্ট লাভ কৰিছে।তদুপৰি শ্ৰীলংকা আৰু ইংলেণ্ডে মাত্ৰ চাৰিখন মেচহে খেলিছে।

উল্লেখযোগ্য যে টীম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ইংলেণ্ডৰ বিৰুদ্ধে। ইয়াৰ পাছত ভাৰতে শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান