--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব৷এইবাৰৰ এদিনীয়া বিশ্বকাপ ২০২৩ অনুষ্ঠিত হৈছে ভাৰতত৷বিশ্বকাপত অংশগ্ৰহণ কৰা ৮টা দলে পাঁচখনকৈ খেলত অৱতীৰ্ণ হৈছে। বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে টীম ইণ্ডিয়া। পইণ্ট টেবুলৰ স্থানলৈ চালে ছেমি ফাইনেলত ভাৰতৰ উপস্থিতি প্ৰায় সুস্পষ্ট হৈ পৰিছে।ভাৰতৰ হাততেই সৰ্বাধিক পইণ্ট আছে আৰু ছেমি ফাইনেললৈ ভাৰত যোৱাটো প্ৰায় নিশ্চিত। ভাৰতৰ লগতে আন দুটা দল ছেমি ফাইনেলৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী।এতিয়া ছেমি ফাইনেলত উপনীত হ’বলগীয়ি চতুৰ্থটো দল কোন হ’ব সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত আছে।

ভাৰতৰ সমান্তৰালকৈ দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডেও ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰবল। ভাৰতে ৫ খন খেলৰ আটাইকেইখন খেলতে জয়লাভ কৰিছে।ভাৰতৰ হাতত ১০ পইণ্ট আছে। টীম ইণ্ডিয়াৰ নেট ৰান ৰেট হৈছে +১.৩৫৩। আনহাতে দক্ষিণ আফ্ৰিকাই ৫খন মেচ খেলি চাৰিখনত জয়ী হৈছে। তেওঁলোকৰ হাতত আছে ৮ পইণ্ট। দক্ষিণ আফ্ৰিকাৰ নেট ৰান ৰেট হৈছে +২.৩৭০। এয়া সকলো দলতকৈ বেছি। নিউজিলেণ্ডেও তালিকাত ৮ পইণ্ট লাভ কৰিছে। কিন্তু দলটোৰ নেট ৰান ৰেট দক্ষিণ আফ্ৰিকাতকৈ কম। এই কাৰণেই দলটো তিনি নম্বৰ স্থানত আছে। এই তিনিটা দল ছেমি ফাইনেলৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বী।

অষ্ট্ৰেলিয়াই এতিয়ালৈকে ৫খন মেচ খেলি ৩খনত জয়লাভ কৰিছে। কেংগেৰুবাহিনীৰ হাতত ৬ পইণ্ট আছে। বৰ্তমান অষ্ট্ৰেলিয়াৰ দলটো চতুৰ্থ স্থানত আছে। পাকিস্তান আৰু আফগানিস্তানে ২ পইণ্টকৈ লাভ কৰিছে। এই দুয়োটা দলে পাঁচখনকৈ মেচ খেলি দুখনকৈ মেচত জয়লাভ কৰিছে। ছেমি ফাইনেলৰ বাবে এই তিনিওখনৰ মাজত হ’ব কঠিন প্ৰতিযোগিতা। ইয়াৰ বাহিৰেও শ্ৰীলংকা, ইংলেণ্ড, বাংলাদেশ আৰু নেদাৰলেণ্ডে দুটাকৈ পইণ্ট লাভ কৰিছে।তদুপৰি শ্ৰীলংকা আৰু ইংলেণ্ডে মাত্ৰ চাৰিখন মেচহে খেলিছে।

উল্লেখযোগ্য যে টীম ইণ্ডিয়াৰ পৰৱৰ্তী মেচ ইংলেণ্ডৰ বিৰুদ্ধে। ইয়াৰ পাছত ভাৰতে শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক