--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ পাটন জিলাৰ পৰা পোহৰলৈ আহিছে এক বেদনাদায়ক খবৰ। দেওবাৰে চানাছমাৰ ভাদাভাল গাঁৱৰ বিলত প্ৰাণ হেৰুৱাইছে চাৰি শিশুৰ লগতে এগৰাকী মহিলাই। ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পি পৰিছে।

এই শোকাৱহ ঘটনাত নিহত লোককেইজনক ছিমৰন চিপায় (১৩), মেহৰা মালেক (৯), আব্দুল মালেক (১০), সোহেইল কুৰেছী (১৬) আৰু ফিৰোজা মালেক (৩২) বুলি চিনাক্ত কৰা হৈছে। ইফালে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।


আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, বিলৰ কাষত তেওঁলোকৰ ছাগলী চৰাই থকাৰ সময়তে পাঁচজন ব্যক্তিৰ ভিতৰত এজন শিশু বিলখনত পৰি যায়। পানীত পৰা শিশুটিৰ প্ৰাণ ৰক্ষা কৰাৰ উদ্দেশ্যে এজন এজনকৈ আনকেইটি শিশু আৰু মহিলাগৰাকীয়েও বিলত জাঁপ দিয়ে ৷

আনহাতে ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় বহু লোক সেই স্থানত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে শিশু চাৰিটা আৰু মহিলাগৰাকীক পানীৰ পৰা উদ্ধাৰ কৰে। আটাইকেইজনকে লগে লগে চানাছমা কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় কিন্তু চিকিৎসকে পাঁচজনকে মৃত ঘোষণা কৰে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post