--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ পাটন জিলাৰ পৰা পোহৰলৈ আহিছে এক বেদনাদায়ক খবৰ। দেওবাৰে চানাছমাৰ ভাদাভাল গাঁৱৰ বিলত প্ৰাণ হেৰুৱাইছে চাৰি শিশুৰ লগতে এগৰাকী মহিলাই। ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিয়পি পৰিছে।

এই শোকাৱহ ঘটনাত নিহত লোককেইজনক ছিমৰন চিপায় (১৩), মেহৰা মালেক (৯), আব্দুল মালেক (১০), সোহেইল কুৰেছী (১৬) আৰু ফিৰোজা মালেক (৩২) বুলি চিনাক্ত কৰা হৈছে। ইফালে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।


আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, বিলৰ কাষত তেওঁলোকৰ ছাগলী চৰাই থকাৰ সময়তে পাঁচজন ব্যক্তিৰ ভিতৰত এজন শিশু বিলখনত পৰি যায়। পানীত পৰা শিশুটিৰ প্ৰাণ ৰক্ষা কৰাৰ উদ্দেশ্যে এজন এজনকৈ আনকেইটি শিশু আৰু মহিলাগৰাকীয়েও বিলত জাঁপ দিয়ে ৷

আনহাতে ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় বহু লোক সেই স্থানত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে শিশু চাৰিটা আৰু মহিলাগৰাকীক পানীৰ পৰা উদ্ধাৰ কৰে। আটাইকেইজনকে লগে লগে চানাছমা কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় কিন্তু চিকিৎসকে পাঁচজনকে মৃত ঘোষণা কৰে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ