--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা এক গাইডলাইন অনুসৰি 'ChatGPT' আৰু 'DeepSec'ৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ্লিকেচন অফিচৰ কম্পিউটাৰ বা অন্য ডিভাইচত ব্যৱহাৰ কৰিব নোৱাৰিব। এই এপসমূহৰ জড়িয়তে চৰকাৰী নথি-পত্ৰ ফাদিল হোৱাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰে। সেয়ে বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ সকলো কাৰ্যালয়ৰ কৰ্মচাৰীক এই এপ সমূহ ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে। প্ৰসংগক্ৰমে বুধবাৰে ‘ChatGPT’ৰ মুৰব্বী ছেম অল্টমেনে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে।

বিত্ত মন্ত্ৰালয়ৰ এই  নিৰ্দেশনাত স্বাক্ষৰ কৰিছে যুটীয়া সম্পাদক প্ৰদীপ কুমাৰ সিঙে। নিৰ্দেশত তেওঁ উল্লেখ কৰে যে এই সিদ্ধান্ত বিত্ত সচিবৰ অনুমতি সাপেক্ষে লোৱা হৈছে। কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত এপ্লিকেচন ব্যৱহাৰ কৰিলে চৰকাৰী গোপনীয় নথি-পত্ৰ আৰু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰালয়ে মত পৰ্কাশ কৰিছে। গাইডলাইনত উল্লেখ কৰা হৈছে যে এই এপসমূহে গোপনীয় তথ্য আৰু নথি-পত্ৰৰ ক্ষেত্ৰত বিপদ মাতিব পাৰে। ২৯ জানুৱাৰীত জাৰি কৰা এই গাইডলাইন বুধবাৰে ৰাজহুৱা কৰা হয়। চৰকাৰী কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত এপ্লিকেচন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ বাহিৰে আন দেশতো এই সতৰ্কতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু ইটালীয়েও চৰকাৰী কামত DeepSec ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

প্ৰসংগক্ৰমে বুধবাৰে ভাৰতত উপস্থিত হয় ‘ChatGPT’ নিৰ্মাণ কৰা কোম্পানী অ’পেন এআইৰ মুৰব্বী ছেম অল্টমেন। কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনীৰ সৈতে বৈঠকত মিলিত হয়। দুয়োজনে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে। বৈঠকৰ অন্তত বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীৰ বাবে এই গাইডলাইন ৰাজহুৱা কৰে। অৱশ্যে কেৱল বিত্ত মন্ত্ৰালয়ৰ ক্ষেত্ৰতে এনে সিদ্ধান্ত লোৱা হৈছে নে কেন্দ্ৰ আন আন বিভাগতো এই নিশেধাজ্ঞা আৰোপ কৰা হৈছে এই সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ