--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা এক গাইডলাইন অনুসৰি 'ChatGPT' আৰু 'DeepSec'ৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ্লিকেচন অফিচৰ কম্পিউটাৰ বা অন্য ডিভাইচত ব্যৱহাৰ কৰিব নোৱাৰিব। এই এপসমূহৰ জড়িয়তে চৰকাৰী নথি-পত্ৰ ফাদিল হোৱাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰ চৰকাৰে। সেয়ে বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ সকলো কাৰ্যালয়ৰ কৰ্মচাৰীক এই এপ সমূহ ব্যৱহাৰ কৰাত বাধা আৰোপ কৰা হৈছে। প্ৰসংগক্ৰমে বুধবাৰে ‘ChatGPT’ৰ মুৰব্বী ছেম অল্টমেনে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে।

বিত্ত মন্ত্ৰালয়ৰ এই  নিৰ্দেশনাত স্বাক্ষৰ কৰিছে যুটীয়া সম্পাদক প্ৰদীপ কুমাৰ সিঙে। নিৰ্দেশত তেওঁ উল্লেখ কৰে যে এই সিদ্ধান্ত বিত্ত সচিবৰ অনুমতি সাপেক্ষে লোৱা হৈছে। কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত এপ্লিকেচন ব্যৱহাৰ কৰিলে চৰকাৰী গোপনীয় নথি-পত্ৰ আৰু তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰালয়ে মত পৰ্কাশ কৰিছে। গাইডলাইনত উল্লেখ কৰা হৈছে যে এই এপসমূহে গোপনীয় তথ্য আৰু নথি-পত্ৰৰ ক্ষেত্ৰত বিপদ মাতিব পাৰে। ২৯ জানুৱাৰীত জাৰি কৰা এই গাইডলাইন বুধবাৰে ৰাজহুৱা কৰা হয়। চৰকাৰী কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰে চালিত এপ্লিকেচন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ বাহিৰে আন দেশতো এই সতৰ্কতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়া আৰু ইটালীয়েও চৰকাৰী কামত DeepSec ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

প্ৰসংগক্ৰমে বুধবাৰে ভাৰতত উপস্থিত হয় ‘ChatGPT’ নিৰ্মাণ কৰা কোম্পানী অ’পেন এআইৰ মুৰব্বী ছেম অল্টমেন। কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনীৰ সৈতে বৈঠকত মিলিত হয়। দুয়োজনে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে। বৈঠকৰ অন্তত বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীৰ বাবে এই গাইডলাইন ৰাজহুৱা কৰে। অৱশ্যে কেৱল বিত্ত মন্ত্ৰালয়ৰ ক্ষেত্ৰতে এনে সিদ্ধান্ত লোৱা হৈছে নে কেন্দ্ৰ আন আন বিভাগতো এই নিশেধাজ্ঞা আৰোপ কৰা হৈছে এই সন্দৰ্ভত কোনো স্পষ্ট তথ্য নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post