--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লৱেৰ বাবে ২.৫২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে ২০২৫-২৬ চনৰ বাজেটত৷ লগতে ১৭,৫০০ জেনেৰেল ডবা, ২০০ খন বন্দে ভাৰত আৰু ১০০ খন অমৃত ভাৰত ৰে’ল নিৰ্মাণৰ প্ৰকল্পত অনুমোদন প্ৰদান কৰিছে বুলি জনাইছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া কৈ ৪.৬ লাখ কোটি টকাৰ নতুন প্ৰকল্প বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰকল্পসমূহ  চাৰি-পাঁচ বছৰত সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে, অহা দুই-তিনি বছৰত ১০০ খন অমৃত ভাৰত, ৫০ খন নমো ভাৰত আৰু ২০০ খন বন্দে ভাৰত নিৰ্মাণ কৰা হ’ব। সাধাৰণ ডবা সন্দৰ্ভত বৈষ্ণৱে কয় অনাগত সময়ত এনে ১৭,৫০০ টা ডবা নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে।

ইতিমধ্যে সাধাৰণ ডবা নিৰ্মাণৰ কাম চলি আছে আৰু ৩১ মাৰ্চৰ শেষৰ ফালে আৰু ১৪০০ এনে ডবা নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে আৰু ৩১ মাৰ্চৰ ভিতৰত ১.৬ বিলিয়ন টন মাল কঢ়িয়াই নিয়াৰ ক্ষমতাৰে ভাৰতীয় ৰে’লৱে বিশ্বৰ দ্বিতীয় বৃহত্তম মাল কঢ়িয়াই নিয়া ৰে’লৱে হ’ব বুলিও উল্লেখ কৰে ৰে’লমন্ত্ৰী গৰাকীয়ে।

এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে ৰে’লপথত ১০০ শতাংশ বিদ্যুৎ সংযোগ হ’ব বুলিও উল্লেখ কৰাৰ লগতে বৈষ্ণৱে কয় যে, ইয়াৰ বাবে আবণ্টিত ধন ১.০৮ লাখ কোটি টকাৰ পৰা ১.১৪ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত ইয়াক আৰু আবণ্টিত ধনৰ পৰিমাণ ১.১৬ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ’ব বুলি আশ্বাস  প্ৰদান কৰিছে ৰে’লমন্ত্ৰী গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ