--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লৱেৰ বাবে ২.৫২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে ২০২৫-২৬ চনৰ বাজেটত৷ লগতে ১৭,৫০০ জেনেৰেল ডবা, ২০০ খন বন্দে ভাৰত আৰু ১০০ খন অমৃত ভাৰত ৰে’ল নিৰ্মাণৰ প্ৰকল্পত অনুমোদন প্ৰদান কৰিছে বুলি জনাইছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়া কৈ ৪.৬ লাখ কোটি টকাৰ নতুন প্ৰকল্প বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে আৰু এই প্ৰকল্পসমূহ  চাৰি-পাঁচ বছৰত সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে, অহা দুই-তিনি বছৰত ১০০ খন অমৃত ভাৰত, ৫০ খন নমো ভাৰত আৰু ২০০ খন বন্দে ভাৰত নিৰ্মাণ কৰা হ’ব। সাধাৰণ ডবা সন্দৰ্ভত বৈষ্ণৱে কয় অনাগত সময়ত এনে ১৭,৫০০ টা ডবা নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে।

ইতিমধ্যে সাধাৰণ ডবা নিৰ্মাণৰ কাম চলি আছে আৰু ৩১ মাৰ্চৰ শেষৰ ফালে আৰু ১৪০০ এনে ডবা নিৰ্মাণ কৰা হ’ব বুলি উল্লেখ কৰে আৰু ৩১ মাৰ্চৰ ভিতৰত ১.৬ বিলিয়ন টন মাল কঢ়িয়াই নিয়াৰ ক্ষমতাৰে ভাৰতীয় ৰে’লৱে বিশ্বৰ দ্বিতীয় বৃহত্তম মাল কঢ়িয়াই নিয়া ৰে’লৱে হ’ব বুলিও উল্লেখ কৰে ৰে’লমন্ত্ৰী গৰাকীয়ে।

এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে ৰে’লপথত ১০০ শতাংশ বিদ্যুৎ সংযোগ হ’ব বুলিও উল্লেখ কৰাৰ লগতে বৈষ্ণৱে কয় যে, ইয়াৰ বাবে আবণ্টিত ধন ১.০৮ লাখ কোটি টকাৰ পৰা ১.১৪ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত ইয়াক আৰু আবণ্টিত ধনৰ পৰিমাণ ১.১৬ লাখ কোটি টকালৈ বৃদ্ধি কৰা হ’ব বুলি আশ্বাস  প্ৰদান কৰিছে ৰে’লমন্ত্ৰী গৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post