--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া হোৱাৰ ইতিমধ্যে ১০ পাৰ হ'ল, কিন্তু বিয়াৰ পাছতো দম্পতীয়ে অকণমান সময়ৰ বাবেও আজৰি হোৱা নাই। তেওঁলোক দুয়োজনে সাংঘাটিক পৰিশ্ৰম কৰি আছে, দম্পতীয়ে আনকি হনি-মুনলৈও যাবলৈকে সময় পোৱা নাই। শুনা গৈছে যে অভিনেত্ৰীগৰাকীয়ে বিবাহৰ পাছত হলিউডত আত্মপ্ৰকাশ ।

আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰে ১৪ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছতো, তেওঁলোকৰ মাজত বিভিন্ন প্ৰকাৰৰ ৰীতি-নীতি অব্যাহত আছে। সকলো নৱদম্পতীয়ে বিবাহৰ পাছত মধুচন্দ্রিমাৰ বাবে সময় উলিয়ায়। কিন্তু আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ সঁচাকৈয়ে সকলোতকৈ বেলেগ। বিবাহৰ পাছত, তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি আছে ইয়াৰ মাজতে এইবাৰ, আলিয়াই বিবাহৰ ১০ দিনৰ ভিতৰত এটা ভাল খবৰ পাইছিল।

আলিয়া ভাট বিশ্বৰ শীৰ্ষ পাঁচজন প্ৰভাৱশালীৰ তালিকাত চাৰি নম্বৰত আছে। কেৱল এগৰাকী ভাৰতীয় অভিনেত্ৰী হিচাপেই নহয় শীৰ্ষ পাঁচগৰাকী তালিকাত থকা প্ৰথম এছিয়ান অভিনেত্ৰী হিচাপেও। জেণ্ডায়া তালিকাৰ এক নম্বৰত আছে, দ্বিতীয়টো হৈছে স্পাইডাৰমেন খ্যাত টম হ'লেণ্ড, তৃতীয় স্থানত আছে বিতৰ্কিত শ্লেপ তাৰকা উইল স্মিথ, তাৰপিছত আলিয়াৰ নাম চাৰি নম্বৰত জ্বলি আছে। 

কিন্তু আলিয়াৰ বাবে বৰ্তমান ভাল সময় চলি আছে। আলিয়াই তেওঁৰ ড্ৰীম বয়গৰাকীকো বিয়া কৰাইছে। ইখনৰ পিছত আন এখন হিট ছবিৰ কৃতিত্ব আছে, লগতে নায়িকাগৰাকীয়ে বৰ্তমান প্ৰযোজনাটোত হাত দিছে। 

তদুপৰি, আলিয়াক সোনকালেই এখন হলীউডৰ ছবিত দেখা যাব। আলিয়া ভাটক গাল গাডো আৰু জেমি ডৰ্ণিয়ানৰ সৈতে হাৰ্ট অফ ষ্টোনত দেখা যাব। পৰিচালক টম হাৰ্পাৰৰ দ্য হাৰ্ট অফ ষ্টোন পৰিচালনাৰ দায়িত্ব আছে। সোমবাৰে, গাল গাডোটে ঘোষণা কৰে যে তেওঁ হাৰ্ট অফ ষ্টোনৰ শ্বুটিং আৰম্ভ কৰিছে। ছবিখনত তাইৰ চৰিত্ৰটোৰ নাম ৰাচেল ষ্টোন।

আলিয়া ভট্টৰ বহুচৰ্চিত চলচ্চিত্ৰ গঙ্গুবাই কাঠিয়াৱাড়ী ২৫ ফেব্ৰুৱাৰীত মুক্তি পাইছিল। গঙ্গুবাই বহুতো বিতৰ্কৰ মাজেৰে যোৱাৰ পাছত প্ৰথম দিনাই জলৱা দেখুৱাইছিল। প্ৰথম দিনাই, গঙ্গুবাই কাঠিয়াৱাড়ীৰ বক্স অফিচ সংগ্ৰহ আছিল প্ৰায় ১০.৫০ কোটি। দ্বিতীয় দিনা, 'গংগুবাই কাঠিয়াৱাড়ী'ৰ সংগ্ৰহ হৈছে ১৩ কোটি। অৰ্থাৎ দ্বিতীয় দিনা, প্ৰায় ৩০ শতাংশ ব্যৱসায় ছবিখনে কৰে। প্ৰথম দুদিনৰ বাবে এই ছবিখনৰ সংগ্ৰহ হৈছে ২৩.৫ কোটি টকা। অৱশ্যে, সেই সময়ত ছবিখনক লৈ যথেষ্ট বিতৰ্ক হৈছিল, তেতিয়াও আলিয়া গংগুবাই বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ