--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয় চলচ্চিত্ৰৰ বজাৰ দখল কৰিছে এখনৰ পিছত আনখন দক্ষিণৰ চলচ্চিত্ৰই। দাক্ষিণাত্যৰ চলচ্চিত্ৰৰ জয়জয় কাৰৰ মাজতে জনপ্ৰিয় বলীউড অভিনেতা  নৱাজুদ্দিন ছিদ্দিকীৰ মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ‘আৰআৰআৰ’ আৰু ‘কেজিএফ চেপ্টাৰ-২’ হিট হোৱাৰ পাছতে তাত্‍পৰ্যপূৰ্ণ মন্তব্য অভিনেতাগৰাকীৰ। জনপ্ৰিয় অভিনেতাজনৰ তিৰ্যক মন্তব্য, ‘মই ভাবিছিলো লকডাউনত সমগ্ৰ বিশ্ববাসীয়ে চিনেমা চোৱাৰ পাছত মানুহৰ সোৱাদ সলনি হৈছে!' 

তেওঁ লগতে কয়, ‘দক্ষিণৰ চলচ্চিত্ৰসমূহে কেৱল বিস্ময়ৰ সৃষ্টি কৰা আৰু চমক দেখুৱাৰ বাদে আন একো নহয়। এইবোৰ ভিজুৱেল এক্সপেৰিয়েঞ্চৰ বাহিৰে আন একোৱেই নহয়।’

নৱাজৰ প্ৰশ্ন, 'প্ৰকৃত চিনেমাখন ক'ত?' নৱাজে লগতে কয় যে, এনে বৃহত্‍ বাজেটৰ চলচ্চিত্ৰসমূহৰ সফলতা দেখি তেওঁৰ মনত চিনেমা হ’লত এই ছবিবোৰ কেনেদৰে মুক্তি দিয়া হয় তাকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে। লগতে ওটিটি প্লেটফৰ্মকো এনেদৰে ভাল চিনেমা চাবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছে অভিনেত্ৰীগৰাকীয়ে।

বলীউড হাঙ্গামাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নৱাজে কয়, ‘কৰ’নাৰ লকডাউনৰ সময়ত মানুহে বিশ্বৰ চলচ্চিত্ৰ দেখিছে। মই ভাবিছিলো তেওঁলোকৰ সোৱাদ সলনি কৰিছে। কিন্তু এতিয়া যি ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে - এনে লাগিছে যে দক্ষতা এতিয়া তেনেই সাধাৰণ কথা। সকলোকে কেৱল অতিৰিক্ত মনোৰঞ্জন দিয়াই একমাত্ৰ লক্ষ্য হৈ পৰা দেখা গৈছে।’

নৱাজে লগতে কয় যে, এতিয়া কম বাজেটৰ বা মজলীয়া বাজেটৰ এখন চলচ্চিত্ৰ মুক্তি দিয়াটো অসম্ভৱ প্ৰায় হৈ পৰিছে। একমাত্ৰ ডাঙৰ বাজেটৰ চলচ্চিত্ৰহে ছবিগৃহত মুক্তি লাভ কৰিছে। তেওঁ কয়, ‘এই সকলোবোৰ ছবি দেখি সকলোৱে আচৰিত হৈছে।  পানীত বিমান চলা, মাছ আকাশত উৰা। এইবোৰ ভিজুৱেল এক্সপেৰিয়েঞ্চ,মোৰো ভাল লাগে চাই। কিন্তু চিনেমাখন ইয়াত ক'ত আছে? সৌভাগ্যক্ৰমে, অ'টিটিৰ বাবে আমি এতিয়াও ‘কিং ৰিচাৰ্ড’ৰ দৰে কিছুমান ভাল ছবি চাবলৈ সক্ষম হৈছোঁ। '



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ