--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতীয় চলচ্চিত্ৰৰ বজাৰ দখল কৰিছে এখনৰ পিছত আনখন দক্ষিণৰ চলচ্চিত্ৰই। দাক্ষিণাত্যৰ চলচ্চিত্ৰৰ জয়জয় কাৰৰ মাজতে জনপ্ৰিয় বলীউড অভিনেতা  নৱাজুদ্দিন ছিদ্দিকীৰ মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ‘আৰআৰআৰ’ আৰু ‘কেজিএফ চেপ্টাৰ-২’ হিট হোৱাৰ পাছতে তাত্‍পৰ্যপূৰ্ণ মন্তব্য অভিনেতাগৰাকীৰ। জনপ্ৰিয় অভিনেতাজনৰ তিৰ্যক মন্তব্য, ‘মই ভাবিছিলো লকডাউনত সমগ্ৰ বিশ্ববাসীয়ে চিনেমা চোৱাৰ পাছত মানুহৰ সোৱাদ সলনি হৈছে!' 

তেওঁ লগতে কয়, ‘দক্ষিণৰ চলচ্চিত্ৰসমূহে কেৱল বিস্ময়ৰ সৃষ্টি কৰা আৰু চমক দেখুৱাৰ বাদে আন একো নহয়। এইবোৰ ভিজুৱেল এক্সপেৰিয়েঞ্চৰ বাহিৰে আন একোৱেই নহয়।’

নৱাজৰ প্ৰশ্ন, 'প্ৰকৃত চিনেমাখন ক'ত?' নৱাজে লগতে কয় যে, এনে বৃহত্‍ বাজেটৰ চলচ্চিত্ৰসমূহৰ সফলতা দেখি তেওঁৰ মনত চিনেমা হ’লত এই ছবিবোৰ কেনেদৰে মুক্তি দিয়া হয় তাকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে। লগতে ওটিটি প্লেটফৰ্মকো এনেদৰে ভাল চিনেমা চাবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনাইছে অভিনেত্ৰীগৰাকীয়ে।

বলীউড হাঙ্গামাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নৱাজে কয়, ‘কৰ’নাৰ লকডাউনৰ সময়ত মানুহে বিশ্বৰ চলচ্চিত্ৰ দেখিছে। মই ভাবিছিলো তেওঁলোকৰ সোৱাদ সলনি কৰিছে। কিন্তু এতিয়া যি ধৰণৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে - এনে লাগিছে যে দক্ষতা এতিয়া তেনেই সাধাৰণ কথা। সকলোকে কেৱল অতিৰিক্ত মনোৰঞ্জন দিয়াই একমাত্ৰ লক্ষ্য হৈ পৰা দেখা গৈছে।’

নৱাজে লগতে কয় যে, এতিয়া কম বাজেটৰ বা মজলীয়া বাজেটৰ এখন চলচ্চিত্ৰ মুক্তি দিয়াটো অসম্ভৱ প্ৰায় হৈ পৰিছে। একমাত্ৰ ডাঙৰ বাজেটৰ চলচ্চিত্ৰহে ছবিগৃহত মুক্তি লাভ কৰিছে। তেওঁ কয়, ‘এই সকলোবোৰ ছবি দেখি সকলোৱে আচৰিত হৈছে।  পানীত বিমান চলা, মাছ আকাশত উৰা। এইবোৰ ভিজুৱেল এক্সপেৰিয়েঞ্চ,মোৰো ভাল লাগে চাই। কিন্তু চিনেমাখন ইয়াত ক'ত আছে? সৌভাগ্যক্ৰমে, অ'টিটিৰ বাবে আমি এতিয়াও ‘কিং ৰিচাৰ্ড’ৰ দৰে কিছুমান ভাল ছবি চাবলৈ সক্ষম হৈছোঁ। '



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান