--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ চম্পাৱত জিলাত৷ মঙলবাৰে পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাত মৃত্যু হয় ১৪জন লোকৰ৷ জিলাখনৰ চুখিধাং ৰীথা চাহিব পথৰ ওচৰত দ’ খাৱৈত বাহন পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোত আহত আন দুজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। উদ্ধাৰকাৰী এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়৷ কুমাওঁৰ উপ-আৰক্ষী মহাপৰিদৰ্শক নীলেশ আনন্দ ভৰ্ণে জনোৱা মতে দুৰ্ঘটনাত পতিত হোৱা দলটোৱে এখন বিয়াত অংশগ্ৰহণ কৰি উভতি আহিছিল। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত মুঠ ১৬ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত মৃত্যু হোৱাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰে। মোদীয়ে টুইটযোগে কয়, 'উত্তৰাখণ্ডৰ চম্পাৱত সংঘটিত দুৰ্ঘটনাটো হৃদয়বিদাৰক। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।'

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ২ লাখ টকাৰ অনুদান ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকা প্ৰদানৰ ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, যোৱা বৰ্ষৰ অক্টোবৰত, একেধৰণৰ দুটা দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছিল। উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাত পশ্চিমবংগৰ পৰা পাঁচজন পৰ্যটক নিহত হয় আৰু ১৫জন আহত হয়৷ তেওঁলোকৰ বাহনখন ফাৰ্চালীৰ বেটপ নলাৰ ওচৰত ওলোটাই আন এখন গাড়ীৰ সৈতে সংঘৰ্ষ হোৱাৰ পাছত খাৱৈত পৰি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post