--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ চম্পাৱত জিলাত৷ মঙলবাৰে পুৱা সংঘটিত হোৱা এই দুৰ্ঘটনাত মৃত্যু হয় ১৪জন লোকৰ৷ জিলাখনৰ চুখিধাং ৰীথা চাহিব পথৰ ওচৰত দ’ খাৱৈত বাহন পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাটোত আহত আন দুজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। উদ্ধাৰকাৰী এটা দল লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়৷ কুমাওঁৰ উপ-আৰক্ষী মহাপৰিদৰ্শক নীলেশ আনন্দ ভৰ্ণে জনোৱা মতে দুৰ্ঘটনাত পতিত হোৱা দলটোৱে এখন বিয়াত অংশগ্ৰহণ কৰি উভতি আহিছিল। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত মুঠ ১৬ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত মৃত্যু হোৱাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে সমবেদনা জ্ঞাপন কৰে। মোদীয়ে টুইটযোগে কয়, 'উত্তৰাখণ্ডৰ চম্পাৱত সংঘটিত দুৰ্ঘটনাটো হৃদয়বিদাৰক। এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে।'

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ২ লাখ টকাৰ অনুদান ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকা প্ৰদানৰ ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, যোৱা বৰ্ষৰ অক্টোবৰত, একেধৰণৰ দুটা দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হৈছিল। উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাত পশ্চিমবংগৰ পৰা পাঁচজন পৰ্যটক নিহত হয় আৰু ১৫জন আহত হয়৷ তেওঁলোকৰ বাহনখন ফাৰ্চালীৰ বেটপ নলাৰ ওচৰত ওলোটাই আন এখন গাড়ীৰ সৈতে সংঘৰ্ষ হোৱাৰ পাছত খাৱৈত পৰি যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ