--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে বিশ্বাস কৰা হয় যে সেউজীয়া পাচলি সেৱন কৰি হৃদৰোগ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পাৰি। কিন্তু পাচলিয়ে হৃদযন্ত্ৰক কিমান সুৰক্ষা দিয়ে? গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য। ইফালে বিট্ৰেইনত ১২ বছৰ ধৰি ৪ নিযুত লোকৰ ওপৰত চলোৱা এক গৱেষণাত আচৰিত তথ্য লাভ কৰিছিল গৱেষকসকলে। ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি অক্সফৰ্ডৰ গৱেষকসকলে তেওঁলোকৰ হৃদযন্ত্ৰৰ সমস্যাৰ বাবে ৪ নিযুত ব্ৰিটেইনবাসীক লৈ চলাইছিল গৱেষণা। তেওঁলোকে গৱেষণাত দেখিলে যে পাচলি খোৱাটো হৃদৰোগৰ সম্ভাৱনা হ্ৰাস নকৰে যদিও ই দীঘলীয়া আৰু স্বাস্থ্যকৰ জীৱন-যাপনৰ মূল চাবিকাঠি বুলি অভিহিত কৰিব পাৰি। অৱশ্যে ব্ৰিটেইনৰ এক আগশাৰীৰ অধ্যয়নত দাবী কৰা হৈছে যে পাচলি খোৱাটো হৃদৰোগ দূৰ কৰাত সহায় নকৰে। কিন্তু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১২ বছৰ ধৰি ৪ নিযুত ব্ৰিটেইনবাসীৰ ওপৰত চলোৱা গৱেষণাৰ সময়ছোৱাত ১৮,০০০ লোকৰ হৃদযন্ত্ৰৰ আক্ৰমণ বা ষ্ট্ৰোকৰ দৰে গুৰুত্বপূৰ্ণ হৃদযন্ত্ৰৰ আক্ৰান্ত আছিল। সেয়েহে গৱেষণাৰত অংশগ্ৰহণকাৰীক সোধা হৈছিল যে তেওঁলোকে প্ৰতিদিনে কিমান পাচলি খায় আৰু ইয়াক হৃদৰোগৰ হাৰৰ সৈতে তুলনা কৰে। সামগ্ৰিকভাৱে আটাইতকৈ কেঁচা পাচলি খোৱা লোকসকলৰ তুলনাত হৃদৰোগ হোৱাৰ সম্ভাৱনা ১৫ শতাংশ কম আছিল। অধ্যয়নটোৱে এই সিদ্ধান্তত উপনীত হৈছিল যে বহুতো খাদ্য যেনে-ব্ৰকলি, গাজৰ আৰু মটৰৰ হৃদৰোগ হোৱাৰ ওপৰত সুৰক্ষামূলক প্ৰভাৱ নপৰে। অৰ্থাৎ পাচলি খোৱা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ মাজত কোনো সম্পৰ্ক নাই। কিন্তু পাচলি খোৱা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ মাজৰ সম্পৰ্ক হৈছে যিসকলে অত্যাধিক মাত্ৰাত পাচলি খায় তেওঁলোকৰ জীৱনৰ আন দিশবোৰত অধিক স্বাস্থ্যৱান হয়। গৱেষণাটোৱে গড় হিচাপত ৫৬ বছৰ বয়সৰ ৩,৯৯,৫৮৬জন ব্ৰিটেইনৰ প্ৰাপ্তবয়স্কৰ পৰা এন এইচ এছ তথ্য পৰীক্ষা কৰিছিল আৰু মুঠ পাচলিৰ দৈনিক গ্ৰহণ আছিল প্ৰতিজন ব্যক্তিৰ বাবে পাঁচ টেবল চামুচ। অৱশ্যে ডাঃ বেন লেচিয়ে কৈছিল যে এক সন্তুলিত আহাৰ গ্ৰহণ কৰি স্বাস্থ্য বজাই ৰখাটোৱে কৰ্কট ৰোগকে ধৰি কিছুমান ডাঙৰ ৰোগৰ আশংকা হ্ৰাস কৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post