--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে বিশ্বাস কৰা হয় যে সেউজীয়া পাচলি সেৱন কৰি হৃদৰোগ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পাৰি। কিন্তু পাচলিয়ে হৃদযন্ত্ৰক কিমান সুৰক্ষা দিয়ে? গৱেষণাত পোহৰলৈ আহিছে আচৰিত তথ্য। ইফালে বিট্ৰেইনত ১২ বছৰ ধৰি ৪ নিযুত লোকৰ ওপৰত চলোৱা এক গৱেষণাত আচৰিত তথ্য লাভ কৰিছিল গৱেষকসকলে। ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি অক্সফৰ্ডৰ গৱেষকসকলে তেওঁলোকৰ হৃদযন্ত্ৰৰ সমস্যাৰ বাবে ৪ নিযুত ব্ৰিটেইনবাসীক লৈ চলাইছিল গৱেষণা। তেওঁলোকে গৱেষণাত দেখিলে যে পাচলি খোৱাটো হৃদৰোগৰ সম্ভাৱনা হ্ৰাস নকৰে যদিও ই দীঘলীয়া আৰু স্বাস্থ্যকৰ জীৱন-যাপনৰ মূল চাবিকাঠি বুলি অভিহিত কৰিব পাৰি। অৱশ্যে ব্ৰিটেইনৰ এক আগশাৰীৰ অধ্যয়নত দাবী কৰা হৈছে যে পাচলি খোৱাটো হৃদৰোগ দূৰ কৰাত সহায় নকৰে। কিন্তু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১২ বছৰ ধৰি ৪ নিযুত ব্ৰিটেইনবাসীৰ ওপৰত চলোৱা গৱেষণাৰ সময়ছোৱাত ১৮,০০০ লোকৰ হৃদযন্ত্ৰৰ আক্ৰমণ বা ষ্ট্ৰোকৰ দৰে গুৰুত্বপূৰ্ণ হৃদযন্ত্ৰৰ আক্ৰান্ত আছিল। সেয়েহে গৱেষণাৰত অংশগ্ৰহণকাৰীক সোধা হৈছিল যে তেওঁলোকে প্ৰতিদিনে কিমান পাচলি খায় আৰু ইয়াক হৃদৰোগৰ হাৰৰ সৈতে তুলনা কৰে। সামগ্ৰিকভাৱে আটাইতকৈ কেঁচা পাচলি খোৱা লোকসকলৰ তুলনাত হৃদৰোগ হোৱাৰ সম্ভাৱনা ১৫ শতাংশ কম আছিল। অধ্যয়নটোৱে এই সিদ্ধান্তত উপনীত হৈছিল যে বহুতো খাদ্য যেনে-ব্ৰকলি, গাজৰ আৰু মটৰৰ হৃদৰোগ হোৱাৰ ওপৰত সুৰক্ষামূলক প্ৰভাৱ নপৰে। অৰ্থাৎ পাচলি খোৱা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ মাজত কোনো সম্পৰ্ক নাই। কিন্তু পাচলি খোৱা আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ মাজৰ সম্পৰ্ক হৈছে যিসকলে অত্যাধিক মাত্ৰাত পাচলি খায় তেওঁলোকৰ জীৱনৰ আন দিশবোৰত অধিক স্বাস্থ্যৱান হয়। গৱেষণাটোৱে গড় হিচাপত ৫৬ বছৰ বয়সৰ ৩,৯৯,৫৮৬জন ব্ৰিটেইনৰ প্ৰাপ্তবয়স্কৰ পৰা এন এইচ এছ তথ্য পৰীক্ষা কৰিছিল আৰু মুঠ পাচলিৰ দৈনিক গ্ৰহণ আছিল প্ৰতিজন ব্যক্তিৰ বাবে পাঁচ টেবল চামুচ। অৱশ্যে ডাঃ বেন লেচিয়ে কৈছিল যে এক সন্তুলিত আহাৰ গ্ৰহণ কৰি স্বাস্থ্য বজাই ৰখাটোৱে কৰ্কট ৰোগকে ধৰি কিছুমান ডাঙৰ ৰোগৰ আশংকা হ্ৰাস কৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement