--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদ কেতিয়া কেনেকৈ আহে সেয়া কোনেও ক’ব নোৱাৰে। এখন বিয়াঘৰত হঠাতে এনে এক বিপদৰ সৃষ্টি হ’ল যে সেই কথা জানিলে আপুনিও আচৰিত হৈ পৰিব।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সুন্দৰকৈ চলি আছিল এক বিবাহ অনুষ্ঠান। সকলোৰে মুখত হাঁহি, মনত আনন্দ। ৰীতি-নীতি অনুযায়ী সকলোখিনি ধুনীয়াকৈ চলি আছিল কিন্তু হঠাতে ৰাইজৰ মাজত লাগিল হুৱাদুৱা। মুহূৰ্ততে বিয়াঘৰত বিৰাজ কৰিলে আতংকময় পৰিৱেশ।
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
পৰিস্থিতি এনেকুৱা আছিল যে হাঁহি হাঁহি ফটো তুলি থকা কইনাজনীয়ে বান্ধৱীৰ সৈতে সেই স্থানৰ পৰা পলায়ন কৰে। পৰিয়াল, আত্মীয়-স্বজন, অতিথি সকলোৱে লগালে দৌৰা-ঢপৰা। দৰায়েও জাপ মাৰিলে খিৰিকীৰে। আচলতে কি ঘটিছিল তাত? 
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
ঘটনা অনুসৰি বিয়াঘৰত প্ৰবেশ কৰিছিল এটা প্ৰকাণ্ড নাহৰফুটুকী। মুখৰ আগত নাহৰফুটুকী দেখি সকলোৰে জীৱ যাওঁ যাওঁ অৱস্থা। হাতৰ মুঠিত প্ৰাণটো বান্ধি সকলোৱে লগালে দৌৰ।

লক্ষ্ণৌৰ পাৰা থানা এলেকাৰ এম এম মেৰেজ লনত বিবাহ অনুষ্ঠান চলি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত দ্বিতীয় মহলাত নাহৰফুটুকীটো দেখি এজন অতিথিয়ে ভয় খাই ওপৰৰ পৰা জপিয়াই দিয়ে। ইয়াৰ বাবেই তেওঁ আহত হয় আৰু তাৰপাছত বিবাহ ভৱনত বিশৃংখলতাৰ সৃষ্টি হয়।
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
বিয়াত উপস্থিত থকা সকলোৱে নিৰাপদ স্থানলৈ গমন কৰে আৰু বন বিভাগক খবৰ দিয়া হয়। তথ্য লাভ কৰাৰ লগে লগে বন বিষয়াৰ এটা দল সেই স্থানত উপস্থিত হোৱাৰ লগে লগে নাহৰফুটুকী উদ্ধাৰ অভিযান আৰম্ভ হয়। এই সময়তে নাহৰফুটুকীটোৱে বিষয়াসকলক আক্ৰমণ কৰে আৰু বন বিষয়া মুকাদ্দাৰ আলী আহত হয়। অশেষ প্ৰচেষ্টাৰ অন্তত অৱশেষত বৃহস্পতিবাৰে পুৱা ৪ বজাত বনবিভাগে নাহৰফুটুকীটো ধৰিবলৈ সক্ষম হয়। আনহাতে, আহত বন বিষয়া মুকাদ্দাৰ আলী স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 
Lucknow: Leopard entered the marriage party, bride and groom ran away after getting upset, see the terror in t
এই ঘটনাই অঞ্চলটোৰ স্থানীয় লোকৰ সুৰক্ষাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ