--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ সংস্কৃত ভাষাৰ উৎপত্তিক লৈ বিশেষজ্ঞ সকলৰ মাজত দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আহিছে৷ বিশেষ কৈ ভাৰতৰ বাহিৰত সংস্কৃতৰ উৎপত্তি সন্দৰ্ভত বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি বিতৰ্ক কৰি আহিছে, ইউৰেছিয়ান ভূখণ্ড(বৰ্তমান ইউৰোপ আৰু ৰাছিয়া)ৰ পৰা দীৰ্ঘদিন ধৰি প্ৰব্ৰজিত কৰা ভাষা পৰিয়ালৰ পৰা এটা আমাৰ ওচৰলৈ আহিছিল বুলি ইংগিত বহম কৰি আহিছে।

নেচাৰ আলোচনীত ৰাছিয়া আৰু ইউক্ৰেইনৰ বিজ্ঞানীসকলৰ দ্বাৰা প্ৰকাশিত দুখন নতুন গৱেষণা পত্ৰই ভাৰত-ইউৰোপীয় ভাষাৰ পৰিয়ালটোৰ উৎপত্তিৰ বিষয়ে এই দাবীক আৰু অধিক দৃঢ় কৰি তুলিছে, য’ত সংস্কৃত, হিন্দী, উৰ্দু ভাষাৰ লগতে আন ৪০০টা ভাষাও অন্তৰ্ভুক্ত যিবিলাক আজিৰ বিশ্বৰ প্ৰায় আধা জনসংখ্যাই ভাষা কয়।

আৰম্ভণিৰ পৰাই প্ৰ’ট’-ইণ্ডো-ইউৰোপিয়ান ভাষাৰ উৎপত্তিৰ বিষয়ে ইতিহাসবিদ আৰু ভাষাবিদসকলে ১৯ শতিকাৰ পৰাই ইয়াৰ উৎপত্তি আৰু বিস্তাৰ সন্দৰ্ভত অনুসন্ধান কৰি আহিছে কাৰণ এতিয়াও বহু ক্ষেত্ৰত তথ্য অস্পষ্ট। ভাষাৰ উৎপত্তি বুজিবলৈ বিজ্ঞানীসকলে খ্ৰীষ্টপূৰ্ব ৬৪০০–২০০০ চনৰ ভিতৰত সমগ্ৰ ইউৰেছিয়াৰ প্ৰত্নতাত্ত্বিক স্থানৰ পৰা ৪৩৫ জন ব্যক্তিৰ প্ৰাচীন ডি এন এ বিশ্লেষণ কৰিছিল।

পূৰ্বৰ জিনীয় অধ্যয়নত দেখা গৈছিল যে ইউক্সিন সাগৰ(Euxine Sea/Black sea) আৰু কেছপিয়ান সাগৰৰ উত্তৰত থকা পণ্টিক-কেচপিয়ান ষ্টেপৰ য়ামনায়া সংস্কৃতি (খ্ৰীষ্টপূৰ্ব ৩.৩০০-২.৬০০) প্ৰায় ৩১০০ খ্ৰীষ্টপূৰ্বৰ পৰা ইউৰোপ আৰু মধ্য এছিয়া উভয়তে সম্প্ৰসাৰিত হৈছিল, যাৰ ফলত সমগ্ৰ ইউৰেছিয়াত ৩১০০-১৫০০ খ্ৰীষ্টপূৰ্বত মানৱ জনসংখ্যাত ষ্টেপ বংশৰ আৱিৰ্ভাৱ হৈছিল। ষ্টেপৰ পৰা ওলাই অহা এই প্ৰব্ৰজনে যোৱা ৫০০০ বছৰত যিকোনো জনগাঁথনিগত পৰিঘটনাৰ ভিতৰত ইউৰোপীয় মানুহৰ জিনীয় তথ্যত আটাইতকৈ বেছি প্ৰভাৱ পেলাইছিল।

ইউক্ৰেইনৰ বিজ্ঞানীসকলে ৮১ জন প্ৰাচীন ব্যক্তিৰ ডি এন এ বিশ্লেষণ কৰি এই অঞ্চলটোক গঢ় দিয়া তিনিটা প্ৰধান প্ৰব্ৰজনৰ ঢৌ চিনাক্ত কৰে। খ্ৰীষ্টপূৰ্ব ৪৫০০ চনৰ আশে-পাশে ককেছাছ – ভলগাৰ নামনি অঞ্চলৰ পৰা প্ৰব্ৰজনকাৰীসকলে ট্ৰাইপিলিয়ান কৃষকৰ সৈতে মিহলি হৈ উছাটোভে সংস্কৃতি গঠন কৰে। আন এটা দলে চিকাৰী-সংগ্ৰাহকৰ সৈতে মিহলি হৈ চেৰেডনি ষ্টিহ সংস্কৃতিৰ সৃষ্টি কৰিলে।

খ্ৰীষ্টপূৰ্ব ৪০০০ চনৰ আশে-পাশে যমনা(যমনায়) লোকসকল চেৰেডনী ষ্টিহ পূৰ্বপুৰুষৰ পৰা ওলাই আহি দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটায়। এই গোটবোৰে বাহিৰৰ মানুহক সমাহিত তথা অভিযোজিত কৰিব, যাৰ ফলত তেওঁলোকে নিজৰ সংস্কৃতি আৰু জিন সমগ্ৰ ইউৰেছিয়াত বিয়পোৱাত সফল হৈ পৰিছিল। নতুন অধ্যয়নটোৱে যুগ যুগ ধৰি চলি অহা তত্ত্বক নস্যাৎ কৰিছে, ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে আৰ্যসকলেই সমগ্ৰ এছিয়া আৰু ইউৰোপত ভাষা আৰু সংস্কৃতি সম্প্ৰসাৰিত কৰিছিল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
পৰ্ণ জগতত ভৰি দিয়া নাই অর্চিতা ফুকনে
অসমীয়া সাহিত্যৰ বিশ্বমুখী যাত্রা, 'বুঢ়ী আইৰ সাধু'ৰ ওড়িয়া সংস্কৰণ উন্মোচন
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে