--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পত্নীক আই এছ আইৰ এজেণ্ট বুলি কৰা মন্তব্যই উত্তপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। মুখ্যমন্ত্ৰী গৰাকীৰ এনে মন্তব্যই এতিয়া সৰ্বত্ৰ তুমুল চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰ সূত্ৰপাত কৰিছে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা গৰকীয়ে কয় যে তেওঁলোকৰ আভিযোগ ভিত্তিহীন। তেওঁৰ ওপৰত থকা অভিযোগ সমূহৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে এনেধৰণৰ মন্তব্য কৰিছে, সেয়ে তেওঁলোকৰ অভিযোগৰ প্ৰতি মোৰ এক কব লগীয়া নাই। 

ইফালে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰাৰ পিছত বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে দাবী কৰে যে এলিজাবেথে পাকিস্তানৰ পৰিকল্পনা আয়োগৰ মুখ্য উপদেষ্টা টাউকিৰ শ্বেখৰ অধীনত ইছলামাবাদত কাম কৰিছিল। আমেৰিকাৰ কোটিপতি জৰ্জ ছ’ৰ’ছৰ মালিকানাধীন কোম্পানী এটাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। শেহতীয়াকৈ ছ’ৰ’ছ আৰু তেওঁৰ কোম্পানীয়ে বাৰে বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীক বিত্তীয় অনিয়মৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰিছে।

এনে পৰিস্থিতিত বিজেপিৰ আন এগৰাকী মুখপাত্ৰ গৌৰৱ ভাটিয়াই সমগ্ৰ বিষয়টো ‘ৰাষ্ট্ৰীয় সুৰক্ষা’ৰ সৈতে জড়িত বুলি দাবী কৰি তদন্তৰ দাবী জনাইছে। তেওঁ সাংসদ গৰাকীৰ পত্নীক ভাৰতীয় নাগৰিক নহয় বুলিও দাবী কৰে। 

প্ৰত্যুত্তৰত লোকসভাত ৰাহুল গান্ধীৰ ডেপুটিয়ে কয় যে, ৰাজনৈতিক উদ্দেশ্যতে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছে। তেওঁৰ পিতৃ প্ৰয়াত তৰুণ গগৈয়ে একেৰাহে তিনিটা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ