--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ পত্নীক আই এছ আইৰ এজেণ্ট বুলি কৰা মন্তব্যই উত্তপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। মুখ্যমন্ত্ৰী গৰাকীৰ এনে মন্তব্যই এতিয়া সৰ্বত্ৰ তুমুল চৰ্চা লাভ কৰাৰ লগতে বিতৰ্কৰ সূত্ৰপাত কৰিছে।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ অভিযোগৰ প্ৰত্যুত্তৰত কংগ্ৰেছ নেতা গৰকীয়ে কয় যে তেওঁলোকৰ আভিযোগ ভিত্তিহীন। তেওঁৰ ওপৰত থকা অভিযোগ সমূহৰ পৰা আঁতৰাই ৰখাৰ উদ্দেশ্যে এনেধৰণৰ মন্তব্য কৰিছে, সেয়ে তেওঁলোকৰ অভিযোগৰ প্ৰতি মোৰ এক কব লগীয়া নাই। 

ইফালে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰাৰ পিছত বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়ে দাবী কৰে যে এলিজাবেথে পাকিস্তানৰ পৰিকল্পনা আয়োগৰ মুখ্য উপদেষ্টা টাউকিৰ শ্বেখৰ অধীনত ইছলামাবাদত কাম কৰিছিল। আমেৰিকাৰ কোটিপতি জৰ্জ ছ’ৰ’ছৰ মালিকানাধীন কোম্পানী এটাৰ সৈতেও তেওঁৰ সম্পৰ্ক আছে। শেহতীয়াকৈ ছ’ৰ’ছ আৰু তেওঁৰ কোম্পানীয়ে বাৰে বাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীক বিত্তীয় অনিয়মৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰিছে।

এনে পৰিস্থিতিত বিজেপিৰ আন এগৰাকী মুখপাত্ৰ গৌৰৱ ভাটিয়াই সমগ্ৰ বিষয়টো ‘ৰাষ্ট্ৰীয় সুৰক্ষা’ৰ সৈতে জড়িত বুলি দাবী কৰি তদন্তৰ দাবী জনাইছে। তেওঁ সাংসদ গৰাকীৰ পত্নীক ভাৰতীয় নাগৰিক নহয় বুলিও দাবী কৰে। 

প্ৰত্যুত্তৰত লোকসভাত ৰাহুল গান্ধীৰ ডেপুটিয়ে কয় যে, ৰাজনৈতিক উদ্দেশ্যতে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰা হৈছে। তেওঁৰ পিতৃ প্ৰয়াত তৰুণ গগৈয়ে একেৰাহে তিনিটা কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post