--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কেৱল প্রার্থী দিব লাগে কাৰণে দিয়াৰ দৰে একেবাৰে শেষ মুহূৰ্তত মৰিয়নি আৰু মধ্য গুৱাহাটীত যুঁজিবৰ বাবে নমাই দিয়া হ'ল ৰাজনীতিত একেবাৰেই অনভিজ্ঞ জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীক।

ডিজিটেল ডেস্ক: এইবাৰ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ সন্মুখত বিৰোধী ধূলিসাৎ হৈ পৰিল যদিও পৰাজিতৰ মাজত সোণ জিলিকাদি জিলিকি উঠিল বিৰোধীৰ দুগৰাকী কম বয়সীয়া মহিলা প্রার্থী- ড° জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰী।


উচ্চ শিক্ষিত, সংস্কাৰ থকা আৰু নিৰ্বাচনী বোকাৰ মাজতো ৰাজহংসৰ দৰে উজলি উঠি সংযমী হৈ থকা এই দুগৰাকী প্রার্থীয়ে নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যবাসীৰ ব্যাপক সমাদৰ আৰু মৰম লাভ কৰিবলৈ সক্ষম হৈছিল। আজি কুংকি আৰু জ্ঞানশ্ৰীৰ পৰাজয়ে অগণন সচেতন লোকক ব্যাপক মনোকষ্ট দিছে। 


ৰাজ্যবাসীৰ মনত স্বাভাৱিকতেই প্রশ্ন উঠিছে যে নতুন প্ৰজন্মৰ এই প্ৰাৰ্থী দুগৰাকীয়ে সাধাৰণ ৰাইজক প্রতিনিধিত্ব কৰিব পৰাকৈ সকলো যোগ্যতা থকাৰ পাছতো এওঁলোক পৰাজিত হ'ব লগা হ'ল কিয়? নির্বাচনী বিশ্লেষকসকলৰ মতে, নতুন প্ৰজন্মৰ এই দুগৰাকী প্রার্থীক ৰাইজে আদৰি নোলোৱাৰ প্ৰথম আৰু প্ৰধান কাৰণ হ'ল- এই দুগৰাকীয়ে যি ৰাজনৈতিক শিবিৰৰ পৰা প্ৰতিনিধিত্ব কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেই শিবিৰৰ প্ৰতি ৰাইজৰ আস্থা নথকাৰ বাবেই এওঁলোক পৰাজিত হ'বলগীয়া হ'ল। এক কথাত ক'বলৈ গ'লে প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ৰাজনৈতিক শিবিৰটোৱে প্রত্যয়জনকভাবে এওঁলোকক সমষ্টিত প্রক্ষেপেই কৰিব নোৱাৰিলে। 


কেৱল প্রার্থী দিব লাগে কাৰণে দিয়াৰ দৰে একেবাৰে শেষ মুহূৰ্তত মৰিয়নি আৰু মধ্য গুৱাহাটীত যুঁজিবৰ বাবে নমাই দিয়া হ'ল ৰাজনীতিত একেবাৰেই অনভিজ্ঞ জ্ঞানশ্ৰী বৰা আৰু কুংকি চৌধুৰীক। সেয়েহে ক'ব পাৰি যে তৰুণ প্ৰজন্মৰ প্ৰাৰ্থী দুগৰাকীয়ে ৰাজ্যবাসীৰ হৃদয় জিনিবলৈ সক্ষম হ'লেও বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই দুয়ো পৰাজয় বৰণ কৰিবলগীয়া হ’ল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান