--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২১ চনত টি এম চিয়ে ৫২টা আৰু বিজেপিয়ে ১টা মুছলমান অধ্যুষিত সমষ্টিত জয়ী হৈছিল। মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই মুছলমান অধ্যুষিত সমষ্টিকেইটাত দুর্গ অক্ষুণ্ণ ৰখাৰ প্রচেষ্টা কৰিও ব্যর্থ হয়।

ডিজিটেল ডেস্ক: পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনত এইবাৰ ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) তৃণমূল কংগ্ৰেছৰ (টি এম চি) দুর্গ হিচাপে পৰিচিত মুছলমান অধ্যুষিত অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।


শেহতীয়া পৰিসংখ্যা অনুসৰি, ৰাজ্যখনৰ ২৯৩টা বিধানসভা সমষ্টিৰ ভিতৰত ৫৪টা মুছলমান অধ্যুষিত সমষ্টি আছে। মুছলমান ভোটাৰসকলে এই সমষ্টিকেইটাত প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰে। এই ৫৪টা সমষ্টিৰ ভিতৰত এইবাৰ নিৰ্বাচনত ৩৩টা টি এম চিয়ে আৰু ১২টাত বিজেপিয়ে জয় সাব্যস্ত কৰে। 


২০২১ চনৰ নিৰ্বাচনতকৈ এইবাৰ বিজেপিয়ে সমষ্টিকেইটাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। ২০২১ চনত টি এম চিয়ে ৫২টা আৰু বিজেপিয়ে ১টা মুছলমান অধ্যুষিত সমষ্টিত জয়ী হৈছিল। মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এই মুছলমান অধ্যুষিত সমষ্টিকেইটাত দুর্গ অক্ষুণ্ণ ৰখাৰ প্রচেষ্টা কৰিও ব্যর্থ হয়। ২০১১ চনৰ লোকপিয়ল মতে পশ্চিম বংগৰ মুঠ জনসংখ্যাৰ ২৭% হৈছে মুছলমান লোক। আনহাতে, বর্তমান সময়ত ৩৩ শতাংশলৈ বৃদ্ধি পাইছে। মুছলমান অধ্যুষিত জিলাসমূহ হৈছে মুর্শিদাবাদ, মালদহ আৰু উত্তৰ দিনাজপুৰ। 


এই জিলাকেইখনৰ সমষ্টিকেইটাই পশ্চিম বংগৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। আনহাতে, ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীত (এছ আই আৰ) মুৰ্শিদাবাদত ৪.৫ লাখ, মালদহত ২.৩ লাখ ভোটাৰৰ নাম কর্তনে সমষ্টিকেইটাত জনবিন্যাসত প্ৰভাৱ পৰিছে। মালদহৰ ৰাটুৱা, চঞ্চল, মালতিপুৰ আৰু হাবিৰপুৰত মুছলমান ভোটাৰৰ নাম অধিক কর্তন হৈছিল। 


বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ সম্ভাব্য প্রার্থী শুভেন্দু অধিকাৰীয়ে কয় যে এইবাৰ নিৰ্বাচনত টি এম চিৰ শক্তিশালী দখলত থকা দক্ষিণ বংগৰ মুছলমান ভোটক বিজেপিয়ে দুভাগত বিভক্ত কৰাৰ দিশত ভাল প্ৰদৰ্শন কৰিছে। বিশেষকৈ মালদহ, মুর্শিদাবাদ আৰু উত্তৰ দিনাজপুৰত মুছলমান ভোটাৰ দুভাগত বিভক্ত হ'ল। দক্ষিণ বংগ আৰু কোচবিহাৰত মুছলমান ভোটাৰৰ ওপৰত টি এম চিৰ পূৰ্বতে দখল আছিল যদিও বর্তমান সময়ত সেই প্রভার নাইকিয়া হৈছে। আনহাতে, তৃণমূলৰ পৰা বহিষ্কৃত হুমায়ুন কবিৰে নতুন দল গঠন কৰি এইবাৰ টি এম চিৰ মুছলমান ভোট বেংকত পৰোক্ষ আঘাত হানিলে। বহু সমষ্টিত মুছলমান লোক টি এম চি-হুমায়ুন কবিৰৰ দলৰ মাজত বিভাজন হয়।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডাক সেৱাত সংযোগ হ’ব ড্র’ন প্রযুক্তি, ৰাজ্যত ডিজিটেল সংযোগৰ ক্ষেত্ৰত ঐতিহাসিক সিদ্ধান্ত
মা কামাখ্যা ধ্বনিৰে মুখৰিত নীলাচলৰ বুকু; অম্বুবাচীলৈ বৈছে জনতাৰ সোঁত
কলকাতাত নৌ সেনাৰ তিনিখনকৈ জাহাজ মুকলি
AIত কোন আগবাঢ়িব? চীন আৰু আমেৰিকাৰ মাজত প্রযুক্তিৰ যুদ্ধ তুংগত
গো হত্যাৰ বিৰুদ্ধে বৃহৎ অভিযান ধুবুৰী আৰক্ষীৰ; জব্দ ৯০ কেজি গো মাংস; গ্ৰেপ্তাৰ ৭ গো হত্যাকাৰী
সর্বাধিক সময় শোৱা দেশৰ তালিকাত পঞ্চমত ভাৰত, শীৰ্ষস্থানত দক্ষিণ আফ্ৰিকা
অৰুণাচলৰ বৰষুণৰ বাবে অসমত উচ্চ সতৰ্কতা: নিম্ন সোৱণশিৰিৰ বানপানীয়ে শংকিত কৰিছে কেইবাখনো জিলাক
শোণিতপুৰৰ সীমান্তৱৰ্তী গাঁওসমূহত দুৰ্বিষহ জীৱন: পথ, দলং আৰু ভূমি অধিকাৰৰ বাবে ৪ শতাধিক পৰিয়ালৰ প্ৰতীক্ষা
নগাঁও শিক্ষা বিভাগত SEBA-DISE ক'ড জালিয়াতিৰ অভিযোগ: ৭খন বিদ্যালয় তদন্তৰ আওতাত
চাৰি বছৰত অসমত ১.৮২ কোটি হিতাধিকাৰীলৈ ১৬,৬৪০ কোটি টকাৰ প্ৰত্যক্ষ বিত্তীয় সাহায্য
বঙাইগাঁওৰ আমবাৰী পাৰৰচৰত সম্প্ৰীতিৰ অনন্য নিদৰ্শন: হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়াত মুছলমান গাওঁবাসীৰ সহযোগিতা
ছেমিকণ্ডাক্টৰ উৎপাদনৰ হাব হিচাপে গঢ়ি উঠিব অসম: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজধানী এক্সপ্ৰেছৰ সজাগ চালকৰ তৎপৰতাত হাত সাৰিল বন্যহস্তীৰ জাক
অম্বুবাচী মেলাত ব্যতিক্ৰমী সাধুৰ আগমন, ভক্তৰ মাজত বিশেষ চৰ্চা