--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আজি ৭ মে’ৰ নিশা ১২ বজাত বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’বলৈ গৈ আছে, যাৰ ফলত ৰাজ্যখনত এক গভীৰ সাংবিধানিক সংকটৰ ক’লা ডাৱৰে দেখা দিছে।

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ ৰাজনীতিত বৰ্তমান এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে। বিধানসভা নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ পাছতো বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এতিয়ালৈকে নিজৰ পদৰ পৰা পদত্যাগ কৰা নাই। 

আজি ৭ মে’ৰ নিশা ১২ বজাত বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল শেষ হ’বলৈ গৈ আছে, যাৰ ফলত ৰাজ্যখনত এক গভীৰ সাংবিধানিক সংকটৰ ক’লা ডাৱৰে দেখা দিছে।

ভাৰতীয় সংবিধানৰ ১৭২ নং অনুচ্ছেদ অনুসৰি, বিধানসভাৰ প্ৰথমখন বৈঠকৰ পৰা ৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ই স্বয়ংক্ৰিয়ভাৱে ভংগ হৈ যায়। সেই হিচাপে আজি নিশা ১২ বজাৰ পাছত মমতা চৰকাৰৰ আইনী বৈধতা সমাপ্ত হ’ব। ইয়াৰ মাজতে বিজেপিয়ে অহা ৯ মে’ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান হ’ব বুলি ঘোষণা কৰিছে। এই দুই দিনৰ মধ্যৱৰ্তী সময়ছোৱাত ৰাজ্যখন কোনে চলাব, তাক লৈ এক বিৰাট প্ৰশ্নচিহ্নৰ সৃষ্টি হৈছে।

ৰাজ্যপাল আৰ এন ৰবিয়ে ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। জানিব পৰা মতে, তেওঁ নিৰ্দেশ দিছে যে বৰ্তমানৰ চৰকাৰে কোনো গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্ত ল’ব নোৱাৰিব আৰু কোনো চৰকাৰী ফাইল আগবঢ়াব নোৱাৰিব। ইফালে, মমতা বেনাৰ্জীয়ে এতিয়ালৈকে দুবাৰকৈ পদত্যাগ নকৰাৰ কথা স্পষ্ট কৰি দিছে।

আইনী বিশেষজ্ঞ তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সঞ্জয় কিষাণ কৌলৰ মতে, মুখ্যমন্ত্ৰীয়ে পদত্যাগ নকৰিলেও তেওঁৰ কাৰ্যকাল আজি নিশাৰ পাছত সমাপ্ত হ’ব। সাধাৰণতে নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে আৰু ৰাজ্যপালে তেওঁক নতুন চৰকাৰ গঠন নোহোৱালৈকে Caretaker মুখ্যমন্ত্ৰী হিচাপে কাম চলাই যাবলৈ অনুৰোধ কৰে। কিন্তু মমতাই পদত্যাগ নকৰাৰ ফলত ৰাজ্যপালে নিজাকৈ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ