--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰ পদ শুৱনি কৰা অজন্তা নেওগলৈ ইতিমধ্যে অনানুষ্ঠানিকভাৱে বিধানসভাৰ অধ্যক্ষৰ পদৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে।

ডিজিটেল ডেস্ক: অহা ১২ মে'ত অনুষ্ঠিত হ'ব হেটত্রিক অৰ্জনেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ শপত গ্রহণ অনুষ্ঠান। তৃতীয় বাৰৰ বাবে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপত ল'ব ড° হিমন্ত বিশ্ব শর্মাই।


কালি এই কথা প্রকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। তেওঁ প্ৰকাশ কৰা মতে অহা দহ তাৰিখে দিল্লীৰ পৰা আহিব লগীয়া পৰ্যবেক্ষকৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব যদিও দ্বিতীয় বাৰৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে বিজেপিয়ে অসমত চৰকাৰ গঠন কৰাটো নিশ্চিত। 


ইফালে ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত কোনে কোনে স্থান পাব, তাক লৈ জল্পনা-কল্পনা চলি থকাৰ সময়তে এইবাৰ বিধানসভাৰ অধ্যক্ষ কোন হ'ব তাক লৈও আৰম্ভ হৈছে ব্যাপক চর্চা। দলৰ এটা শীর্ষ সূত্ৰই প্ৰকাশ কৰা মতে অসমত ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধ্যক্ষৰ পদত এগৰাকী মহিলা বিধায়কক অধিষ্ঠিত কৰোৱাৰ সন্দৰ্ভত দলৰ মাজত চিন্তা-চৰ্চা আৰম্ভ হৈছে। এই ক্ষেত্রত প্রথমেই চর্চালৈ আহিছে কেইবা বাৰৰো মন্ত্ৰী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগৰ নাম। অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰ পদ শুৱনি কৰা অজন্তা নেওগলৈ ইতিমধ্যে অনানুষ্ঠানিকভাৱে বিধানসভাৰ অধ্যক্ষৰ পদৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। 


সূত্ৰটোৰ মতে যদিহে নেওগে এই প্ৰস্তাৱ গ্ৰহণ নকৰে, তেনেহ'লে এই তালিকাত আন কেইবাজনো জ্যেষ্ঠ নেতাৰ নাম আছে। এইসকলৰ ভিতৰত ৰঞ্জিত কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, হিতেন্দ্ৰ নাথ গোস্বামী, পদ্ম হাজৰিকা, ভৱেশ কলিতাৰ দৰে জ্যেষ্ঠ বিধায়কৰ নামো আছে। অৱশ্যে বিধানসভাৰ অধ্যক্ষ হোৱাতকৈ বহুতেই মন্ত্ৰী হোৱাৰ আশা পালি আছে। কিন্তু এইবাৰ বিজেপিয়ে ৮২ খন আসন লাভ কৰাৰ বাবে শেষত কোনে মন্ত্রিত্ব লাভ কৰিব, তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ। এনে পৰিস্থিতিত কোনে ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষৰ আসন শুৱনি কৰিব, সেয়াহে ল'ব লক্ষ্যণীয়।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান