--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দীর্ঘদিনৰ পৰা আজিলৈকে বহু পর্যটক, দেশৰ ভালেকেইগৰাকী যশস্বী ফটোগ্রাফাৰে মানাহত বাহৰ পাতি এই বিৰল ব্লেক পেন্থাৰ স্বচক্ষে চাইছে, গ্রহণ কৰিছে ভিন্ন ভংগীৰ আলোকচিত্র।

ডিজিটেল ডেস্ক : মাতৃসহ দুটাকৈ ব্লেক পেন্থাৰৰ মৰমলগা পোৱালিয়ে যেন সোণত সুৱগা চৰাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ। বিগত প্রায় এমাহজুৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত এই বিৰল বন্য প্রাণীবিধৰ দৰ্শন সুলভ হৈ পৰাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰ্যটকৰ দৃষ্টি নিবদ্ধ এতিয়া মানাহত। ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনকালৰ অন্তিম সময়তো এতিয়া কেৱল এই ব্লেক পেন্থাৰৰ বাবেই মানাহলৈ সোঁত বৈছে পৰ্যটকৰ। 


উল্লেখযোগ্য যে যোৱা ১২ এপ্ৰিলত মানাহৰ বাঁহবাৰী ৰেঞ্জৰ দক্ষিণ সীমাৰ পথত প্রত্যক্ষ হৈছিল দুটি কণমানি ব্লেক পেন্থাৰৰ পোৱালি। তাৰ পাছতে লাহে লাহে মাকৰ সৈতে কেতিয়াবা ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত, কেতিয়াবা সীমাতে থকা চাহ বাগিচাৰ গছত প্রায় প্রতিদিনে দর্শন পোৱা গৈছিল পোৱালি দুটাৰ। মাতৃয়ে পোৱালি দুটাক জীৱন-ধাৰণৰ বাবে গছত উঠোৱাৰ প্ৰশিক্ষণ দিয়াৰ দৃশ্য, পোৱালি দুটাই গছৰ ফেৰেঙণিত বহি খেলা দৃশ্য বন্দী হৈছিল কেমেৰাত। আৰু এয়া সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে মানাহলৈ সোঁত ববলৈ ধৰে স্থানীয়, দেশৰ ভিন্ন ৰাজ্যৰ উপৰি বিদেশী পৰ্যটকৰ আৰু লক্ষ্য একমাত্র ব্লেক পেন্থাৰ। কিয়নো, দেশৰ অন্য কিছু ৰাষ্ট্ৰীয় উদ্যানত ব্লেক পেন্থাৰৰ দৰ্শন পোৱা যায় যদিও ইয়াৰ পোৱালিৰ এনে দৃশ্য দেখা পোৱাটো তেনেই বিৰল। 


দীর্ঘদিনৰ পৰা আজিলৈকে বহু পর্যটক, দেশৰ ভালেকেইগৰাকী যশস্বী ফটোগ্রাফাৰে মানাহত বাহৰ পাতি এই বিৰল ব্লেক পেন্থাৰ স্বচক্ষে চাইছে, গ্রহণ কৰিছে ভিন্ন ভংগীৰ আলোকচিত্র। পুৱাৰ পৰা সন্ধিয়ালৈ পথতে বহি পৰ্যটকে কৰিছে ব্লেক পেন্থাৰৰ দৰ্শন। মনে বিচৰা ফটো এখন তুলিব পাৰি বহুজন হৈ পৰিছে আপ্লুত। ভাৰতৰ যশস্বী ফটোগ্ৰাফাৰ ধৃতিমান মুখার্জী, আর্জু খুৰানা, অপৰূপা দে' ইতিমধ্যে মানাহত ব্লেক পেন্থাৰৰ বাবে কেইবাদিনো কটাইছে। একেদৰে পৰ্যটকক লৈ নিতৌ ব্যস্ত হৈ পৰিছে মানাহৰ বহু টুৰিষ্ট গাইড, জীপ চালক। অৱশ্যে দুদিন পূর্বে পোৱালি দুটাক পূৰ্বৰ স্থানৰ পৰা লৈ মাকে মানাহৰ অৰণ্যৰ ভিতৰলৈ গুচি যোৱা বুলি জানিব পৰা গৈছে। 


সম্প্ৰতি পূৰ্বৰ কেইদিনৰ দৰে নিতৌ ইয়াত দেখা যোৱা নাই যদিও অহা দিনকেইটাত অৰণ্যৰ ভিতৰতে দেখা পাই থকাৰ সম্ভাৱনা আছে, নতুবা পূৰ্বৰ স্থানলৈ ঘূৰি অহাৰো সম্ভাৱনা একেবাৰে নথকা নহয়। ইফালে এই পোৱালি দুটা যদি প্ৰকৃতিৰ কোনো প্রতিকূল পৰিস্থিতিত সৰুতেই প্রাণ হেৰুৱাবলগীয়া নহয়, ভৱিষ্যতত ইয়াৰ বাবেই মানাহলৈ অধিক হাৰত পৰ্যটকৰ আগমন বৃদ্ধি পাব বুলিও আশা প্রকাশ কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’