--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্মাণ আৰু উন্নয়নৰ অচিলাৰে দেশত গছ-গছনি কটা তথা বনাঞ্চলৰ প্ৰতি ভাবুকি নমাই অনা কাম-কাজ চলি থকাৰ মাজতে সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহলৈ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰে। ২০২৩ চনৰ বন সংৰক্ষণ আইনৰ সংশোধনৰ বিৰুদ্ধে দাখিল কৰা এলানি আৱেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ এখন পীঠে আজি বনাঞ্চল হ্রাস কৰিব পৰা যিকোনো পদক্ষেপ গ্রহণৰ পৰা বিৰত থাকিবলৈ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক নির্দেশ দিয়ে। 

শুনানি গ্রহণ কৰি ন্যায়াধীশ বি আৰ গাৱাই আৰু কে বিনোদ চন্দ্ৰনৰ পীঠে কয়, 'আমি এনে কোনো পদক্ষেপৰ অনুমতি নিদিওঁ, যি বনাঞ্চল হ্রাস কৰিব। আমি নিৰ্দেশ জাৰি কৰিছোঁ যে পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে কেন্দ্র আৰু ৰাজ্যসমূহে ক্ষতিপূৰণমূলক ভূমি নিদিয়াকৈ বনাঞ্চল হ্রাস কৰিব পৰা কোনো পদক্ষেপ গ্রহণ নকৰিব।' ন্যায়ালয়ে এই সন্দৰ্ভত পৰৱৰ্তী শুনানি গ্রহণ কৰিব ৪ মাৰ্চত। দাখিল কৰা আৱেদনত উল্লেখ কৰা হৈছিল যে ২০২৩ চনৰ বন সংৰক্ষণ আইনৰ সংশোধনত বনাঞ্চলৰ যি সংজ্ঞা দিয়া হ'ল, তাৰ ফলত প্রায় ১.৯৯ লাখ বর্গকিল'মিটাৰ বনভূমি 'বনাঞ্চল'ৰ আওতাৰ পৰা বাহিৰ হ'ল আৰু সেই ভূমি আন কাৰ্যৰ বাবে মুকলি কৰা হ'ল। 

যোৱা বছৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে আৱেদনৰ এই তথ্যক গুৰুত্বসহকাৰে লয় আৰু নির্দেশ দিয়ে যে বনাঞ্চলত চিৰিয়াখানা স্থাপন বা 'ছাফাৰী' আৰম্ভৰ যিকোনো নতুন প্ৰস্তাৱত এতিয়াৰ পৰা উচ্চতম ন্যায়ালয়ৰ অনুমতিৰ প্ৰয়োজন হ'ব। তদুপৰি, উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ অধীনত থকা বনাঞ্চলৰ বিষয়ে বিশদ বিৱৰণ কেন্দ্ৰীয় চৰকাৰক ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। 

উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহে দাখিল কৰা 'বনাঞ্চল-সদৃশ অঞ্চল, অশ্রেণীভুক্ত বনভূমি আৰু সামুহিক বনভূমি'ৰ বিতং বিৱৰণ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে নিজৰ ৱেবছাইটত ২০২৪ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব। সেই সময়ত দিয়া অন্তৰ্ৱৰ্তী নির্দেশত উচ্চতম ন্যায়ালয়ৰ পীঠে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক টি এন গোদাৱৰম বনাম ভাৰত চৰকাৰ গোচৰত ১৯৯৬ চনৰ ৰায়ত উচ্চতম ন্যায়ালয়ে নিৰূপণ কৰা 'বনাঞ্চল'ৰ সংজ্ঞা অনুসৰি কাম কৰিবলৈ কৈছিল। আৱেদনকাৰীসকলে অভিযোগ কৰিছিল যে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ত থকা 'বনাঞ্চল'ৰ বহল সংজ্ঞাক ২০২৩ চনৰ বন সংৰক্ষণ আইনৰ সংশোধনত অন্তৰ্ভুক্ত কৰা ১ এ দফাৰ অধীনত সংকীৰ্ণ কৰা হৈছে। 

সংশোধিত আইনখনত কোৱা হৈছে যে 'বনাঞ্চল' হ'বলৈ এটুকুৰা ভূমি হয় বনাঞ্চল বুলি অধিসূচনা জাৰি কৰা হ'ব লাগিব অথবা চৰকাৰী নথিত সুনির্দিষ্টভাৱে বনাঞ্চল বুলি লিখা থাকিব লাগিব। উল্লেখযোগ্য যে ২০২৩ চনৰ ২৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে বন (সংৰক্ষণ) সংশোধন বিধেয়ক দাখিল কৰিছিল। এই আইনখনৰ সাংবিধানিকতাত প্রত্যহ্বান জনাই বাতিল কৰিবলৈ আৱেদনসমূহ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ