--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্মাণ আৰু উন্নয়নৰ অচিলাৰে দেশত গছ-গছনি কটা তথা বনাঞ্চলৰ প্ৰতি ভাবুকি নমাই অনা কাম-কাজ চলি থকাৰ মাজতে সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহলৈ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰে। ২০২৩ চনৰ বন সংৰক্ষণ আইনৰ সংশোধনৰ বিৰুদ্ধে দাখিল কৰা এলানি আৱেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ এখন পীঠে আজি বনাঞ্চল হ্রাস কৰিব পৰা যিকোনো পদক্ষেপ গ্রহণৰ পৰা বিৰত থাকিবলৈ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক নির্দেশ দিয়ে। 

শুনানি গ্রহণ কৰি ন্যায়াধীশ বি আৰ গাৱাই আৰু কে বিনোদ চন্দ্ৰনৰ পীঠে কয়, 'আমি এনে কোনো পদক্ষেপৰ অনুমতি নিদিওঁ, যি বনাঞ্চল হ্রাস কৰিব। আমি নিৰ্দেশ জাৰি কৰিছোঁ যে পৰৱৰ্তী নির্দেশ নিদিয়ালৈকে কেন্দ্র আৰু ৰাজ্যসমূহে ক্ষতিপূৰণমূলক ভূমি নিদিয়াকৈ বনাঞ্চল হ্রাস কৰিব পৰা কোনো পদক্ষেপ গ্রহণ নকৰিব।' ন্যায়ালয়ে এই সন্দৰ্ভত পৰৱৰ্তী শুনানি গ্রহণ কৰিব ৪ মাৰ্চত। দাখিল কৰা আৱেদনত উল্লেখ কৰা হৈছিল যে ২০২৩ চনৰ বন সংৰক্ষণ আইনৰ সংশোধনত বনাঞ্চলৰ যি সংজ্ঞা দিয়া হ'ল, তাৰ ফলত প্রায় ১.৯৯ লাখ বর্গকিল'মিটাৰ বনভূমি 'বনাঞ্চল'ৰ আওতাৰ পৰা বাহিৰ হ'ল আৰু সেই ভূমি আন কাৰ্যৰ বাবে মুকলি কৰা হ'ল। 

যোৱা বছৰ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে আৱেদনৰ এই তথ্যক গুৰুত্বসহকাৰে লয় আৰু নির্দেশ দিয়ে যে বনাঞ্চলত চিৰিয়াখানা স্থাপন বা 'ছাফাৰী' আৰম্ভৰ যিকোনো নতুন প্ৰস্তাৱত এতিয়াৰ পৰা উচ্চতম ন্যায়ালয়ৰ অনুমতিৰ প্ৰয়োজন হ'ব। তদুপৰি, উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ অধীনত থকা বনাঞ্চলৰ বিষয়ে বিশদ বিৱৰণ কেন্দ্ৰীয় চৰকাৰক ২০২৪ চনৰ ৩১ মাৰ্চৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। 

উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজ্য তথা কেন্দ্রীয় শাসিত অঞ্চলসমূহে দাখিল কৰা 'বনাঞ্চল-সদৃশ অঞ্চল, অশ্রেণীভুক্ত বনভূমি আৰু সামুহিক বনভূমি'ৰ বিতং বিৱৰণ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে নিজৰ ৱেবছাইটত ২০২৪ চনৰ ১৫ এপ্ৰিলৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব। সেই সময়ত দিয়া অন্তৰ্ৱৰ্তী নির্দেশত উচ্চতম ন্যায়ালয়ৰ পীঠে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক টি এন গোদাৱৰম বনাম ভাৰত চৰকাৰ গোচৰত ১৯৯৬ চনৰ ৰায়ত উচ্চতম ন্যায়ালয়ে নিৰূপণ কৰা 'বনাঞ্চল'ৰ সংজ্ঞা অনুসৰি কাম কৰিবলৈ কৈছিল। আৱেদনকাৰীসকলে অভিযোগ কৰিছিল যে উচ্চতম ন্যায়ালয়ৰ উক্ত ৰায়ত থকা 'বনাঞ্চল'ৰ বহল সংজ্ঞাক ২০২৩ চনৰ বন সংৰক্ষণ আইনৰ সংশোধনত অন্তৰ্ভুক্ত কৰা ১ এ দফাৰ অধীনত সংকীৰ্ণ কৰা হৈছে। 

সংশোধিত আইনখনত কোৱা হৈছে যে 'বনাঞ্চল' হ'বলৈ এটুকুৰা ভূমি হয় বনাঞ্চল বুলি অধিসূচনা জাৰি কৰা হ'ব লাগিব অথবা চৰকাৰী নথিত সুনির্দিষ্টভাৱে বনাঞ্চল বুলি লিখা থাকিব লাগিব। উল্লেখযোগ্য যে ২০২৩ চনৰ ২৯ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে বন (সংৰক্ষণ) সংশোধন বিধেয়ক দাখিল কৰিছিল। এই আইনখনৰ সাংবিধানিকতাত প্রত্যহ্বান জনাই বাতিল কৰিবলৈ আৱেদনসমূহ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল।

উৎস: দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন