--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকুম্ভত মানুহে পাপ মোচন কৰিবলৈ যায় কিন্তু এজন লোকে পাপ অৰ্জন কৰিবলৈহে গ’ল। লোকজনে যি কাণ্ড কৰিলে সেই কাণ্ডৰ কথা জানিলে আপোনাৰ চকু কপালত উঠিব। 

আমি সকলোৱে জানো যে বৃদ্ধাৱস্থাত পিতৃ-মাতৃৰ আটাইতকৈ ডাঙৰ সহায় হ’ল তেওঁলোকৰ সন্তান। কেঁচুৱা অৱস্থাৰে পৰা অশেষ কষ্ট তথা ত্যাগ স্বীকাৰ কৰি পিতৃ-মাতৃয়ে সন্তানক লালন-পালন কৰি ডাঙৰ-দীঘল কৰে। 

অৱশ্যে এই কলিযুগত যেতিয়া সন্তানৰ পিতৃ-মাতৃক সেৱা কৰাৰ পাল আহে, তেতিয়া তেওঁলোকে পিতৃ-মাতৃক অত্যাচাৰ কৰে, বৃদ্ধাশ্ৰমত থৈ আহে বা যিকোনো ঠাইতে মনে-মনে এৰি থৈ আহে। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখিবলৈ পোৱা গৈছে এক কৰুণ কাহিনী। 

ইণ্টাৰনেটত ভাইৰেল হোৱা এই হৃদয় বিদাৰক ভিডিঅ’ প্ৰয়াগৰাজৰ মহাকুম্ভৰ। ভিডিঅ’টোত এজন ব্যক্তিয়ে এক বৃদ্ধ দম্পতীক সহায় কৰা দেখা গৈছে। এই ভিডিঅ'টোত বৃদ্ধ পিতৃ-মাতৃয়ে কৈছে যে কেনেকৈ তেওঁলোকৰ সন্তানে তেওঁলোকক এনেদৰে পৰিত্যাগ কৰিছে। তেওঁলোকে কান্দি কান্দি নিজৰ দুখৰ কথা বৰ্ণনা কৰে।

তেওঁলোকে কয় যে আমাৰ ‘‘তিনিজনী বোৱাৰীয়ে আমাক বহুত অশান্তি দিয়ে। পুত্ৰয়েও একো চোৱা-চিতা নকৰে আৰু অৱশেষত আমাক ইয়াতে এৰি থৈ গ’ল। এতিয়া আমি ক’ত যাম কি কৰিম একো ভাবি নোপোৱা হৈছোঁ।’’

ভিডিঅ’টো কৰি থকা ব্যক্তিজনে এই বৃদ্ধ দম্পতীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

বৃদ্ধ দম্পতীৰ এই কৰুণ কাহিনীয়ে এতিয়া সকলৰে চকু সেমেকাই তুলিছে৷ সকলোৱে পুত্ৰ-বোৱাৰীক একমুখে গৰিহণা দিছে। কোনো কোনোৱে কৈছে যে কৰ্মফলৰ পৰা কোনো সাৰি যাব নোৱাৰে। এটা সময়ত এনে দুৰ্ভোগ পুত্ৰ-বোৱাৰীয়েও ভুগিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement