--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকুম্ভত মানুহে পাপ মোচন কৰিবলৈ যায় কিন্তু এজন লোকে পাপ অৰ্জন কৰিবলৈহে গ’ল। লোকজনে যি কাণ্ড কৰিলে সেই কাণ্ডৰ কথা জানিলে আপোনাৰ চকু কপালত উঠিব। 

আমি সকলোৱে জানো যে বৃদ্ধাৱস্থাত পিতৃ-মাতৃৰ আটাইতকৈ ডাঙৰ সহায় হ’ল তেওঁলোকৰ সন্তান। কেঁচুৱা অৱস্থাৰে পৰা অশেষ কষ্ট তথা ত্যাগ স্বীকাৰ কৰি পিতৃ-মাতৃয়ে সন্তানক লালন-পালন কৰি ডাঙৰ-দীঘল কৰে। 

অৱশ্যে এই কলিযুগত যেতিয়া সন্তানৰ পিতৃ-মাতৃক সেৱা কৰাৰ পাল আহে, তেতিয়া তেওঁলোকে পিতৃ-মাতৃক অত্যাচাৰ কৰে, বৃদ্ধাশ্ৰমত থৈ আহে বা যিকোনো ঠাইতে মনে-মনে এৰি থৈ আহে। ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখিবলৈ পোৱা গৈছে এক কৰুণ কাহিনী। 

ইণ্টাৰনেটত ভাইৰেল হোৱা এই হৃদয় বিদাৰক ভিডিঅ’ প্ৰয়াগৰাজৰ মহাকুম্ভৰ। ভিডিঅ’টোত এজন ব্যক্তিয়ে এক বৃদ্ধ দম্পতীক সহায় কৰা দেখা গৈছে। এই ভিডিঅ'টোত বৃদ্ধ পিতৃ-মাতৃয়ে কৈছে যে কেনেকৈ তেওঁলোকৰ সন্তানে তেওঁলোকক এনেদৰে পৰিত্যাগ কৰিছে। তেওঁলোকে কান্দি কান্দি নিজৰ দুখৰ কথা বৰ্ণনা কৰে।

তেওঁলোকে কয় যে আমাৰ ‘‘তিনিজনী বোৱাৰীয়ে আমাক বহুত অশান্তি দিয়ে। পুত্ৰয়েও একো চোৱা-চিতা নকৰে আৰু অৱশেষত আমাক ইয়াতে এৰি থৈ গ’ল। এতিয়া আমি ক’ত যাম কি কৰিম একো ভাবি নোপোৱা হৈছোঁ।’’

ভিডিঅ’টো কৰি থকা ব্যক্তিজনে এই বৃদ্ধ দম্পতীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

বৃদ্ধ দম্পতীৰ এই কৰুণ কাহিনীয়ে এতিয়া সকলৰে চকু সেমেকাই তুলিছে৷ সকলোৱে পুত্ৰ-বোৱাৰীক একমুখে গৰিহণা দিছে। কোনো কোনোৱে কৈছে যে কৰ্মফলৰ পৰা কোনো সাৰি যাব নোৱাৰে। এটা সময়ত এনে দুৰ্ভোগ পুত্ৰ-বোৱাৰীয়েও ভুগিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post