--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভমেলাত সোমবাৰে বসন্ত পঞ্চমী উপলক্ষে দিনৰ ১২ বজালৈকে ১ কোটি ২৫ লাখৰো অধিক ভক্তই স্নান কৰে। ত্রিবেণী সংগম ঘাটত মহাকুম্ভমেলাৰ এইটো হৈছে তৃতীয়টো অমৃত স্নান। 

এই স্নানক মহাকুম্ভ মেলাৰ আটাইতকৈ পৱিত্ৰ বুলি গণ্য কৰা হয়। ভক্তসকলে আজি পুৱাৰ ভাগত
গংগা আৰতি কৰে। মহাকুম্ভমেলাৰ পৱিত্ৰ স্নানৰ ভিতৰত মকৰ সংক্রান্তিৰ দিনা, অর্থাৎ ১৪ জানুৱাৰীত আৰু ২৯ জানুৱাৰীত মৌনী অমাৱস্যাৰ দিনা কোটি কোটি লোকে পৱিত্ৰ স্নান কৰে। 

বিশ্বৰ সর্বাধিক ধর্মীয় জনসমাৱেশ হিচাপে পৰিগণিত হোৱা মহাকুম্ভমেলাত বর্তমানলৈ ৩৬ কোটিৰো অধিক লোকে পৱিত্ৰ স্নান কৰে। উত্তৰ প্ৰদেশ চৰকাৰে নিৰাপত্তাৰ দিশ সু-নিশ্চিত কৰাৰ বাবে মহাকুম্ভস্থলী যান-বাহনমুক্ত কৰি ৰাখিছে।



উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post