--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সকাহ নাপালে বাদশ্বাহ শ্বাহৰূখৰ পুত্ৰ আৰিয়ান খানে। বিলাসী জাহাজত ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ গোচৰত নাৰ্ক’টিকছ্ কণ্ট্ৰোল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰা আৰিয়ানে আজি জামিন বিচাৰি আদালতৰ কাষ চাপিছিল যদিও তেওঁক জামিন প্ৰদান কৰা নহ’ল।

আৰিয়ান খানৰ অধিবক্তাৰ জামিন আবেদনৰ প্ৰত্যুত্তৰত এনচিবি-এ আগবঢ়োৱা যুক্তিক অধিক গ্ৰহণযোগ্য বিবেচনা কৰিলে মুম্বাইৰ এখন আদালতে। অহা বৃহস্পতিবাৰলৈ অৰ্থাৎ ৭অক্টোবৰলৈ তেওঁক এনচিবিৰ জিম্মালৈ প্ৰেৰণ কৰিলে আৰিয়ান খানক। এই ৰায় দি এগৰাকী ন্যায়াধীশে কয় যে, এই গোচৰৰ তদন্ত কৰাটো অতি প্ৰয়োজন আৰু ই তদন্তকাৰী আৰু অভিযুক্ত উভয়কে সহায় কৰিব। আৰিয়ানৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকো ৭অক্টোবৰলৈ এন চি বিৰ জিম্মালৈ পঠিওৱা হৈছে। ন্যায়াধীশে এই ৰায় শুনোৱাৰ লগে লগে আটাইকেইজনে আদালতৰ মজিয়াতে উচুপি উঠে। কৰ্ডেলিয়া নামৰ বিলাসী জাহাজখনত পাৰ্টী কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বাদশ্বাহ তনয়সহ আঠজনক। তেওঁলোকৰ জিম্মাৰ পৰা ১৩গ্ৰাম কোকেইন, ২১ গ্ৰাম গাঞ্জা, ২২টা এমডিএমএ টেবলেট আৰু ৫গ্ৰাম এম জি জব্দ কৰা বুলি এনচিবি-এ সদৰি কৰিছে। তদন্তকাৰী সংস্থাটোৱে আৰিয়ানত ১১অক্টোবৰলৈ জিম্মাত বিচাৰিছিল যদিও আদালতে ৭ অক্টোবৰলৈ জিম্মাত দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post