--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সকাহ নাপালে বাদশ্বাহ শ্বাহৰূখৰ পুত্ৰ আৰিয়ান খানে। বিলাসী জাহাজত ড্ৰাগছ পাৰ্টীত অংশ লোৱাৰ গোচৰত নাৰ্ক’টিকছ্ কণ্ট্ৰোল ব্যুৰোৱে গ্ৰেপ্তাৰ কৰা আৰিয়ানে আজি জামিন বিচাৰি আদালতৰ কাষ চাপিছিল যদিও তেওঁক জামিন প্ৰদান কৰা নহ’ল।

আৰিয়ান খানৰ অধিবক্তাৰ জামিন আবেদনৰ প্ৰত্যুত্তৰত এনচিবি-এ আগবঢ়োৱা যুক্তিক অধিক গ্ৰহণযোগ্য বিবেচনা কৰিলে মুম্বাইৰ এখন আদালতে। অহা বৃহস্পতিবাৰলৈ অৰ্থাৎ ৭অক্টোবৰলৈ তেওঁক এনচিবিৰ জিম্মালৈ প্ৰেৰণ কৰিলে আৰিয়ান খানক। এই ৰায় দি এগৰাকী ন্যায়াধীশে কয় যে, এই গোচৰৰ তদন্ত কৰাটো অতি প্ৰয়োজন আৰু ই তদন্তকাৰী আৰু অভিযুক্ত উভয়কে সহায় কৰিব। আৰিয়ানৰ বন্ধু আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাকো ৭অক্টোবৰলৈ এন চি বিৰ জিম্মালৈ পঠিওৱা হৈছে। ন্যায়াধীশে এই ৰায় শুনোৱাৰ লগে লগে আটাইকেইজনে আদালতৰ মজিয়াতে উচুপি উঠে। কৰ্ডেলিয়া নামৰ বিলাসী জাহাজখনত পাৰ্টী কৰি থকা অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বাদশ্বাহ তনয়সহ আঠজনক। তেওঁলোকৰ জিম্মাৰ পৰা ১৩গ্ৰাম কোকেইন, ২১ গ্ৰাম গাঞ্জা, ২২টা এমডিএমএ টেবলেট আৰু ৫গ্ৰাম এম জি জব্দ কৰা বুলি এনচিবি-এ সদৰি কৰিছে। তদন্তকাৰী সংস্থাটোৱে আৰিয়ানত ১১অক্টোবৰলৈ জিম্মাত বিচাৰিছিল যদিও আদালতে ৭ অক্টোবৰলৈ জিম্মাত দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ