--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ পেটৰ পৰা এটা, দুটা..এশটা নহয় ১১৭০টা পাথৰ ওলাল৷ তিনিদিন পূৰ্বে মহিলাগৰাকী তীব্ৰ পেটৰ বিষত ভোগাত হাস্পতালত ভৰ্তি হয়৷ চিকিৎসকে অস্ত্ৰোপচাৰ কৰি তেওঁৰ পেটৰ পৰা বাহিৰ কৰে ১১৭০টা পাথৰ৷

এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাৰিয়ানাৰ ফৰিদাবাদত ৩৬ বছৰীয়া চনপ্ৰীত কৌৰ নামৰ এগৰাকী মহিলাৰ জীৱনত এই ঘটনা সংঘটিত হৈছে। পিত্তথলীৰ পৰা ১১৭০ টা পাথৰ আঁতৰোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে মানুহে নিজৰ স্বাস্থ্যক লৈ সচেতন হোৱাৰ কথা ভাবিছে। পেটৰ তীব্ৰ বিষত ভুগি থকা মহিলাগৰাকীক ফৰ্টিছ এস্কৰ্টছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

আল্ট্ৰাছাউণ্ড আৰু ডায়েগনষ্টিক টেষ্টত চনপ্ৰীত কৌৰৰ পিত্তথলীত বহু পাথৰ থকাৰ কথা ধৰা পৰে। এই পাথৰবোৰৰ ভিতৰত বহুকেইটা পাথৰ সাধাৰণ পিত্তনলীত প্ৰৱেশ কৰিছিল, যাৰ বাবে তেওঁ পেনক্ৰিয়াটাইটিছৰ সমস্যাত ভুগিছিল।

চিকিৎসকসকলে প্ৰথমে এণ্ড’স্কপিক ৰেট্ৰ’গ্ৰেড কলেঞ্জিঅ’পেনক্ৰিয়াট’গ্ৰাফী (ERCP) পদ্ধতিৰে সাধাৰণ পিত্তনলীৰ পৰা পাথৰ আঁতৰাইছিল আৰু তাৰপাছত পিত্তথলীৰ পৰা বাকী থকা পাথৰবোৰ একক ছিদ্ৰযুক্ত লেপাৰ’স্কপিক অস্ত্ৰোপচাৰৰ সহায়ত আঁতৰাই পেলাইছিল।

চিকিৎসালয়খনৰ সাধাৰণ অস্ত্ৰোপচাৰ বিভাগৰ সঞ্চালক ডাঃ বি ডি পাঠকে কয় যে এইটো এটা বিৰল ঘটনা, য’ত ৰোগীৰ পিত্তথলীৰ পৰা ১১৭০টা পাথৰ আঁতৰোৱা হৈছিল। সময়মতে ৰোগীৰ চিকিৎসা নকৰিলে মূত্ৰাশয়ত ফুটা হোৱাৰ সমস্যাও হ’ব পাৰে। এইটো আছিল তীব্ৰ কলেচিষ্টাইটিছৰ বিৰল ক্ষেত্ৰ, যিয়ে পিত্তথলীৰ প্ৰদাহো সৃষ্টি কৰে।

তেওঁ কয় যে পাথৰৰ সমস্যাক কেতিয়াও আওকাণ কৰিব নালাগে। এই বিষয়ত অৱহেলা কৰিলে স্বাস্থ্য সম্পৰ্কীয় অন্যান্য সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু কেতিয়াবা ৰোগীৰ অসুস্থতা আনকি মৃত্যুও হ’ব পাৰে।

কলেষ্টেৰল বৃদ্ধি পাথৰ গঠনৰ প্ৰধান কাৰণ

ডাঃ বি ডি পাঠকে সেই কথা কৈছিল প্ৰায় ১৫ বছৰ আগতে যেতিয়া তেওঁ চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়াইছিল। সেই সময়ছোৱাত এগৰাকী মহিলাৰ পিত্তথলীৰ পৰা ৫৫০ টা পাথৰ আঁতৰোৱা হৈছিল। পাথৰ গঠন হোৱাৰ মূল কাৰণ হ’ল কলেষ্টেৰল বৃদ্ধি। শৰীৰত কলেষ্টেৰল বৃদ্ধি হ’লে পাথৰ গঠন হ’বলৈ আৰম্ভ কৰে।

চিকিৎসা নকৰিলে ইয়াৰ সংখ্যা নিজাববীয়াকৈ বাঢ়ি যায়। বেছিকৈ ফাষ্ট ফুড সেৱন আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ নকৰিলে এই সমস্যা বাঢ়ে। গতিকে কেতিয়াবা পেটৰ বিষ হ’লে পৰীক্ষা কৰাব লাগে। আল্ট্ৰাছাউণ্ডৰ জৰিয়তে অৱস্থাটো স্পষ্ট হৈ পৰে আৰু চিকিৎসাৰ লগে লগে ব্যক্তি এজন সুস্থ হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ