--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব ক্ৰিকেটত চাৰি আৰু ছয়ৰ কথা আহিলে চাৰিতকৈ ছয়ক বেছি গুৰুত্ব দিয়া হয়। কিন্তু বেটছমেনে ছয় মাৰিবলৈ কোনো প্ৰচেষ্টা চলাব নালাগে, বৰঞ্চ চাৰিৰ সহায়ত নিজৰ শ্বট নিয়ন্ত্ৰণ কৰা বেটছমেনজন অধিক সফল বুলি প্ৰমাণিত হয়। বিগত বছৰবোৰত এক অভাৰৰ একেৰাহে ছটা বলত ছয়টা ছয়ৰ দুটা কৃতিত্ব সম্পন্ন হৈছে। ইয়াৰে এটা ভাৰতৰ যুৱৰাজ সিঙে টি-২০ ক্ৰিকেটত আৰু আনটো দক্ষিণ আফ্ৰিকাৰ হৰ্শাল গিবছে এদিনীয়া ক্ৰিকেটত সম্পন্ন কৰে। কিন্তু এটা অভাৰৰ একেৰাহে ৬টা বলত ৬টা চাৰি মাৰি কৃতিত্ব কিমানবাৰ পুনৰাবৃত্তি হৈছে জানেনে?


ক্ৰিকেট ইতিহাসৰ পৃষ্ঠাবোৰ লুটিয়াই চালে এই অনন্য কৃতিত্ব ৫ বাৰ সম্পন্ন হৈছে। য’ত এই কৃতিত্ব কেৱল যোৱা দুটা দশকত ৪ বাৰকৈ সম্পন্ন হৈছে। কিন্তু কোনকেইজন বেটছমেনে এই আচৰিত কৃতিত্ব অৰ্জন কৰিলে? জানো আহক -

১) সনাথ জয়সূৰ্য্যঃ ২০০৭ চনত কেণ্ডীত ইংলেণ্ডৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচত শ্ৰীলংকাৰ বিস্ফোৰক বেটছমেন সনাথ জয়সূৰিয়াই এই কৃতিত্ব অৰ্জন কৰিছিল আৰু দ্ৰুত বলাৰ জেমছ এণ্ডাৰছনৰ একেৰাহে ৬টা বলত ৬টা চাৰি মাৰিছিল। মেচখনৰ তৃতীয় ইনিংছত জয়সূৰিয়াই এই কৃতিত্ব অৰ্জন কৰিছিল আৰু ১০৬টা বলত উজ্জ্বল ৭৮ ৰান সংগ্ৰহ কৰিছিল। জয়সূৰ্য্যৰ এই ধুমুহাময় ইনিংছৰ বাবেই প্ৰথম ইনিংছত পিছ পৰি থকা শ্ৰীলংকাই টেষ্ট মেচখনত ৮৮ ৰানত জয়লাভ কৰে।


২) ৰামনাৰেশ সৰৱানঃ ৱেষ্ট ইণ্ডিজ দলৰ নিৰ্ভৰযোগ্য বেটছমেন ৰামনাৰেশ সৰৱান আছিল এজন উৎকৃষ্ট ক্ৰিকেটাৰ। প্ৰতিটো ধৰণৰ পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব জানিছিল। ২০০৬ চনত ছেইণ্ট কিটছত ভাৰতৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচত সৰৱানৰ উগ্ৰ ফৰ্ম দেখা গৈছিল যেতিয়া তেওঁ ভাৰতীয় মধ্যম গতিৰ বলাৰ মুনাফ পেটেলৰ এটা অভাৰত ৬টা চাৰি মাৰিছিল।

৩) ক্ৰীছ গেইল: ২০০৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা টেষ্ট মেচত ৱেষ্ট ইণ্ডিজৰ ধুমুহাময় বেটছমেন ক্ৰীছ গেইলে ৬ বলত ৬টা চাৰি মাৰি কৃতিত্ব অৰ্জন কৰিছিল। ইংলেণ্ডৰ ৪৭০ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে ৱেষ্ট ইণ্ডিজৰ ১৫২ ৰানলৈ হ্ৰাস পায়, তাৰ পিছত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক টাৰগেত দিয়ে ৷ক্ৰীছ গেইলে অ’পেনাৰ আহি লগে লগে খেলপথাৰৰ চাৰিওফালে চাৰি আৰু ছয়ৰ জোৱাৰ নমায় ৷

৪) টিল্লাকাৰত্নে দিলছানঃ ২০১৫ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এটা অভাৰত ৬টা চাৰি মাৰে শ্ৰীলংকাৰ ধুমুহাময় বেটছমেন টিল্লাকাৰত্নে দিলছানে। অষ্ট্ৰেলিয়াৰ পৰা ৩৭৭ ৰানৰ বিশাল স্ক’ৰ খেদিবলৈ অহা শ্ৰীলংকা দলৰ অ’পেনাৰ দিলশানে আৰম্ভণিৰে পৰাই বিস্ফোৰক ৰূপত বেটিং কৰা দেখা গৈছিল। ইনিংছৰ ষষ্ঠ অভাৰত বলিং কৰিবলৈ অহা মিচেল জনছনক থ্ৰেছ কৰি তেওঁৰ অভাৰৰ ছয় বলত ৬টা চাৰি মাৰে।


৫) সন্দীপ পাটিলঃ ১৯৮২ চনত অল্ড ট্ৰেফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা মেচখনত সন্দীপ পাটিলে এই কৃতিত্ব অৰ্জন কৰিছিল। প্ৰথম ইনিংছত ইংলেণ্ডৰ ৪২৫ ৰানৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা ভাৰতীয় দলে এটা সময়ত ১৩৬ ৰানত ৫টা উইকেট হেৰুৱাইছিল।

৬) পাথুম নিশাংকাৰঃ শ্ৰীলংকাৰ ইনিংছৰ চতুৰ্থ অভাৰত দ্বিতীয় টি 20 ত শ্বামাৰ জোচেফৰ বলত এক অভাৰত 6 টা চাৰি কোবাই ইতিহাস সৃষ্টি কৰে পাথুম নিশাংকাই । ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰে 25 ৰাণ ৷ অৱশ্যে জোচেফৰ তৃতীয়টো বল ৱাইড হৈ যায় । 





FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী