--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব ক্ৰিকেটত চাৰি আৰু ছয়ৰ কথা আহিলে চাৰিতকৈ ছয়ক বেছি গুৰুত্ব দিয়া হয়। কিন্তু বেটছমেনে ছয় মাৰিবলৈ কোনো প্ৰচেষ্টা চলাব নালাগে, বৰঞ্চ চাৰিৰ সহায়ত নিজৰ শ্বট নিয়ন্ত্ৰণ কৰা বেটছমেনজন অধিক সফল বুলি প্ৰমাণিত হয়। বিগত বছৰবোৰত এক অভাৰৰ একেৰাহে ছটা বলত ছয়টা ছয়ৰ দুটা কৃতিত্ব সম্পন্ন হৈছে। ইয়াৰে এটা ভাৰতৰ যুৱৰাজ সিঙে টি-২০ ক্ৰিকেটত আৰু আনটো দক্ষিণ আফ্ৰিকাৰ হৰ্শাল গিবছে এদিনীয়া ক্ৰিকেটত সম্পন্ন কৰে। কিন্তু এটা অভাৰৰ একেৰাহে ৬টা বলত ৬টা চাৰি মাৰি কৃতিত্ব কিমানবাৰ পুনৰাবৃত্তি হৈছে জানেনে?


ক্ৰিকেট ইতিহাসৰ পৃষ্ঠাবোৰ লুটিয়াই চালে এই অনন্য কৃতিত্ব ৫ বাৰ সম্পন্ন হৈছে। য’ত এই কৃতিত্ব কেৱল যোৱা দুটা দশকত ৪ বাৰকৈ সম্পন্ন হৈছে। কিন্তু কোনকেইজন বেটছমেনে এই আচৰিত কৃতিত্ব অৰ্জন কৰিলে? জানো আহক -

১) সনাথ জয়সূৰ্য্যঃ ২০০৭ চনত কেণ্ডীত ইংলেণ্ডৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচত শ্ৰীলংকাৰ বিস্ফোৰক বেটছমেন সনাথ জয়সূৰিয়াই এই কৃতিত্ব অৰ্জন কৰিছিল আৰু দ্ৰুত বলাৰ জেমছ এণ্ডাৰছনৰ একেৰাহে ৬টা বলত ৬টা চাৰি মাৰিছিল। মেচখনৰ তৃতীয় ইনিংছত জয়সূৰিয়াই এই কৃতিত্ব অৰ্জন কৰিছিল আৰু ১০৬টা বলত উজ্জ্বল ৭৮ ৰান সংগ্ৰহ কৰিছিল। জয়সূৰ্য্যৰ এই ধুমুহাময় ইনিংছৰ বাবেই প্ৰথম ইনিংছত পিছ পৰি থকা শ্ৰীলংকাই টেষ্ট মেচখনত ৮৮ ৰানত জয়লাভ কৰে।


২) ৰামনাৰেশ সৰৱানঃ ৱেষ্ট ইণ্ডিজ দলৰ নিৰ্ভৰযোগ্য বেটছমেন ৰামনাৰেশ সৰৱান আছিল এজন উৎকৃষ্ট ক্ৰিকেটাৰ। প্ৰতিটো ধৰণৰ পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাব জানিছিল। ২০০৬ চনত ছেইণ্ট কিটছত ভাৰতৰ বিৰুদ্ধে খেলা এখন টেষ্ট মেচত সৰৱানৰ উগ্ৰ ফৰ্ম দেখা গৈছিল যেতিয়া তেওঁ ভাৰতীয় মধ্যম গতিৰ বলাৰ মুনাফ পেটেলৰ এটা অভাৰত ৬টা চাৰি মাৰিছিল।

৩) ক্ৰীছ গেইল: ২০০৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে অ’ভেলত অনুষ্ঠিত হোৱা টেষ্ট মেচত ৱেষ্ট ইণ্ডিজৰ ধুমুহাময় বেটছমেন ক্ৰীছ গেইলে ৬ বলত ৬টা চাৰি মাৰি কৃতিত্ব অৰ্জন কৰিছিল। ইংলেণ্ডৰ ৪৭০ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে ৱেষ্ট ইণ্ডিজৰ ১৫২ ৰানলৈ হ্ৰাস পায়, তাৰ পিছত ইংলেণ্ডে ৱেষ্ট ইণ্ডিজক টাৰগেত দিয়ে ৷ক্ৰীছ গেইলে অ’পেনাৰ আহি লগে লগে খেলপথাৰৰ চাৰিওফালে চাৰি আৰু ছয়ৰ জোৱাৰ নমায় ৷

৪) টিল্লাকাৰত্নে দিলছানঃ ২০১৫ চনৰ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এটা অভাৰত ৬টা চাৰি মাৰে শ্ৰীলংকাৰ ধুমুহাময় বেটছমেন টিল্লাকাৰত্নে দিলছানে। অষ্ট্ৰেলিয়াৰ পৰা ৩৭৭ ৰানৰ বিশাল স্ক’ৰ খেদিবলৈ অহা শ্ৰীলংকা দলৰ অ’পেনাৰ দিলশানে আৰম্ভণিৰে পৰাই বিস্ফোৰক ৰূপত বেটিং কৰা দেখা গৈছিল। ইনিংছৰ ষষ্ঠ অভাৰত বলিং কৰিবলৈ অহা মিচেল জনছনক থ্ৰেছ কৰি তেওঁৰ অভাৰৰ ছয় বলত ৬টা চাৰি মাৰে।


৫) সন্দীপ পাটিলঃ ১৯৮২ চনত অল্ড ট্ৰেফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা মেচখনত সন্দীপ পাটিলে এই কৃতিত্ব অৰ্জন কৰিছিল। প্ৰথম ইনিংছত ইংলেণ্ডৰ ৪২৫ ৰানৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ অহা ভাৰতীয় দলে এটা সময়ত ১৩৬ ৰানত ৫টা উইকেট হেৰুৱাইছিল।

৬) পাথুম নিশাংকাৰঃ শ্ৰীলংকাৰ ইনিংছৰ চতুৰ্থ অভাৰত দ্বিতীয় টি 20 ত শ্বামাৰ জোচেফৰ বলত এক অভাৰত 6 টা চাৰি কোবাই ইতিহাস সৃষ্টি কৰে পাথুম নিশাংকাই । ক্ৰিকেটাৰগৰাকীয়ে সংগ্ৰহ কৰে 25 ৰাণ ৷ অৱশ্যে জোচেফৰ তৃতীয়টো বল ৱাইড হৈ যায় । 





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ