--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়া খুব সুন্দৰকৈ চলি আছিল কিন্তু বতৰে দিলে বিধি-পথালি। বিয়াঘৰত লাগিল হাহাকাৰ। প্ৰচণ্ড বৰষুণে বিয়াৰ মণ্ডপটো নষ্ট কৰি পেলালে।হিন্দু প্ৰথা মতে বিয়াৰ প্ৰায় সকলো ৰীতি-নীতি সম্পন্ন হৈছিল মাত্ৰ অলপ নিয়ম বাকী আছিল তেতিয়াই ধাৰাষাৰে নামি আহিল বৰষুণ। শেষ মুহূৰ্তত ধাৰাসাৰ বৰষুণে মণ্ডপটো তিয়াই পেলায়, যাৰ ফলত সমগ্ৰ বিয়াঘৰত অস্থিৰতাই বিৰাজ কৰিলে।

ইফালে ওচৰৰ এটা বিবাহ ভৱনত এটা মুছলমান পৰিয়ালৰ বিয়াৰ অভ্যৰ্থনা চলি আছিল। বিয়াঘৰৰ পৰিয়ালৰ একাংশ বয়োজ্যেষ্ঠ লোকে যেতিয়া তালৈ সহায় বিচাৰি গল, তেতিয়া মুছলমান পৰিয়ালটোৱে কোনো সংকোচ নকৰাকৈয়ে প্ৰায় এঘণ্টা ধৰি নিজৰ মঞ্চ  এৰি দিলে। তাতে মংগল অষ্টকম আৰু পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ সম্পন্ন হল হিন্দু দৰা-কইনাৰ।

হিন্দু আৰু মুছলমান দৰা-কইনাই  বিয়াৰ মঞ্চত একেলগে ভাগ ললে। কইনাৰ আত্মীয়ই কয় যে দুয়োটা ধৰ্মৰ সহযোগত বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰা হৈছে। 

এই বিবাহৰ পিছত দুয়োটা ধৰ্মৰ মানুহে একেলগে খাদ্য খাইছিল। এই দৃশ্যটো হৈ পৰিল পাৰস্পৰিক সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ নিদৰ্শন। ধৰ্মক লৈ সমাজত উত্তেজনাৰ বাতৰি সঘনাই প্ৰকাশ পোৱাৰ সময়ত এনে উদাহৰণে মানুহক একেলগে জীয়াই থকাৰ পথ দেখুৱাই দিলে। এই ঘটনা ঘটিছে পুনেৰ ৱানাৱাড়ী অঞ্চলত। এই ঘটনাক লৈ পুনেৰ মানুহৰ মাজত ইতিবাচক চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে