--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিয়া খুব সুন্দৰকৈ চলি আছিল কিন্তু বতৰে দিলে বিধি-পথালি। বিয়াঘৰত লাগিল হাহাকাৰ। প্ৰচণ্ড বৰষুণে বিয়াৰ মণ্ডপটো নষ্ট কৰি পেলালে।হিন্দু প্ৰথা মতে বিয়াৰ প্ৰায় সকলো ৰীতি-নীতি সম্পন্ন হৈছিল মাত্ৰ অলপ নিয়ম বাকী আছিল তেতিয়াই ধাৰাষাৰে নামি আহিল বৰষুণ। শেষ মুহূৰ্তত ধাৰাসাৰ বৰষুণে মণ্ডপটো তিয়াই পেলায়, যাৰ ফলত সমগ্ৰ বিয়াঘৰত অস্থিৰতাই বিৰাজ কৰিলে।

ইফালে ওচৰৰ এটা বিবাহ ভৱনত এটা মুছলমান পৰিয়ালৰ বিয়াৰ অভ্যৰ্থনা চলি আছিল। বিয়াঘৰৰ পৰিয়ালৰ একাংশ বয়োজ্যেষ্ঠ লোকে যেতিয়া তালৈ সহায় বিচাৰি গল, তেতিয়া মুছলমান পৰিয়ালটোৱে কোনো সংকোচ নকৰাকৈয়ে প্ৰায় এঘণ্টা ধৰি নিজৰ মঞ্চ  এৰি দিলে। তাতে মংগল অষ্টকম আৰু পৰম্পৰাগত ৰীতি-নীতিৰে বিবাহ সম্পন্ন হল হিন্দু দৰা-কইনাৰ।

হিন্দু আৰু মুছলমান দৰা-কইনাই  বিয়াৰ মঞ্চত একেলগে ভাগ ললে। কইনাৰ আত্মীয়ই কয় যে দুয়োটা ধৰ্মৰ সহযোগত বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰা হৈছে। 

এই বিবাহৰ পিছত দুয়োটা ধৰ্মৰ মানুহে একেলগে খাদ্য খাইছিল। এই দৃশ্যটো হৈ পৰিল পাৰস্পৰিক সম্প্ৰীতি আৰু সামাজিক ঐক্যৰ নিদৰ্শন। ধৰ্মক লৈ সমাজত উত্তেজনাৰ বাতৰি সঘনাই প্ৰকাশ পোৱাৰ সময়ত এনে উদাহৰণে মানুহক একেলগে জীয়াই থকাৰ পথ দেখুৱাই দিলে। এই ঘটনা ঘটিছে পুনেৰ ৱানাৱাড়ী অঞ্চলত। এই ঘটনাক লৈ পুনেৰ মানুহৰ মাজত ইতিবাচক চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ