--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধাভিযানত মহিলাৰ অংশগ্ৰহণৰ এক ঐতিহাসিক ক্ষণৰ কথা প্ৰকাশ কৰি মঙলবাৰে সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি এছ এফ) প্রকাশ কৰে যে অপাৰেশ্যন সেন্দূৰত সেনাৰ মহিলা বিষয়া-জোৱানেও অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। বি এছ এফৰ জম্মুৰ মহা-পৰিদৰ্শক শশাংক আনন্দই কয়, 'অপাৰেশ্যন সেন্দূৰৰ সময়ত বি এছ এফৰ মহিলা জোৱানে অগ্ৰৱৰ্তী চকীত (ফৰৱাৰ্ড ডিউটি প'ষ্ট) যুদ্ধ কৰিছিল। আমাৰ বীৰাংগনা মহিলা জোৱান সহকাৰী কমাণ্ডেণ্ট নেহা ভাণ্ডাৰীয়ে এটা অগ্রৱৰ্তী চকীত নেতৃত্ব দিছিল। কনিষ্টবল মনজিত কৌৰ, কনিষ্টবল মালকিত কৌৰ, কনিষ্টবল জ্যোতি, কনিষ্টবল চম্পা আৰু কনিষ্টবল স্বপ্নাকে ধৰি আনসকলে অভিযানৰ সময়ত অগ্ৰৱৰ্তী চকীত পাকিস্তানৰ বিৰুদ্ধে যুঁজিছিল।

অপাৰেশ্যন সিন্দূৰঃ বি এছ এফে ৭৬টা পাকিস্তানী চকী আৰু ৪২টা অগ্ৰৱৰ্তী প্ৰতিৰক্ষা স্থানত চলাইছিল আক্রমণ:

বি এছ এফে মঙলবাৰে আৰু জনায় যে অপাৰেশ্যন সেন্দূৰৰ সময়ত জম্মু ফ্রন্টিয়াৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত (আই বি) অপ্ৰৰোচিতভাৱে পাকিস্তানী ৰেঞ্জাৰে কৰা গুলী আৰু গোলাবর্ষণৰ শক্তিশালী প্ৰত্যুত্তৰত বি এছ এফে ৭৬টা পাকিস্তানী সীমান্ত চকী আৰু ৪২টা অগ্ৰৱৰ্তী প্ৰতিৰক্ষা স্থান (ফৰৱাৰ্ড ডিফেন্স লকেশ্যন-এফ ডি এল) লক্ষ্য কৰি আক্ৰমণ কৰে আৰু তিনিটা সন্ত্রাসবাদী লান্স পেড (অভিযানৰ বাবে সাজু হৈ থকা সন্ত্রাসবাদীৰ শিবিৰ) ধ্বংস কৰে।

বি এছ এফৰ উপ-মহাপৰিদৰ্শক চিতেৰপাল সিঙে কয়, 'পাকিস্তানে আমাৰ ৬০টা সীমান্ত চকী আৰু ৪৯টা এফ ডি এললৈ গুলী-গোলাবর্ষণ কৰে। প্ৰত্যুত্তৰত আমি তেওঁলোকৰ ৭৬টা চকী আৰু ৪২টা এফ ডি এললৈ গুলী-গোলাবর্ষণ কৰোঁ।' আনহাতে, জম্মু ফ্রন্টিয়াৰৰ বি এছ এফৰ মহা-পৰিদৰ্শক শশাংক আনন্দই কয়, '৯ মে'ৰ নিশা চিকেন নেক অঞ্চলৰ (জম্মু-কাশ্মীৰ) বিপৰীত অঞ্চলত বিশেষ অস্ত্ৰৰে লস্কৰ-এ-তৈয়বাৰ এটা লান্স পেড ধ্বংস কৰা হয়।' তেওঁ আৰু কয় যে লোনী, মস্তপুৰ আৰু চাব্বৰাত তিনিটা লান্স পেড ধ্বংস কৰা হয়।

পাকিস্তানী চকী আৰু সন্ত্রাসবাদী লান্স পেড আক্রমণত পাকিস্তানী ৰেঞ্জাৰৰ কেইবাজনো জোৱান তথা সন্ত্রাসবাদী নিহত হয় বুলি আনন্দই কয়। বি এছ এফে জনায় যে ১০ মে'ৰ পুৱা পাকিস্তানৰ ড্ৰ'ন আক্ৰমণত বি এছ এফৰ দুজন আৰু সেনাৰ এজন জোৱান নিহত হৈছিল। বি এছ এফৰ উক্ত দুজন শ্বহীদৰ সন্মানত বি এছ এফে দুটা চকী তেওঁলোকৰ নামেৰে নামকৰণ কৰিব। তদুপৰি, চাম্বাৰ এটা চকীৰ নাম ৰখা হ'ব 'সিন্দূৰ'।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ