--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধাভিযানত মহিলাৰ অংশগ্ৰহণৰ এক ঐতিহাসিক ক্ষণৰ কথা প্ৰকাশ কৰি মঙলবাৰে সীমান্ত নিৰাপত্তা বাহিনীয়ে (বি এছ এফ) প্রকাশ কৰে যে অপাৰেশ্যন সেন্দূৰত সেনাৰ মহিলা বিষয়া-জোৱানেও অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। বি এছ এফৰ জম্মুৰ মহা-পৰিদৰ্শক শশাংক আনন্দই কয়, 'অপাৰেশ্যন সেন্দূৰৰ সময়ত বি এছ এফৰ মহিলা জোৱানে অগ্ৰৱৰ্তী চকীত (ফৰৱাৰ্ড ডিউটি প'ষ্ট) যুদ্ধ কৰিছিল। আমাৰ বীৰাংগনা মহিলা জোৱান সহকাৰী কমাণ্ডেণ্ট নেহা ভাণ্ডাৰীয়ে এটা অগ্রৱৰ্তী চকীত নেতৃত্ব দিছিল। কনিষ্টবল মনজিত কৌৰ, কনিষ্টবল মালকিত কৌৰ, কনিষ্টবল জ্যোতি, কনিষ্টবল চম্পা আৰু কনিষ্টবল স্বপ্নাকে ধৰি আনসকলে অভিযানৰ সময়ত অগ্ৰৱৰ্তী চকীত পাকিস্তানৰ বিৰুদ্ধে যুঁজিছিল।

অপাৰেশ্যন সিন্দূৰঃ বি এছ এফে ৭৬টা পাকিস্তানী চকী আৰু ৪২টা অগ্ৰৱৰ্তী প্ৰতিৰক্ষা স্থানত চলাইছিল আক্রমণ:

বি এছ এফে মঙলবাৰে আৰু জনায় যে অপাৰেশ্যন সেন্দূৰৰ সময়ত জম্মু ফ্রন্টিয়াৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত (আই বি) অপ্ৰৰোচিতভাৱে পাকিস্তানী ৰেঞ্জাৰে কৰা গুলী আৰু গোলাবর্ষণৰ শক্তিশালী প্ৰত্যুত্তৰত বি এছ এফে ৭৬টা পাকিস্তানী সীমান্ত চকী আৰু ৪২টা অগ্ৰৱৰ্তী প্ৰতিৰক্ষা স্থান (ফৰৱাৰ্ড ডিফেন্স লকেশ্যন-এফ ডি এল) লক্ষ্য কৰি আক্ৰমণ কৰে আৰু তিনিটা সন্ত্রাসবাদী লান্স পেড (অভিযানৰ বাবে সাজু হৈ থকা সন্ত্রাসবাদীৰ শিবিৰ) ধ্বংস কৰে।

বি এছ এফৰ উপ-মহাপৰিদৰ্শক চিতেৰপাল সিঙে কয়, 'পাকিস্তানে আমাৰ ৬০টা সীমান্ত চকী আৰু ৪৯টা এফ ডি এললৈ গুলী-গোলাবর্ষণ কৰে। প্ৰত্যুত্তৰত আমি তেওঁলোকৰ ৭৬টা চকী আৰু ৪২টা এফ ডি এললৈ গুলী-গোলাবর্ষণ কৰোঁ।' আনহাতে, জম্মু ফ্রন্টিয়াৰৰ বি এছ এফৰ মহা-পৰিদৰ্শক শশাংক আনন্দই কয়, '৯ মে'ৰ নিশা চিকেন নেক অঞ্চলৰ (জম্মু-কাশ্মীৰ) বিপৰীত অঞ্চলত বিশেষ অস্ত্ৰৰে লস্কৰ-এ-তৈয়বাৰ এটা লান্স পেড ধ্বংস কৰা হয়।' তেওঁ আৰু কয় যে লোনী, মস্তপুৰ আৰু চাব্বৰাত তিনিটা লান্স পেড ধ্বংস কৰা হয়।

পাকিস্তানী চকী আৰু সন্ত্রাসবাদী লান্স পেড আক্রমণত পাকিস্তানী ৰেঞ্জাৰৰ কেইবাজনো জোৱান তথা সন্ত্রাসবাদী নিহত হয় বুলি আনন্দই কয়। বি এছ এফে জনায় যে ১০ মে'ৰ পুৱা পাকিস্তানৰ ড্ৰ'ন আক্ৰমণত বি এছ এফৰ দুজন আৰু সেনাৰ এজন জোৱান নিহত হৈছিল। বি এছ এফৰ উক্ত দুজন শ্বহীদৰ সন্মানত বি এছ এফে দুটা চকী তেওঁলোকৰ নামেৰে নামকৰণ কৰিব। তদুপৰি, চাম্বাৰ এটা চকীৰ নাম ৰখা হ'ব 'সিন্দূৰ'।
উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত