--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট দলৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে কয় যে ক্ৰিকেটৰ তিনিওটা ফর্মেটত দীঘলীয়া সময় খেলি থকাটো কঠিন। তেওঁ কয় যে কোনটো ফর্মেটত খেলি থাকিব সেই বিষয়ে এটা সময়ত তেৱোঁ সিদ্ধান্ত ল'ব লাগিব। 

উল্লেখযোগ্য যে ভাৰতীয় দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰে ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত এই বুলি কৈছিল যে বুমৰাহে ভ্রমণটোত পাঁচখন টেষ্টৰ আটাইকেইখনত খেলিব নোৱাৰিবও পাৰে। 

বুমৰাহে এটা সাক্ষাৎকাৰত কয়, 'নিশ্চিত ৰূপত এজন খেলুৱৈৰ বাবে তিনিওটা ফর্মেটত ইমান দীঘলীয়া সময় খেলি থকাটো কঠিন। মই কিছু সময় সেইটো কৰি আছোঁ, কিন্তু আপোনাৰ শৰীৰ কেনেকুৱা হৈ আছে, আৰু কোনখন প্রতিযোগিতা গুৰুত্বপূৰ্ণ সেই কথা আপুনি বুজি পোৱা উচিত।' ৩১ বছৰীয়া বুমৰাহে ৪৫খন টেষ্ট, ৮৯খন এদিনীয়া আৰু ৭০খন টি-২০ মেচ খেলিছে। তেওঁ আই পি এলৰ ১৪৫খন মেচ খেলিছে। বুমৰাহে কয়, 'আপুনি বাছনি কৰি ল'ব লাগিব আৰু আপোনাৰ শৰীৰৰ ব্যৱহাৰৰ কৌশল সম্পর্কে বুজি পাব লাগিব। এজন ক্রিকেটাৰ হিচাপে মই কেতিয়া একো এৰিবলৈ নিবিচাৰোঁ আৰু সদায় আগবাঢ়ি যাবলৈ বিচাৰোঁ।' 

বুমৰাহে কয় যে তেওঁ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত খেলাৰ আশা কৰিছে আৰু ইয়াক নিজৰ বাবে এক প্ৰেৰণা বুলি উল্লেখ কৰে। তেওঁ কয়, 'অলিম্পিকত ক্রিকেটত অন্তর্ভুক্ত কৰা হৈছে আৰু সেয়েহে মই ইয়াক লৈ উৎসাহিত। ক্রিকেট অলিম্পিকৰ এবিধ খেল হ'ব বুলি কোনে ভাবিছিল? ই মোৰ বাবে প্ৰকৃততে ৰোমাঞ্চকৰ, কিন্তু মই লক্ষ্য নির্ধাৰণ কৰা নাই, কিয়নো মই যেতিয়াই লক্ষ্য নির্ধাৰণ কৰোঁ তেতিয়াই সেই লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ