--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট দলৰ তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহে কয় যে ক্ৰিকেটৰ তিনিওটা ফর্মেটত দীঘলীয়া সময় খেলি থকাটো কঠিন। তেওঁ কয় যে কোনটো ফর্মেটত খেলি থাকিব সেই বিষয়ে এটা সময়ত তেৱোঁ সিদ্ধান্ত ল'ব লাগিব। 

উল্লেখযোগ্য যে ভাৰতীয় দলৰ মুখ্য নির্বাচক অজিত আগৰকাৰে ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা কৰাৰ সময়ত এই বুলি কৈছিল যে বুমৰাহে ভ্রমণটোত পাঁচখন টেষ্টৰ আটাইকেইখনত খেলিব নোৱাৰিবও পাৰে। 

বুমৰাহে এটা সাক্ষাৎকাৰত কয়, 'নিশ্চিত ৰূপত এজন খেলুৱৈৰ বাবে তিনিওটা ফর্মেটত ইমান দীঘলীয়া সময় খেলি থকাটো কঠিন। মই কিছু সময় সেইটো কৰি আছোঁ, কিন্তু আপোনাৰ শৰীৰ কেনেকুৱা হৈ আছে, আৰু কোনখন প্রতিযোগিতা গুৰুত্বপূৰ্ণ সেই কথা আপুনি বুজি পোৱা উচিত।' ৩১ বছৰীয়া বুমৰাহে ৪৫খন টেষ্ট, ৮৯খন এদিনীয়া আৰু ৭০খন টি-২০ মেচ খেলিছে। তেওঁ আই পি এলৰ ১৪৫খন মেচ খেলিছে। বুমৰাহে কয়, 'আপুনি বাছনি কৰি ল'ব লাগিব আৰু আপোনাৰ শৰীৰৰ ব্যৱহাৰৰ কৌশল সম্পর্কে বুজি পাব লাগিব। এজন ক্রিকেটাৰ হিচাপে মই কেতিয়া একো এৰিবলৈ নিবিচাৰোঁ আৰু সদায় আগবাঢ়ি যাবলৈ বিচাৰোঁ।' 

বুমৰাহে কয় যে তেওঁ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত খেলাৰ আশা কৰিছে আৰু ইয়াক নিজৰ বাবে এক প্ৰেৰণা বুলি উল্লেখ কৰে। তেওঁ কয়, 'অলিম্পিকত ক্রিকেটত অন্তর্ভুক্ত কৰা হৈছে আৰু সেয়েহে মই ইয়াক লৈ উৎসাহিত। ক্রিকেট অলিম্পিকৰ এবিধ খেল হ'ব বুলি কোনে ভাবিছিল? ই মোৰ বাবে প্ৰকৃততে ৰোমাঞ্চকৰ, কিন্তু মই লক্ষ্য নির্ধাৰণ কৰা নাই, কিয়নো মই যেতিয়াই লক্ষ্য নির্ধাৰণ কৰোঁ তেতিয়াই সেই লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ।'

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত