--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গুলবীৰ সিঙে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ পুৰুষৰ ৫০০০ মিটাৰ দৌৰত প্ৰতিযোগিতাৰ অভিলেখ ভংগ কৰাৰ লগতে দ্বিতীয়টো স্বর্ণ পদক জয় কৰে। ইয়াৰ জৰিয়তে গুলবীৰে দীৰ্ঘ দূৰত্বৰ দৌৰত ভাৰতৰ মহান খেলুৱৈসকলৰ তালিকাত নাম লিপিবদ্ধ কৰে। 

ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী গুলবীৰে ১৩ মিনিট ২৪.৭৭ছেকেণ্ড সময় লৈ থাইলেণ্ডৰ কিৰন টুনটিভেটক পাছ পেলায়। টুনটিভেটে ১৩ মিনিট ২৪.৯৭ছেকেণ্ড সময় লৈ দ্বিতীয় স্থান লাভ কৰে। জাপানৰ নাগিয়া মৰীয়ে ১৩ মিনিট ২৫.০৬ ছেকেণ্ড সময় লৈ তৃতীয় স্থান লাভকৰে আৰু ব্ৰঞ্জৰ পদক জয় কৰে। 

উল্লেখযোগ্য যে প্রতিযোগিতাৰ ৫০০০ মিটাৰত পূৰ্বৰ অভিলেখ আছিল মহম্মদ আল গানীৰ। তেওঁ ২০১৫ চনত ১৩ মিনিট ৩৪.৪৭ ছেকেণ্ড সময় লৈ এই অভিলেখ গঢ়িছিল। গুলবীৰৰ এই বাৰৰ প্রতিযোগিতাত এইটো আছিল দ্বিতীয়টো স্বর্ণ পদক। ইয়াৰ আগতে তেওঁ প্রতিযোগিতাৰ আৰম্ভণিৰ দিনা ১০ হাজাৰ মিটাৰত ২৮ মিনিট ৩৮.৬৩ ছেকেণ্ড সময় লৈ স্বর্ণ পদক জয় কৰিছিল। 

গুলবীৰ সিঙৰ আগতে এছিয়ান এথলেটিকছ প্রতিযোগিতাত গোপাল ছৈনী (১৯৮১), বাহাদুৰ প্ৰসাদ (১৯৯৩), আৰু জি লক্ষ্মণনে (২০১৭) স্বর্ণ পদক জয় কৰিছিল। গুলবীৰে ইয়াৰ আগতে ২০২৩ চনত ব্ৰঞ্জৰ পদক জয় কৰিছিল। ইফালে মহিলাৰ ৩ হাজাৰ মিনিটৰ ষ্টেপলচেজত যোৱাবাৰৰ বিজয়ী পাৰুল চৌধৰীয়ে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। পাৰুলে ৯ মিনিট ১২.৪৬ ছেকেণ্ড সময় লয়। এই শাখাত কাজাখস্তানৰ নোৰা জেৰুতী তনুইয়ে ৯ মিনিট ১০.৪৬ ছেকেণ্ড সময় লৈ স্বর্ণ পদক জয় কৰে। 

ইফালে ভাৰতে কালি আৰু দুটা সোণৰ পদক জয় কৰে। লংজাম্পত পূজা সিঙে আৰু হেপ্টাথলনত নন্দিনী আগছাৰাই সোণৰ পদক জয় কৰে। ফলত ভাৰতৰ মুঠ পদকৰ সংখ্যা ১৮টা হয়গৈ। ইয়াৰে ১০টা সোণ, ৭টা ৰূপৰ আৰু ২টা ব্ৰঞ্জৰ পদক। ইফালে শচীন যাদৱ-আৰু যশবীৰ সিঙে পুৰুষৰ জেভেলিন থ্ৰ'ৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। শচীনে ৭৯.৬২ মিটাৰ থ্র' কৰি পঞ্চম আৰু যশবীৰে ৭৬.৬৭ মিটাৰ থ্র' কৰি কাইলৈ হ'বলগীয়া ফাইনেলত স্থান লাভ কৰে। পাকিস্তানৰ আৰ্শ্বাজ নদিমে কোৱালিফায়িং ৰাউণ্ডত ৮৬.৩৪ মিটাৰ থ' কৰি শীৰ্ষ স্থান লাভ কৰাৰ লগতে ফাইনেলৰ বাবে যোগ্যতা অর্জন কৰে। ইফালে পুৰুষৰ ২০০ মিটাৰ দৌৰত অনিমেষ কুজুৰে ২০.৯৮ ছেকেণ্ড সময় লৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে। হেপ্টাথলনত ভাৰতৰ নন্দিনী আগছাৰাই ৪৫০০ পইন্ট লাভ কৰি স্বৰ্ণ পদকৰ আশা সজীৱ কৰি ৰাখিছে। আজি পুৱা হোৱা লং জাম্পত তেওঁ ৬.১৩ মিটাৰ জঁপিয়াই শীর্ষ স্থান লাভ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ