--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত ক’ভিড সংক্ৰমণৰ তীব্ৰতা বৃদ্ধি তথা ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণে সৃষ্টি কৰা উদ্বেগৰ মাজতে আহিছে আন এক আশংকাজনক খবৰ। অ’মিক্ৰণ প্ৰতিৰোধৰ বাবে ক’ভিড প্ৰতিষেধকৰ বু্ষ্টাৰ ড’জ গ্ৰহণ কৰাৰ বাবে চৰকাৰে নীতি নিৰ্ধাৰণ কৰিছে আৰু এই প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে যদিও এই প্ৰতিষেধকৰ কাৰ্যক্ষমতা সন্দৰ্ভত ভালেমান প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। দেশৰ এগৰাকী শীৰ্ষ চিকিৎসা বিশেষজ্ঞই প্ৰকাশ কৰিছে যে অ’মিক্ৰণ একপ্ৰকাৰ ‘অপ্ৰতিৰোধ্য’ আৰু ইয়াৰ দ্বাৰা সকলো লোকেই পৰ্যায়ক্ৰমে আক্ৰান্ত হ’ব। ক’ভিডৰ বিৰুদ্ধে প্ৰতিষেধক গ্ৰহণেই একমাত্ৰ অস্ত্ৰ বুলি ধাৰণা কৰা হৈছিল যদিও ই এতিয়া একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন হৈছে। দুপালিকৈ ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকো এতিয়া ক’ভিডত আক্ৰান্ত হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে।


দেশৰ প্ৰখ্যাত এপিডেমিঅ’লজিষ্ট তথা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছৰ নেচনেল ইনষ্টিটিউট অব এপিডেমিঅ’লজীৰ ছাইন্টিফিক এডভাইছৰী কমিটীৰ মুৰব্বী ডাঃ জয়প্ৰকাশ মুলিয়িলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বুষ্টাৰ ভেকচিন লোৱাটোৱে ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ একো প্ৰভাৱ নেপেলায়। তেওঁ কয়, বুষ্টাৰ ল’লেও ইয়াৰ সংক্ৰমণক বাধা দিব পৰা নাযাব। কিন্তু এইকথা ঠিক যে, এই সংক্ৰমণ কিছু মৃদু আৰু ইয়াৰ সৈতে মোকাবিলা কৰাটো সম্ভৱ। ডেল্টাতকৈ অ’মিক্ৰণৰ সংক্ৰমণ বহু বেছি মৃদু বুলি তেওঁ প্ৰকাশ কৰিছে। কিন্তু বিশেষজ্ঞগৰাকীৰ এই দাবীয়ে ক’ভিড ভেকচিনৰ কাৰ্যকৰিতা সন্দৰ্ভত এতিয়া বহু প্ৰশ্নৰে উদ্ৰেগ ঘটাইছে। তেওঁ কয় যে, সকলো লোকেই ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব যদিও সৰহসংখ্যকেই ইয়াৰ সংক্ৰমণৰ কথা গমেই নাপাব। ৮০শতাংশ লোকেই এই ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত গম নোপোৱাকৈ থাকি যাব বুলিও তেওঁ প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ