--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত ক’ভিড সংক্ৰমণৰ তীব্ৰতা বৃদ্ধি তথা ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণে সৃষ্টি কৰা উদ্বেগৰ মাজতে আহিছে আন এক আশংকাজনক খবৰ। অ’মিক্ৰণ প্ৰতিৰোধৰ বাবে ক’ভিড প্ৰতিষেধকৰ বু্ষ্টাৰ ড’জ গ্ৰহণ কৰাৰ বাবে চৰকাৰে নীতি নিৰ্ধাৰণ কৰিছে আৰু এই প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে যদিও এই প্ৰতিষেধকৰ কাৰ্যক্ষমতা সন্দৰ্ভত ভালেমান প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। দেশৰ এগৰাকী শীৰ্ষ চিকিৎসা বিশেষজ্ঞই প্ৰকাশ কৰিছে যে অ’মিক্ৰণ একপ্ৰকাৰ ‘অপ্ৰতিৰোধ্য’ আৰু ইয়াৰ দ্বাৰা সকলো লোকেই পৰ্যায়ক্ৰমে আক্ৰান্ত হ’ব। ক’ভিডৰ বিৰুদ্ধে প্ৰতিষেধক গ্ৰহণেই একমাত্ৰ অস্ত্ৰ বুলি ধাৰণা কৰা হৈছিল যদিও ই এতিয়া একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন হৈছে। দুপালিকৈ ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকো এতিয়া ক’ভিডত আক্ৰান্ত হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে।


দেশৰ প্ৰখ্যাত এপিডেমিঅ’লজিষ্ট তথা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছৰ নেচনেল ইনষ্টিটিউট অব এপিডেমিঅ’লজীৰ ছাইন্টিফিক এডভাইছৰী কমিটীৰ মুৰব্বী ডাঃ জয়প্ৰকাশ মুলিয়িলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, বুষ্টাৰ ভেকচিন লোৱাটোৱে ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ একো প্ৰভাৱ নেপেলায়। তেওঁ কয়, বুষ্টাৰ ল’লেও ইয়াৰ সংক্ৰমণক বাধা দিব পৰা নাযাব। কিন্তু এইকথা ঠিক যে, এই সংক্ৰমণ কিছু মৃদু আৰু ইয়াৰ সৈতে মোকাবিলা কৰাটো সম্ভৱ। ডেল্টাতকৈ অ’মিক্ৰণৰ সংক্ৰমণ বহু বেছি মৃদু বুলি তেওঁ প্ৰকাশ কৰিছে। কিন্তু বিশেষজ্ঞগৰাকীৰ এই দাবীয়ে ক’ভিড ভেকচিনৰ কাৰ্যকৰিতা সন্দৰ্ভত এতিয়া বহু প্ৰশ্নৰে উদ্ৰেগ ঘটাইছে। তেওঁ কয় যে, সকলো লোকেই ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব যদিও সৰহসংখ্যকেই ইয়াৰ সংক্ৰমণৰ কথা গমেই নাপাব। ৮০শতাংশ লোকেই এই ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত গম নোপোৱাকৈ থাকি যাব বুলিও তেওঁ প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে