--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেক্স : বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড ক প্ৰতিহত কৰিবলৈ বিভিন্ন দেশে নানা পন্থা গ্ৰহণ কৰিছে। ভাৰত চৰকাৰেও মহামাৰীৰ পৰা জনসাধাৰণ কেনেকৈ বাচি থাকিব তাৰ উপায় চিন্তা কৰি সময়ে সময়ে বিভিন্ন নীতি-নিৰ্দেশনা প্ৰকাশ কৰি আহিছে। জনসাধাৰণেও কোনো প্ৰশ্ন নকৰাকৈ চৰকাৰৰ এই সিদ্ধান্তবোৰ মানি লৈছে।


২০১৯ চনৰ শেষৰ ফালে ধৰা পৰা এই মহামাৰী ভাইৰাছৰ বিৰুদ্ধত যথেষ্ট কঠোৰ আছিল চৰকাৰৰ নীতি-নিৰ্দেশনা। তাৰ পাছত ক্ৰমে ভাইৰাছটোৰ বিভিন্ন ভেৰিয়েন্ট সৃষ্টি হোৱাত সেই অনুপাতে সালসলনি হৈ থাকিল নিৰ্দেশনাবোৰ। ক’ভিডৰ পৰীক্ষাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাবোৰ অতি সঘন আৰু ব্যাপক সালসলনি হৈ থকা দেখিবলৈ পোৱা গৈছে।


নিৰ্দেশনাবোৰ হৈছে কিছুমান সিদ্ধান্ত যাৰ দ্বাৰা কোনো কাম নিয়মৰ মাজেদি সম্পন্ন কৰা হয়। কিন্তু সঘনে সলনি হৈ থকা নিৰ্দেশনাবোৰে সঠিকভাৱে কাৰ্য ৰূপায়নৰ বাধা প্ৰদান কৰে। ক’ভিড পৰীক্ষাৰ বাবে সময়ে সময়ে সলনি হৈ থকা নিয়মবোৰে একেই বাধাৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে পূৰ্বতে এজন ব্যক্তিয়ে ক’ভিডৰ লক্ষণবোৰত ভুগি থাকিলে তেওঁ পৰীক্ষা কৰাব লাগিছিল। ইয়াৰোপৰি ঘৰুৱা বিমানত যাত্ৰা কৰা বা আন্তঃৰাজ্যিক ভ্ৰমণ কৰা কোনো ব্যক্তিয়ে বিমানবন্দৰ বা যাত্ৰা শেষ কৰা পাছত ক’ভিডৰ পৰীক্ষা কৰাটো জৰুৰী আছিল। কিন্তু অতি শেহতীয়াকৈ এই নিয়মৰ সালসলনি কৰি সকলোৰে বাবে ক’ভিড পৰীক্ষাৰ বাধ্যতামূলক নীতি উঠাই দিয়া হ’ল। কেৱল এয়াই নহয়, হাস্পতালত ভৰ্তি হোৱাৰ আগেয়ে ৰোগী তথা অভিভাৱকে কৰাব লাগিছিল ক’ভিডৰ পৰীক্ষা। কিন্তু এতিয়া এই নিয়মৰ কিছু সলনি কৰি যিসকল ৰোগী জৰুৰীকালীনভাৱে ভৰ্তি হয়, তেওঁলোকৰ বাবে ক’ভিড পৰীক্ষা নকৰাকৈ ভৰ্তি হ’বলৈ নিৰ্দেশনা দিয়া হৈছে।


চৰকাৰে সঘনে এনেকৈ ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত সালসলনি কৰি থকা নীতিয়ে স্বাভাৱিকতেই জনতাক বিমোৰত পেলাইছে। অ’মিক্ৰণৰ বৰ্ধিত সংক্ৰমণ আৰু বিশেষজ্ঞৰ তৃতীয় ঢৌৰ আগমনৰ ভৱিষ্যৎ বাণীয়ে জনসাধাৰণক শংকিত কৰি ৰখাৰ সময়তে চৰকাৰৰ এনে হুহকা-পিছলা নীতি-নিৰ্দেশনাই ক’ভিডক অপ্ৰতিৰোধ্য কৰি ৰাখিব বুলি অভিযোগ উত্থাপিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত