--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেক্স : বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড ক প্ৰতিহত কৰিবলৈ বিভিন্ন দেশে নানা পন্থা গ্ৰহণ কৰিছে। ভাৰত চৰকাৰেও মহামাৰীৰ পৰা জনসাধাৰণ কেনেকৈ বাচি থাকিব তাৰ উপায় চিন্তা কৰি সময়ে সময়ে বিভিন্ন নীতি-নিৰ্দেশনা প্ৰকাশ কৰি আহিছে। জনসাধাৰণেও কোনো প্ৰশ্ন নকৰাকৈ চৰকাৰৰ এই সিদ্ধান্তবোৰ মানি লৈছে।


২০১৯ চনৰ শেষৰ ফালে ধৰা পৰা এই মহামাৰী ভাইৰাছৰ বিৰুদ্ধত যথেষ্ট কঠোৰ আছিল চৰকাৰৰ নীতি-নিৰ্দেশনা। তাৰ পাছত ক্ৰমে ভাইৰাছটোৰ বিভিন্ন ভেৰিয়েন্ট সৃষ্টি হোৱাত সেই অনুপাতে সালসলনি হৈ থাকিল নিৰ্দেশনাবোৰ। ক’ভিডৰ পৰীক্ষাৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনাবোৰ অতি সঘন আৰু ব্যাপক সালসলনি হৈ থকা দেখিবলৈ পোৱা গৈছে।


নিৰ্দেশনাবোৰ হৈছে কিছুমান সিদ্ধান্ত যাৰ দ্বাৰা কোনো কাম নিয়মৰ মাজেদি সম্পন্ন কৰা হয়। কিন্তু সঘনে সলনি হৈ থকা নিৰ্দেশনাবোৰে সঠিকভাৱে কাৰ্য ৰূপায়নৰ বাধা প্ৰদান কৰে। ক’ভিড পৰীক্ষাৰ বাবে সময়ে সময়ে সলনি হৈ থকা নিয়মবোৰে একেই বাধাৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে পূৰ্বতে এজন ব্যক্তিয়ে ক’ভিডৰ লক্ষণবোৰত ভুগি থাকিলে তেওঁ পৰীক্ষা কৰাব লাগিছিল। ইয়াৰোপৰি ঘৰুৱা বিমানত যাত্ৰা কৰা বা আন্তঃৰাজ্যিক ভ্ৰমণ কৰা কোনো ব্যক্তিয়ে বিমানবন্দৰ বা যাত্ৰা শেষ কৰা পাছত ক’ভিডৰ পৰীক্ষা কৰাটো জৰুৰী আছিল। কিন্তু অতি শেহতীয়াকৈ এই নিয়মৰ সালসলনি কৰি সকলোৰে বাবে ক’ভিড পৰীক্ষাৰ বাধ্যতামূলক নীতি উঠাই দিয়া হ’ল। কেৱল এয়াই নহয়, হাস্পতালত ভৰ্তি হোৱাৰ আগেয়ে ৰোগী তথা অভিভাৱকে কৰাব লাগিছিল ক’ভিডৰ পৰীক্ষা। কিন্তু এতিয়া এই নিয়মৰ কিছু সলনি কৰি যিসকল ৰোগী জৰুৰীকালীনভাৱে ভৰ্তি হয়, তেওঁলোকৰ বাবে ক’ভিড পৰীক্ষা নকৰাকৈ ভৰ্তি হ’বলৈ নিৰ্দেশনা দিয়া হৈছে।


চৰকাৰে সঘনে এনেকৈ ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত সালসলনি কৰি থকা নীতিয়ে স্বাভাৱিকতেই জনতাক বিমোৰত পেলাইছে। অ’মিক্ৰণৰ বৰ্ধিত সংক্ৰমণ আৰু বিশেষজ্ঞৰ তৃতীয় ঢৌৰ আগমনৰ ভৱিষ্যৎ বাণীয়ে জনসাধাৰণক শংকিত কৰি ৰখাৰ সময়তে চৰকাৰৰ এনে হুহকা-পিছলা নীতি-নিৰ্দেশনাই ক’ভিডক অপ্ৰতিৰোধ্য কৰি ৰাখিব বুলি অভিযোগ উত্থাপিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ