--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক সময়ত অপৰাধৰ জগতখনত চাইবাৰ অপৰাধৰ ঘটনা অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। চাইবাৰ অপৰাধীৰ অত্যাধুনিক জালে বিপাঙত পেলাইছে জনসাধাৰণক। সাধাৰণ জনতা বাদেই, চাইবাৰ অপৰাধৰ এই ভয়াৱহ গ্ৰাসৰ পৰা সাৰিব পৰা নাছিল দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে চৰকাৰী বিভাগ তথা বিষয়াও। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা বুলি বাতৰি প্ৰকাশিত হৈছিল। হেক হৈছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ বিভাগীয় টুইটাৰ একাউণ্ট। শেহতীয়াকৈ এই চাইবাৰ অপৰাধৰ বলি হৈছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী।

ৰাজ্যখনৰ বিজেপি শাসিত চৰকাৰখনৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী টেমজেন ইমনা লংকুমাৰ চিকাৰ হৈছে চাইবাৰ অপৰাধীৰ। মন্ত্ৰীগৰাকীৰ এটা সম্পাদিত ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছে অচিনাক্ত দুৰ্বৃত্তই।

দুৰ্বৃত্তৰ এই ভাবুকিৰ পাছতে লংকুমাৰে ফেচবুকত এটা পোষ্টৰ জৰিয়তে তেওঁ ব্লেকমেইলিঙৰ চিকাৰ হৈছে বুলি ৰাজহুৱা কৰাৰ লগতে ব্লেকমেইলাৰৰ সন্ধান লাভৰ বাবে জনতাৰ সহায় বিচাৰে।

ফেচবুক  পোষ্টটোত তেওঁ লিখিছে, "মই ৰাজ্যবাসীৰ সৈতে সংযোগ স্থাপনৰ বাবে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ যথেষ্ট সময় ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সক্ৰিয় হৈ থাকোঁ। মই ভিডিঅ' কলৰ জৰিয়তে মানুহৰ সৈতে জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰোঁ। কিন্তু মোৰ সামাজিক মাধ্যমত উপস্থিতিৰ সুযোগ লৈ মোক বদনাম কৰিবলৈ কোনো অজ্ঞাত দুৰ্বৃত্তই মোৰ ভিডিঅ' কিছু অশ্লীন দৃশ্যৰ সৈতে সম্পাদনা "

অজ্ঞাত ব্যক্তিজনে এই সম্পাদিত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি ধন দাবীৰে ব্লেকমেইল কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।যদি কোনোবাই এনেধৰণৰ কোনো বাৰ্তা লাভ কৰে, সেই বাৰ্তা প্ৰেৰণ কৰা আইডি বা ফোন নম্বৰ তেওঁক জনাবলৈও আহ্বান জনায় লংকুমাৰে।

মন্ত্ৰীগৰাকীয়ে লগতে তেওঁক ভাবুকি দিয়া ফোন নম্বৰটোৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে বুলিও জানিবলৈ দিয়ে।

অপৰাধীজনক বিচাৰি উলিওৱাত সহায় কৰিবলৈ অনুৰোধ জনাই তেওঁ লগতে দুৰ্বত্তৰ পৰিচয় লাভ কৰিলে নগা জনগোষ্ঠীৰ শৈলীত তেওঁৰ ভাল যত্ন লোৱা হ’ব বুলিও উল্লেখ কৰে।

অৱশ্যে এই নগা শৈলীৰ যত্ন কথাষাৰৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে সেয়া স্পষ্ট নহয় যদিও অভিযুক্ত দুৰ্বৃত্তৰ বিৰুদ্ধে নগা সমাজত প্ৰচলিত ব্যৱস্থাৰ আধাৰত শাস্তি দিয়াৰ কথা উল্লেখ কৰিছে বুলি সন্দেহ কৰা হৈছে। 

উল্লেখ্য যে লংকুমাৰে ২০১৮ চনৰ নিৰ্বাচনত মোকোকচুং জিলাৰ আলংটাকি সমষ্টিৰ পৰা জয়ী হৈছিল। তেওঁ বৰ্তমান নাগালেণ্ডৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰীৰ দায়িত্বত থকাৰ লগতে নাগালেণ্ড বিজেপিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ