--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ হাৰ্ট এটেক(Heart Attack) বা হৃদৰোগত অবিবাহিত লোকৰ মৃত্যু বেছিকৈ হয়। হয় আপুনি ঠিকেই শুনিছে। পাছে এই কথা আমি কোৱা নাই।মাদ্ৰিদৰ ইউৰোপিয়ান ছ’চাইটি অৱ কাৰ্ডিঅ’লজিৰ এক নতুন অধ্যয়নত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ তথ্য। গৱেষণাৰ মতে অবিবাহিত ৰোগী নিজৰ ৰোগ পৰিচালনাৰ ক্ষেত্ৰত কম আত্মবিশ্বাসী আৰু বিবাহিত লোকতকৈ সামাজিক কাৰ্যকলাপত কমকৈ সক্ৰিয় থাকে। এই পাৰ্থক্যই অবিবাহিত লোকৰ হাৰ্ট এটেকত মৃত্যুৰ হাৰ অধিক কৰি তোলে, কাৰণ সামাজিক সমৰ্থনে মানুহক বেছি দিন জীয়াই থকাত সহায় কৰে। জাৰ্মানীৰ ইউনিভাৰ্চিটি হস্পিতাল ৱুৰ্জবাৰ্গৰ কম্প্ৰেহেন্সিভ হাৰ্ট ফেইলাৰ চেণ্টাৰৰ পৰা অধ্যয়নৰ লেখক ডাঃ ফেবিয়ান কেৰৱাগেনে কয় যে সামাজিক সমৰ্থনে মানুহক দীৰ্ঘদিনীয়া অৱস্থা পৰিচালনা কৰাত সহায় কৰে।

বিবাহিত ৰোগীক পত্নীয়ে ঔষধ গ্ৰহণ কৰাত সহায় কৰিব পাৰে, উৎসাহ দিব পাৰে, আৰু সুস্থ আচৰণ গঢ়ি তোলাত সহায় কৰিব পাৰে, যিয়ে দীৰ্ঘায়ু লাভ কৰাত সহায় কৰিব পাৰে। কিন্তু অবিবাহিত লোক এইবোৰৰ পৰা বঞ্চিত হয়, সেয়েহে তেওঁলোকৰ মৃত্যু সহজ হৈ উঠে। এক্সটেণ্ডেড ইন্টাৰডিচিপ্লিনাৰী নেটৱৰ্ক হাৰ্ট ফেইলাৰ (E-INH) অধ্যয়নৰ এই বিশ্লেষণে দীৰ্ঘদিনীয়া হাৰ্ট ফেইলাৰ ৰোগীৰ বৈবাহিক অৱস্থাৰ প্ৰাসংগিকতা পৰীক্ষা কৰিছিল। ই-আইএনএইচৰ অধ্যয়নত ২০০৪ চনৰ পৰা ২০০৭ চনৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হোৱা ১০২২ জন হৃদৰোগ ৰোগীক অন্তৰ্ভুক্ত কৰা হৈছিল। বৈবাহিক অৱস্থাৰ তথ্য প্ৰদান কৰা 

১০০৮ জন ৰোগীৰ ভিতৰত ৬৩৩ জন (৬৩ শতাংশ) বিবাহিত আৰু ৩৭৫ জন (৩৭ শতাংশ) অবিবাহিত আছিল, য’ত ১৯৫ জন বিপত্নীক, ৯৬ জন কেতিয়াও বিবাহ কৰা নাছিল আৰু ৮৪ জন বিবাহ বিচ্ছেদিত আছিল। ইয়াৰ ভিতৰত জীৱনৰ মানদণ্ড, সামাজিক সীমা, আৰু আত্ম-কাৰ্যক্ষমতা জুখিছিল কানছাছ চিটি কাৰ্ডিঅ’মাইঅ’পেথী প্ৰশ্নাৱলী ব্যৱহাৰ কৰি, যিটো প্ৰশ্নাৱলী বিশেষভাৱে হাৰ্ট এটেক ৰোগীৰ বাবে ডিজাইন কৰা হৈছিল। সামগ্ৰিক জীৱনৰ মানদণ্ড বা হতাশাগ্ৰস্ত মেজাজৰ ক্ষেত্ৰত বিবাহিত আৰু অবিবাহিত ৰোগীৰ মাজত কোনো পাৰ্থক্য দেখা নগ’ল। কিন্তু অবিবাহিত গোটটোৱে বিবাহিত গোটটোতকৈ সামাজিক কাৰ্যকলাপ আৰু আত্ম-কাৰ্যক্ষমতাৰ ক্ষেত্ৰত বেয়া প্ৰদৰ্শন কৰিছিল। 

১০ বছৰৰ ভিতৰত ৬৭৯ জন (৬৭ শতাংশ) ৰোগীৰ মৃত্যু হয়। বিবাহিত লোকৰ তুলনাত অবিবাহিত ৰোগীৰ মৃত্যুৰ হাৰ সৰ্বাধিক আছিল।যিটো অতি চিন্তনীয় বুলি মন্তব্য কৰিছে ডাঃ কেৰৱাগেনে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ