--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়ুৰ্বেদ শাস্ত্ৰত ত্ৰিফলাক(Triphala) উৎকৃষ্ট বনৌষধ বুলি বৰ্ণনা কৰিছে।ই পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধৰ এক মুখ্য উপাদান, যি হৈছে ৩,০০০ বছৰৰ আগতে ভাৰতত উদ্ভৱ হোৱা বিশ্বৰ আটাইতকৈ পুৰণি চিকিৎসা প্ৰণালীবোৰৰ ভিতৰত এটা। ত্ৰিফলা বুলি কোনো গছ বা লতা নাই। ই তিনিবিধ ফলৰ সম পৰিমাণৰ মিশ্ৰন মাথোন। ত্ৰিফলা আমলখি, শিলিখা আৰু ভোমোৰাৰ গুড়িৰে তৈয়াৰী এক মিশ্ৰণ। এই তিনিওবিধ ফলৰ মিশ্ৰণ সেৱন কৰি সকলোৱে দীৰ্ঘায়ু হৈ থাকিব পাৰে। নিতৌ ত্ৰিফলা ব্যৱহাৰ কৰি সকলোৱে বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে। বাত, পিত্ত আৰু কফ এই তিনিওটা একেলগে নাশ কৰিব পাৰে ত্ৰিফলাই। 




আহকচোন জানো ত্ৰিফলাৰ উপকাৰিতা বিষয়ে-

১) আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে সকলো মানুহৰ ৰোগৰ মূল কাৰণ হৈছে ত্ৰিদোষ অৰ্থাৎ বায়ু, পিত্ত আৰু কফ। ত্ৰিফলাই ত্ৰিদোষ নিয়ন্ত্ৰণ কৰে আৰু মানুহক নিৰোগী আৰু সুস্থ কৰি ৰাখে। 

২)ত্ৰিফলা খালে এজন ব্যক্তিয়ে শৰীৰৰ প্ৰত্যেকটো অংগ বীজাণুৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰে। 

৩)যিহেতু ত্ৰিফলাত প্ৰচুৰ পৰিমাণৰ ভিটামিন এ আৰু ভিটামিন চি উপলব্ধ, গতিকে ই চুলি, ছালৰ বাবে বিশেষ উপযোগী।

৪) ত্ৰিফলাই এন্টিঅক্সিডেন্টৰ কাম কৰে। বিশেষকৈ ইয়াত থকা আমলখি এবিধ বহুত ভাল এন্টিঅক্সিডেন্ট।

৫)পেটৰ সমস্যা বা কোষ্ঠকাঠিন্যত ভুগি থকা সকলে ত্ৰিফলা খোৱা আৰম্ভ কৰিব পাৰে। 

৬)হজম শক্তি বৃদ্ধি কৰে।

৭) ত্ৰিফলাই ওজন হ্ৰাস কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্ট সমল আৰু হাইড্ৰক্সিল আৰু নাইট্ৰিক অক্সাইড ৰেডিকেলে ওজন হ্ৰাস কৰাত সহায় কৰে।

৮) ত্ৰিফলাত লিনোলিক এচিড অন্তৰ্ভুক্ত থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৯)ত্ৰিফলাই ৰক্ত সঞ্চালন সঠিক ৰখাত সহায় কৰে।

১০)ত্ৰিফলা এণ্টিঅক্সিডেণ্ট,এণ্টিইনফ্লেমেটৰী আৰু এণ্টিমাইক্ৰোবাইল উপাদানে দাঁতৰ সমস্যা দূৰ কৰাত আৰু দাঁতৰ ভাল স্বাস্থ্য বজাই ৰখাত সহায় কৰে।



১১) ত্ৰিফলা খালে শৰীৰত কৰ্কট কোষ বিকশিত হোৱাৰ সম্ভাৱনা হ্ৰাস হয়।

১২)ত্ৰিফলাই চকুৰ সুস্থতা বজাই ৰাখে আৰু দৃষ্টিশক্তি উন্নত কৰে।

১৩)ত্ৰিফলা খালে ভোক নলগা সমস্যা সোনকালে আঁতৰ হয়।

১৪)ত্ৰিফলাই ডায়েবেটিচৰ বিৰুদ্ধে কাম কৰে।

১৫)ই মস্তিষ্কৰ প্ৰদৰ্শন বৃদ্ধি কৰে, লগতে মানসিক ভাগৰ হ্ৰাস কৰে ।

খোৱাৰ নিয়মঃ এক চামুচ ত্ৰিফলা গুড়ি এক গিলাচ গৰম পানীৰ লগত ৰাতি শোৱাৰ আগতে খাব লাগে।।

উল্লেখ্য যে ত্ৰিফলা একেৰাহে ২/৩ মাহ খোৱাৰ পিছত ২০ দিন মানৰ বিৰতি দিয়াটো জৰুৰী। 

গতিকে দীৰ্ঘায়ু আৰু সুস্থ-সবল হৈ থাকিবলৈ হ’লে ত্ৰিফলা নিয়মিত ব্যৱহাৰ কৰক। উল্লেখ্য যে কোনো বিশেষ বেমাৰত ভোগা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ত্ৰিফলা ব্যৱহাৰ কৰিব লাগে।





 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ