--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ১৫ ছিজনত চেন্নাই চুপাৰ কিংছৰ প্ৰদৰ্শন বিশেষ ভাল নহয়। দলটোৱে এই ছিজনত মাত্ৰ ২ খন মেচ জিকিছে য'ত ই ৬ খন মেচত পৰাজয়বৰণ কৰিছে । যাৰ বাবে দলটোৰ অধিনায়ক জাদেজাই অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া মহেন্দ্ৰ সিং ধোনী  আকৌ এবাৰ অধিনায়ক হ'ব। এনে পৰিস্থিতিত, মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাইৰ চুপাৰ কিংছে একাধিক ভাল প্ৰদৰ্শন আগবঢ়াইছে। তলত সেইবোৰ উল্লেখ কৰা হল

মহেন্দ্ৰ সিং ধোনীয়ে ২০৮ খন খেলত চিএচকেৰ অধিনায়কত্ব কৰিছে। এই সময়ছোৱাত, তেওঁ ১২১ বাৰ বিজয়ী হৈছে। তেওঁ ৮২ খন খেলত পৰাজয়ৰ সন্মুখীন হৈছিল আনহাতে এখন খেলৰ কোনো ফলাফল নাছিল। চেন্নাইৰ অধিনায়ক হিচাপে, তেওঁৰ জয়ৰ শতাংশ হৈছে ৫৯.৬০। 

তেওঁ সৰ্বাধিক বাৰ আই পি এল খিতাপ জয় কৰা দ্বিতীয় জন অধিনায়ক। তেওঁ চাৰিবাৰ আই পি এল খিতাপ জিকিছে। ৰোহিত শৰ্মাই পাঁচবাৰ আই পি এল খিতাপ জিকিছে। 

ধোনীৰ নেতৃত্বত চিএছকে-য়ে কেৱল চাৰিবাৰহে খিতাপ জয় কৰা নাই, বিপৰীতে তেওঁলোক তিনিবাৰ ৰানাৰ্ছ-আপ হৈছে। ধোনীয়ে ক্ৰমান্বয়ে ২০১০ আৰু ২০১৪ চনত দুবাৰকৈ চেম্পিয়নছ লীগৰ খিতাপ জিকিছিল। 

৪০ বছৰ বয়সত, ধোনীয়ে চিএছকেক আই পি এলৰ চতুৰ্থ খিতাপলৈ লৈ গৈছিল। যাৰ পাছত তেওঁ আই পি এল ট্ৰফী জয় কৰা আটাইতকৈ পুৰণি খেলুৱৈ ও হৈছিল। এই সময়ছোৱাত, তেওঁ শ্বেন ৱাৰ্ণৰ অভিলেখ ভংগ কৰে।
  
এনে পৰিস্থিতিত, ধোনীয়ে এতিয়া চেন্নাইক কেনেদৰে আগুৱাই লৈ যায় সেয়া চাবলৈ আকৰ্ষণীয় হ'ব। এই মুহূৰ্তত, তেওঁলোকৰ প্লে অফত উপনীত হোৱাৰ আশা অতি কম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত