--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ১৫ ছিজনত চেন্নাই চুপাৰ কিংছৰ প্ৰদৰ্শন বিশেষ ভাল নহয়। দলটোৱে এই ছিজনত মাত্ৰ ২ খন মেচ জিকিছে য'ত ই ৬ খন মেচত পৰাজয়বৰণ কৰিছে । যাৰ বাবে দলটোৰ অধিনায়ক জাদেজাই অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া মহেন্দ্ৰ সিং ধোনী  আকৌ এবাৰ অধিনায়ক হ'ব। এনে পৰিস্থিতিত, মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত চেন্নাইৰ চুপাৰ কিংছে একাধিক ভাল প্ৰদৰ্শন আগবঢ়াইছে। তলত সেইবোৰ উল্লেখ কৰা হল

মহেন্দ্ৰ সিং ধোনীয়ে ২০৮ খন খেলত চিএচকেৰ অধিনায়কত্ব কৰিছে। এই সময়ছোৱাত, তেওঁ ১২১ বাৰ বিজয়ী হৈছে। তেওঁ ৮২ খন খেলত পৰাজয়ৰ সন্মুখীন হৈছিল আনহাতে এখন খেলৰ কোনো ফলাফল নাছিল। চেন্নাইৰ অধিনায়ক হিচাপে, তেওঁৰ জয়ৰ শতাংশ হৈছে ৫৯.৬০। 

তেওঁ সৰ্বাধিক বাৰ আই পি এল খিতাপ জয় কৰা দ্বিতীয় জন অধিনায়ক। তেওঁ চাৰিবাৰ আই পি এল খিতাপ জিকিছে। ৰোহিত শৰ্মাই পাঁচবাৰ আই পি এল খিতাপ জিকিছে। 

ধোনীৰ নেতৃত্বত চিএছকে-য়ে কেৱল চাৰিবাৰহে খিতাপ জয় কৰা নাই, বিপৰীতে তেওঁলোক তিনিবাৰ ৰানাৰ্ছ-আপ হৈছে। ধোনীয়ে ক্ৰমান্বয়ে ২০১০ আৰু ২০১৪ চনত দুবাৰকৈ চেম্পিয়নছ লীগৰ খিতাপ জিকিছিল। 

৪০ বছৰ বয়সত, ধোনীয়ে চিএছকেক আই পি এলৰ চতুৰ্থ খিতাপলৈ লৈ গৈছিল। যাৰ পাছত তেওঁ আই পি এল ট্ৰফী জয় কৰা আটাইতকৈ পুৰণি খেলুৱৈ ও হৈছিল। এই সময়ছোৱাত, তেওঁ শ্বেন ৱাৰ্ণৰ অভিলেখ ভংগ কৰে।
  
এনে পৰিস্থিতিত, ধোনীয়ে এতিয়া চেন্নাইক কেনেদৰে আগুৱাই লৈ যায় সেয়া চাবলৈ আকৰ্ষণীয় হ'ব। এই মুহূৰ্তত, তেওঁলোকৰ প্লে অফত উপনীত হোৱাৰ আশা অতি কম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ