--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিৰাট কোহলীৰ বেটৰ পৰা আহিছে প্ৰত্যাশিত ৰান। শনিবাৰে ছিজনৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে বিৰাট কোহলীয়ে। কিন্তু ক্ৰমাগত ব্যৰ্থতাৰ পৰা মূৰ তুলিব পৰা নাই ৰোহিত শৰ্মাই। ৰাজস্থানৰ বিৰুদ্ধে মাত্ৰ ২ ৰান কৰিয়েই পেভেলিয়নমুখী হয় ৰোহিত। টীম ইণ্ডিয়াৰ অধিনায়কজনে চলিত ছিজনত এটাও অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে, পৰাজয়ৰ কলিয়া ডাৱৰ আঁতৰিল মুম্বাইৰ। ৰোহিতৰ বিফলতাই মুম্বাইৰ বিজয়ত বাধা হৈ দেখা দিয়া নাছিল শনিবাৰৰ খেলখনত। আইপিএলৰ আটাইতকৈ সফল দলটোৱে সূৰ্যকুমাৰ যাদৱ আৰু বলাৰসকলৰ সৌজন্যত ছিজনৰ প্ৰথমটো বিজয় অৰ্জন কৰিছে।

উল্লেখ্য যে, ৰোহিত শৰ্মাই টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। প্ৰথমে ইনিংছ আৰম্ভ কৰা ৰাজস্থানৰ আৰম্ভণি সুখময় নহ’ল। দেৱদত্ত পডিক্কালক ২৬ ৰানত হেৰুৱাই ৰাজস্থান ৰয়েলছ চাপত পৰিছিল। কেপ্টেইন সঞ্জু ছেমছনৰ ইনিংছো দীঘলীয়া নহ’ল। এটা প্ৰান্তৰ পৰা ৰাজস্থানে নিয়মীয়া সময়ৰ ব্যৱধানত উইকেট হেৰুৱাই থাকিল। কিন্তু আনটো প্ৰান্তত থকা জছ বাটলাৰে অব্যাহত ৰাখিছিল একাকী যুঁজ।

প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে এক অস্বাভাৱিক আৰম্ভণি কৰা দেখা যায়। অধিনায়ক ৰোহিতে মাত্ৰ ২ ৰান কৰিয়েই পেভিলিয়নলৈ উভতি গৈছিল। ঈশান কিষাণে ভাল আৰম্ভণি কৰিছিল যদিও বেছিপৰ স্থায়ী নহ'ল ইনিংছ। পৰৱৰ্তী সময়ত তিলক বৰ্মা আৰু সূৰ্যকুমাৰ যাদৱে মুম্বাইৰ ইনিংছৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই যুটিটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় মুম্বাই। সূৰ্য কুমাৰ যাদৱে ৩৯ টা বলত ৫১ ৰান সংগ্ৰহ কৰে। তিলক বৰ্মাৰ বেটৰ পৰা আহে ৩৫ ৰান। অৱশেষত, টীম ডেভিডৰ বাউণ্ডেৰী আৰু অ’ভাৰ বাউণ্ডেৰীৰে মুম্বাইক ছিজনৰ প্ৰথমটো জয় আনি দিয়ে। ৫ উইকেটত জয়ী হয় মুম্বাই ইণ্ডিয়ানছ।

মন কৰিবলগীয়া যে, এই জয়ৰ সৈতে মুম্বাইয়ে চলিত আইপিএলৰ প্ৰথম জয় অৰ্জন কৰিছে।  আনহাতে, মুম্বাইৰ হাতত এই পৰাজয় প্লে’ অফৰ সংঘৰ্ষত ৰাজস্থানৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হৈ দেখা দিব পাৰে।  অৱশ্যে, ৯ খন মেচত ৬খনত বিজয়ী হোৱা ৰাজস্থানে এতিয়াও পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?