--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বিৰাট কোহলীৰ বেটৰ পৰা আহিছে প্ৰত্যাশিত ৰান। শনিবাৰে ছিজনৰ প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে বিৰাট কোহলীয়ে। কিন্তু ক্ৰমাগত ব্যৰ্থতাৰ পৰা মূৰ তুলিব পৰা নাই ৰোহিত শৰ্মাই। ৰাজস্থানৰ বিৰুদ্ধে মাত্ৰ ২ ৰান কৰিয়েই পেভেলিয়নমুখী হয় ৰোহিত। টীম ইণ্ডিয়াৰ অধিনায়কজনে চলিত ছিজনত এটাও অৰ্ধশতক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে, পৰাজয়ৰ কলিয়া ডাৱৰ আঁতৰিল মুম্বাইৰ। ৰোহিতৰ বিফলতাই মুম্বাইৰ বিজয়ত বাধা হৈ দেখা দিয়া নাছিল শনিবাৰৰ খেলখনত। আইপিএলৰ আটাইতকৈ সফল দলটোৱে সূৰ্যকুমাৰ যাদৱ আৰু বলাৰসকলৰ সৌজন্যত ছিজনৰ প্ৰথমটো বিজয় অৰ্জন কৰিছে।

উল্লেখ্য যে, ৰোহিত শৰ্মাই টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয়। প্ৰথমে ইনিংছ আৰম্ভ কৰা ৰাজস্থানৰ আৰম্ভণি সুখময় নহ’ল। দেৱদত্ত পডিক্কালক ২৬ ৰানত হেৰুৱাই ৰাজস্থান ৰয়েলছ চাপত পৰিছিল। কেপ্টেইন সঞ্জু ছেমছনৰ ইনিংছো দীঘলীয়া নহ’ল। এটা প্ৰান্তৰ পৰা ৰাজস্থানে নিয়মীয়া সময়ৰ ব্যৱধানত উইকেট হেৰুৱাই থাকিল। কিন্তু আনটো প্ৰান্তত থকা জছ বাটলাৰে অব্যাহত ৰাখিছিল একাকী যুঁজ।

প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে এক অস্বাভাৱিক আৰম্ভণি কৰা দেখা যায়। অধিনায়ক ৰোহিতে মাত্ৰ ২ ৰান কৰিয়েই পেভিলিয়নলৈ উভতি গৈছিল। ঈশান কিষাণে ভাল আৰম্ভণি কৰিছিল যদিও বেছিপৰ স্থায়ী নহ'ল ইনিংছ। পৰৱৰ্তী সময়ত তিলক বৰ্মা আৰু সূৰ্যকুমাৰ যাদৱে মুম্বাইৰ ইনিংছৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই যুটিটোৰ ওপৰত নিৰ্ভৰ কৰিয়েই প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হয় মুম্বাই। সূৰ্য কুমাৰ যাদৱে ৩৯ টা বলত ৫১ ৰান সংগ্ৰহ কৰে। তিলক বৰ্মাৰ বেটৰ পৰা আহে ৩৫ ৰান। অৱশেষত, টীম ডেভিডৰ বাউণ্ডেৰী আৰু অ’ভাৰ বাউণ্ডেৰীৰে মুম্বাইক ছিজনৰ প্ৰথমটো জয় আনি দিয়ে। ৫ উইকেটত জয়ী হয় মুম্বাই ইণ্ডিয়ানছ।

মন কৰিবলগীয়া যে, এই জয়ৰ সৈতে মুম্বাইয়ে চলিত আইপিএলৰ প্ৰথম জয় অৰ্জন কৰিছে।  আনহাতে, মুম্বাইৰ হাতত এই পৰাজয় প্লে’ অফৰ সংঘৰ্ষত ৰাজস্থানৰ বাবে তীব্ৰ প্ৰত্যাহ্বান হৈ দেখা দিব পাৰে।  অৱশ্যে, ৯ খন মেচত ৬খনত বিজয়ী হোৱা ৰাজস্থানে এতিয়াও পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ