--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ব্যৱস্থা কাৰ্যকৰী হ'লে ঘণ্টাৰ পৰা সময়সাপেক্ষ যাত্রা এতিয়া মাত্র কেইমিনিটমানতে সম্পন্ন হ'ব, যাৰ ফলত গ্রামাঞ্চল আৰু দুর্গম অঞ্চলসমূহো অধিক শক্তিশালীভাবে মূলসুঁতিৰ সৈতে সংযুক্ত হ'ব।

ডিজিটেল ডেস্ক: চাইকেল চলাই গৈ ডাকোৱালে চিঠি বিতৰণ কৰাৰ সেই দিন উকলিল। এতিয়া আপোনালৈ আহিব ড্র’ন যোগে চিঠি। অসমে নিজৰ ডাক সেৱাৰ বাবে ড্ৰ’ন প্রযুক্তি প্ৰৱৰ্তনৰ পৰিকল্পনাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণৰ প্ৰস্তুতি চলাইছে।


সেই অনুসৰি ৰাজ্যৰ দুর্গম আৰু ভৌগোলিকভাবে জটিল অঞ্চলত বাস কৰা লোকসকলৰ ওচৰলৈ মেইল আৰু অত্যাৱশ্যকীয় পাৰ্চেলসমূহ ডেলিভাৰী পদ্ধতিৰ পৰিৱৰ্তন ঘটোৱা হ'ব। ড্ৰ’ন প্রযুক্তিৰে ডাক সেৱাৰ নতুন অধ্যায়ৰ সূচনা কৰি অসমে ডিজিটেল সংযোগৰ ক্ষেত্ৰত আৰু এক ঐতিহাসিক খোজ আগবঢ়াবলৈ ওলোৱাৰ কথা প্ৰকাশ কৰিছে খোদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। 


ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ কার্যালয়ে কয়, 'দূৰৱৰ্তী অঞ্চলসমূহলৈ এতিয়া অধিক দ্রুত, সুৰক্ষিত আৰু দক্ষতাৰে ডাক সামগ্ৰী প্ৰেৰণ সম্ভৱ হ'ব। ঘণ্টাৰ পৰা সময়সাপেক্ষ যাত্রা এতিয়া মাত্র কেইমিনিটমানতে সম্পন্ন হ'ব, যাৰ ফলত গ্রামাঞ্চল আৰু দুর্গম অঞ্চলসমূহো অধিক শক্তিশালীভাবে মূলসুঁতিৰ সৈতে সংযুক্ত হ'ব।' 


উল্লেখযোগ্য যে এই ব্যৱস্থা কাৰ্যকৰী হ'লে বিচ্ছিন্ন তথা দুর্গম অঞ্চলৰ ৰাইজক অত্যাৱশ্যকীয় সেৱাসমূহৰ সৈতে কম সময়ত সংযোগ কৰাত সুবিধা হব। বিশেষকৈ এই প্রকল্পই শেষ মাইলৰ সংযোগৰ যথেষ্ট উন্নতি সাধন কৰিব। গুৰুত্বপূৰ্ণ নথি-পত্ৰ, চৰকাৰী চিঠি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রী, যিবোৰ পৰম্পৰাগত পথেৰে গন্তব্যস্থানলৈ যাবলৈ প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে, ড্ৰ’ন ব্যৱহাৰ কৰি বহু বেছি দ্রুততাৰে ডেলিভাৰী কৰা হ’ব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত