--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ব্যৱস্থা কাৰ্যকৰী হ'লে ঘণ্টাৰ পৰা সময়সাপেক্ষ যাত্রা এতিয়া মাত্র কেইমিনিটমানতে সম্পন্ন হ'ব, যাৰ ফলত গ্রামাঞ্চল আৰু দুর্গম অঞ্চলসমূহো অধিক শক্তিশালীভাবে মূলসুঁতিৰ সৈতে সংযুক্ত হ'ব।

ডিজিটেল ডেস্ক: চাইকেল চলাই গৈ ডাকোৱালে চিঠি বিতৰণ কৰাৰ সেই দিন উকলিল। এতিয়া আপোনালৈ আহিব ড্র’ন যোগে চিঠি। অসমে নিজৰ ডাক সেৱাৰ বাবে ড্ৰ’ন প্রযুক্তি প্ৰৱৰ্তনৰ পৰিকল্পনাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণৰ প্ৰস্তুতি চলাইছে।


সেই অনুসৰি ৰাজ্যৰ দুর্গম আৰু ভৌগোলিকভাবে জটিল অঞ্চলত বাস কৰা লোকসকলৰ ওচৰলৈ মেইল আৰু অত্যাৱশ্যকীয় পাৰ্চেলসমূহ ডেলিভাৰী পদ্ধতিৰ পৰিৱৰ্তন ঘটোৱা হ'ব। ড্ৰ’ন প্রযুক্তিৰে ডাক সেৱাৰ নতুন অধ্যায়ৰ সূচনা কৰি অসমে ডিজিটেল সংযোগৰ ক্ষেত্ৰত আৰু এক ঐতিহাসিক খোজ আগবঢ়াবলৈ ওলোৱাৰ কথা প্ৰকাশ কৰিছে খোদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। 


ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীৰ কার্যালয়ে কয়, 'দূৰৱৰ্তী অঞ্চলসমূহলৈ এতিয়া অধিক দ্রুত, সুৰক্ষিত আৰু দক্ষতাৰে ডাক সামগ্ৰী প্ৰেৰণ সম্ভৱ হ'ব। ঘণ্টাৰ পৰা সময়সাপেক্ষ যাত্রা এতিয়া মাত্র কেইমিনিটমানতে সম্পন্ন হ'ব, যাৰ ফলত গ্রামাঞ্চল আৰু দুর্গম অঞ্চলসমূহো অধিক শক্তিশালীভাবে মূলসুঁতিৰ সৈতে সংযুক্ত হ'ব।' 


উল্লেখযোগ্য যে এই ব্যৱস্থা কাৰ্যকৰী হ'লে বিচ্ছিন্ন তথা দুর্গম অঞ্চলৰ ৰাইজক অত্যাৱশ্যকীয় সেৱাসমূহৰ সৈতে কম সময়ত সংযোগ কৰাত সুবিধা হব। বিশেষকৈ এই প্রকল্পই শেষ মাইলৰ সংযোগৰ যথেষ্ট উন্নতি সাধন কৰিব। গুৰুত্বপূৰ্ণ নথি-পত্ৰ, চৰকাৰী চিঠি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্রী, যিবোৰ পৰম্পৰাগত পথেৰে গন্তব্যস্থানলৈ যাবলৈ প্ৰায়ে ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে, ড্ৰ’ন ব্যৱহাৰ কৰি বহু বেছি দ্রুততাৰে ডেলিভাৰী কৰা হ’ব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান