--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ বাংলাদেশৰ ঢাকাত ১ অক্টোবৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হোৱা ছাউথ এছিয়ান স্কুল গেমছ৷ ঢাকাত অনুষ্ঠিত দক্ষিণ এছিয়ান স্কুল কম্বেট গেমছৰ উদ্বোধনী সংস্কৰণত ভাৰতৰ শক্তিশালী প্ৰতিদ্বন্দ্বি হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ভাৰতীয় খেলুৱৈসকলে ১৫টা সোণ, ৬টা ৰূপ আৰু ৩টা ব্ৰঞ্জকে ধৰি মুঠ ২৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ এই ক্ৰীড়া সংস্কৰণত আয়োজক বাংলাদেশ, ভাৰত, নেপাল, ভূটান আৰু শ্ৰীলংকাকে ধৰি মুঠ পাঁচখন দেশে অংশগ্ৰহণ কৰিছিল। 

সুখবৰ যে বাংলাদেশ স্কুল ক্ৰীড়া সন্থাই আয়োজন কৰা ছাউথ এছিয়ান স্কুল গেমছত উশ্বু খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ বৰুৱা নগৰৰ বৰষা হাতীমুৰীয়াই৷ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই অনা উশ্বু খেলুৱৈ বৰষা হাতীমুৰীয়াক উষ্ম আদৰণি জনইছে স্থানীয় ৰাইজে৷

উশ্বু খেলুৱৈগৰাকীয়ে সদৰি কৰা অনুসৰি হাতীমুৰীয়াই ৫৬ কেজি শাখাত লাভ কৰে সোণৰ পদক লাভ কৰিছে। খেলুৱৈগৰাকীৰ দেউতাকৰ লগতে বৰদেউতাক ভোপেন হাতীমুৰীয়াই বৰষাৰ পঢ়াৰ ক্ষেত্ৰৰ লগতে খেল জগতখনলৈ আগবঢ়ি যোৱাত গুৰুত্বপূৰ্ণ ভূমিকাগ্ৰহণ কৰিছিল বুলি জানিবলৈ দিয়ে৷

আজি শনিবাৰে উশ্বু খেলুৱৈগৰাকী নিজ গৃহ জিলা চৰাইদেউৰ সাপেখাতীত উপস্থিত হোৱাৰ লগে লগে গায়ন বায়েনেৰে এক শোভাযাত্ৰাৰে বৰষাক আদৰণি জনাই৷ লগতে দল গঠনৰ লগতে বৰষাই অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়েও অভিনন্দন জনাইছে বৰষাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ