--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ বাংলাদেশৰ ঢাকাত ১ অক্টোবৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হোৱা ছাউথ এছিয়ান স্কুল গেমছ৷ ঢাকাত অনুষ্ঠিত দক্ষিণ এছিয়ান স্কুল কম্বেট গেমছৰ উদ্বোধনী সংস্কৰণত ভাৰতৰ শক্তিশালী প্ৰতিদ্বন্দ্বি হিচাপে আত্মপ্ৰকাশ কৰিছে৷ ভাৰতীয় খেলুৱৈসকলে ১৫টা সোণ, ৬টা ৰূপ আৰু ৩টা ব্ৰঞ্জকে ধৰি মুঠ ২৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ এই ক্ৰীড়া সংস্কৰণত আয়োজক বাংলাদেশ, ভাৰত, নেপাল, ভূটান আৰু শ্ৰীলংকাকে ধৰি মুঠ পাঁচখন দেশে অংশগ্ৰহণ কৰিছিল। 

সুখবৰ যে বাংলাদেশ স্কুল ক্ৰীড়া সন্থাই আয়োজন কৰা ছাউথ এছিয়ান স্কুল গেমছত উশ্বু খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে চৰাইদেউ জিলাৰ বৰুৱা নগৰৰ বৰষা হাতীমুৰীয়াই৷ সোণৰ পদকেৰে গৌৰৱ কঢ়িয়াই অনা উশ্বু খেলুৱৈ বৰষা হাতীমুৰীয়াক উষ্ম আদৰণি জনইছে স্থানীয় ৰাইজে৷

উশ্বু খেলুৱৈগৰাকীয়ে সদৰি কৰা অনুসৰি হাতীমুৰীয়াই ৫৬ কেজি শাখাত লাভ কৰে সোণৰ পদক লাভ কৰিছে। খেলুৱৈগৰাকীৰ দেউতাকৰ লগতে বৰদেউতাক ভোপেন হাতীমুৰীয়াই বৰষাৰ পঢ়াৰ ক্ষেত্ৰৰ লগতে খেল জগতখনলৈ আগবঢ়ি যোৱাত গুৰুত্বপূৰ্ণ ভূমিকাগ্ৰহণ কৰিছিল বুলি জানিবলৈ দিয়ে৷

আজি শনিবাৰে উশ্বু খেলুৱৈগৰাকী নিজ গৃহ জিলা চৰাইদেউৰ সাপেখাতীত উপস্থিত হোৱাৰ লগে লগে গায়ন বায়েনেৰে এক শোভাযাত্ৰাৰে বৰষাক আদৰণি জনাই৷ লগতে দল গঠনৰ লগতে বৰষাই অধ্যয়ন কৰা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীয়েও অভিনন্দন জনাইছে বৰষাক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post