--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতে। নিউজিলেণ্ডে ৫৮ ৰানত পৰাস্ত কৰে ভাৰতীয় দলক। এই পৰাজয়ৰ লগে লগে ভাৰতৰ নামত এটা অবাঞ্চিত অভিলেখ পঞ্জীয়ন হ’ল। টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ৰানৰ ক্ষেত্ৰত এয়া আছিল মহিলা দল ভাৰতৰ আটাইতকৈ ডাঙৰ পৰাজয়। সামগ্ৰিকভাৱে পৰ্যবেক্ষণ কৰিলে এইটো আছিল দ্বিতীয় সৰ্ববৃহৎ পৰাজয়। ডুবাইত অনুষ্ঠিত খেলখনত হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে ১০২ ৰান সংগ্ৰহ কৰি অল আউট হয়।


Womens T20 World Cup 2024 Biggest defeat margin for indian Women new zealand dubai Women's T20 World Cup 2024: टीम इंडिया के नाम दर्ज हुआ शर्मनाक रिकॉर्ड, न्यूजीलैंड के खिलाफ सबसे बड़ी हार!

দৰাচলতে মহিলা টি-২০ বিশ্বকাপত ৰানৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ পৰাজয় আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ২০২০ চনৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতীয় দলক ৮৫ ৰানত পৰাস্ত কৰে। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল। এয়া আছিল দ্বিতীয় বৃহত্তম পৰাজয়। ২০০৯ চনত ট্ৰেণ্ট ব্ৰীজত অনুষ্ঠিত হোৱা খেলখনত টিম ইণ্ডিয়াই নিউজিলেণ্ডৰ হাতত ৫২ ৰানত পৰাস্ত হৈছিল। ভাৰতীয় দলৰ বাবে এইটো তৃতীয় বৃহৎ পৰাজয়।


ভাৰতৰ বিৰুদ্ধে প্ৰথম বেটিং কৰাৰ সময়ত নিউজিলেণ্ডে ১৬০ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত অধিনায়ক ছফী ডেভিনে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৫৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১০২ ৰানৰ স্ক’ৰত অল আউট হয় ভাৰতীয় দল। ভাৰতৰ হৈ সৰ্বাধিক ১৫ ৰান সংগ্ৰহ কৰে অধিনায়ক হৰমনপ্ৰীতে। 

২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ পৰৱৰ্তী খেল হ’ব পাকিস্তানৰ বিৰুদ্ধে। দেওবাৰে সন্ধিয়া ডুবাইত অনুষ্ঠিত হ’ব এই খেলখন। এই খেলখনৰ বাবে ভাৰতীয় দলে কঠোৰ প্ৰস্তুতি চলাব লাগিব। ভাৰতৰ অন্তিমখন গ্ৰুপ মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। এই খেলখন ১৩ অক্টোবৰত শ্বাৰজাহত অনুষ্ঠিত হ’ব। বিশ্বকাপৰ চূড়ান্ত খেলখন অহা ২০ অক্টোবৰত অনুষ্ঠিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ