--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় ভাৰতে। নিউজিলেণ্ডে ৫৮ ৰানত পৰাস্ত কৰে ভাৰতীয় দলক। এই পৰাজয়ৰ লগে লগে ভাৰতৰ নামত এটা অবাঞ্চিত অভিলেখ পঞ্জীয়ন হ’ল। টি-২০ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে ৰানৰ ক্ষেত্ৰত এয়া আছিল মহিলা দল ভাৰতৰ আটাইতকৈ ডাঙৰ পৰাজয়। সামগ্ৰিকভাৱে পৰ্যবেক্ষণ কৰিলে এইটো আছিল দ্বিতীয় সৰ্ববৃহৎ পৰাজয়। ডুবাইত অনুষ্ঠিত খেলখনত হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত থকা ভাৰতীয় দলটোৱে ১০২ ৰান সংগ্ৰহ কৰি অল আউট হয়।


Womens T20 World Cup 2024 Biggest defeat margin for indian Women new zealand dubai Women's T20 World Cup 2024: टीम इंडिया के नाम दर्ज हुआ शर्मनाक रिकॉर्ड, न्यूजीलैंड के खिलाफ सबसे बड़ी हार!

দৰাচলতে মহিলা টি-২০ বিশ্বকাপত ৰানৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ পৰাজয় আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ২০২০ চনৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতীয় দলক ৮৫ ৰানত পৰাস্ত কৰে। এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল। এয়া আছিল দ্বিতীয় বৃহত্তম পৰাজয়। ২০০৯ চনত ট্ৰেণ্ট ব্ৰীজত অনুষ্ঠিত হোৱা খেলখনত টিম ইণ্ডিয়াই নিউজিলেণ্ডৰ হাতত ৫২ ৰানত পৰাস্ত হৈছিল। ভাৰতীয় দলৰ বাবে এইটো তৃতীয় বৃহৎ পৰাজয়।


ভাৰতৰ বিৰুদ্ধে প্ৰথম বেটিং কৰাৰ সময়ত নিউজিলেণ্ডে ১৬০ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত অধিনায়ক ছফী ডেভিনে শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৫৭ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ১০২ ৰানৰ স্ক’ৰত অল আউট হয় ভাৰতীয় দল। ভাৰতৰ হৈ সৰ্বাধিক ১৫ ৰান সংগ্ৰহ কৰে অধিনায়ক হৰমনপ্ৰীতে। 

২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ পৰৱৰ্তী খেল হ’ব পাকিস্তানৰ বিৰুদ্ধে। দেওবাৰে সন্ধিয়া ডুবাইত অনুষ্ঠিত হ’ব এই খেলখন। এই খেলখনৰ বাবে ভাৰতীয় দলে কঠোৰ প্ৰস্তুতি চলাব লাগিব। ভাৰতৰ অন্তিমখন গ্ৰুপ মেচ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। এই খেলখন ১৩ অক্টোবৰত শ্বাৰজাহত অনুষ্ঠিত হ’ব। বিশ্বকাপৰ চূড়ান্ত খেলখন অহা ২০ অক্টোবৰত অনুষ্ঠিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী