--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা অধিক আনন্দই কাল হৈ পৰে। আনন্দ কৰিবলৈ যোৱাৰ নামত মাতি আনে বিপদ। শেহতীয়াকৈ পঞ্জাৱৰ ফিৰোজপুৰত এক ঘটনা সংঘটিত হৈছে যি ঘটনা শুনিলে আপোনাৰ বুকু কঁপি উঠিব।

কইনাৰ বিদায়পৰ্বত ফুটোৱা হৈছিল গুলী। সেই গুলী গৈ লাগে কইনাৰ কপালত। গুলীটোৱে কইনাৰ কপালত আঘাত কৰাত তেওঁ অজ্ঞান হৈ পৰে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে গুলীটো কইনাৰ ভাতৃৰ পিষ্টলৰ পৰা ওলাইছিৱ। বিদায়ৰ সময়ত ভাতৃয়ে বাই-ভিনিহিক বিদায় দি আনন্দৰে গুলী ফুটাইছিল। দুৰ্ভাগ্যবশতঃ সেই গুলী গৈ লাগে কইনাৰ কপালত।

সদৰ আৰক্ষী থানাত অভিযুক্ত ভাতৃসহ দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰা হৈছে।

বলজিন্দৰ কৌৰৰ কন্যা সুখদেৱ সিঙৰ বিবাহ হৈছিল অমৃতপাল সিঙৰ সৈতে। বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হৈ গৈছিল। কইনা বিদায়ৰ ৰীতি-নীতি চলি আছিল। কইনা আৰু দৰাই আনন্দত সকলো পৰ্ব কৰি গৈছিল। কইনাৰ ভায়েক গুৰপ্ৰীত সিঙে মদ্যপান কৰি আছিল। 

কইনা সুখদেৱ সিঙৰ বিদায় পৰ্বৰ সময়তে গুৰপ্ৰীতে বতাহত গুলীচালনা কৰিবলৈ ধৰিলে। গুলীটোৱে কইনাৰ কপাল স্পৰ্শ কৰাত কইনা তেজেৰে তিতি মাটিত ঢলি পৰে। সুখৰ পৰিবেশ মুহূৰ্ততে বিষাদলৈ পৰিণত হ’ল। আহত কইনাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত চিকিৎসকে তেওঁৰ সংকটজনক অৱস্থা দেখি লুধিয়ানালৈ প্ৰেৰণ কৰে। সদৰ থানাত গুৰপ্ৰীত সিং আৰু ভোজগৃহৰ মালিক অশোক কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

এই ঘটনাত মুখ্যমন্ত্ৰী ভগৱন্ত মানে দুখ প্ৰকাশ কৰি কয় যে ''ফিৰোজপুৰত এনে ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী নৱবিবাহিত ছোৱালী গুলীত আঘাতপ্ৰাপ্ত হৈছে। এই কথা শুনি বৰ দুখ লাগিল। পাঞ্জাবীসকলে কেনেধৰণৰ পথ গ্ৰহণ কৰিছে? আন ধৰণেও সুখ উদযাপন কৰিব পাৰি। যিয়েই নহওক, বিয়াত অস্ত্ৰ ব্যৱহাৰ নিষিদ্ধ, কিন্তু ইয়াৰ পিছতো আমি অতীতৰ ঘটনাক আওকাণ কৰি নিজৰ তেজ বোৱাই আছো। এই আনন্দৰ সময়ত সকলো এতিয়া দুখী। ছোৱালীজনীৰ প্ৰাণ ৰক্ষাৰ বাবে প্ৰাৰ্থনা জনালোঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন