--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা অধিক আনন্দই কাল হৈ পৰে। আনন্দ কৰিবলৈ যোৱাৰ নামত মাতি আনে বিপদ। শেহতীয়াকৈ পঞ্জাৱৰ ফিৰোজপুৰত এক ঘটনা সংঘটিত হৈছে যি ঘটনা শুনিলে আপোনাৰ বুকু কঁপি উঠিব।

কইনাৰ বিদায়পৰ্বত ফুটোৱা হৈছিল গুলী। সেই গুলী গৈ লাগে কইনাৰ কপালত। গুলীটোৱে কইনাৰ কপালত আঘাত কৰাত তেওঁ অজ্ঞান হৈ পৰে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে গুলীটো কইনাৰ ভাতৃৰ পিষ্টলৰ পৰা ওলাইছিৱ। বিদায়ৰ সময়ত ভাতৃয়ে বাই-ভিনিহিক বিদায় দি আনন্দৰে গুলী ফুটাইছিল। দুৰ্ভাগ্যবশতঃ সেই গুলী গৈ লাগে কইনাৰ কপালত।

সদৰ আৰক্ষী থানাত অভিযুক্ত ভাতৃসহ দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত কৰা হৈছে।

বলজিন্দৰ কৌৰৰ কন্যা সুখদেৱ সিঙৰ বিবাহ হৈছিল অমৃতপাল সিঙৰ সৈতে। বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হৈ গৈছিল। কইনা বিদায়ৰ ৰীতি-নীতি চলি আছিল। কইনা আৰু দৰাই আনন্দত সকলো পৰ্ব কৰি গৈছিল। কইনাৰ ভায়েক গুৰপ্ৰীত সিঙে মদ্যপান কৰি আছিল। 

কইনা সুখদেৱ সিঙৰ বিদায় পৰ্বৰ সময়তে গুৰপ্ৰীতে বতাহত গুলীচালনা কৰিবলৈ ধৰিলে। গুলীটোৱে কইনাৰ কপাল স্পৰ্শ কৰাত কইনা তেজেৰে তিতি মাটিত ঢলি পৰে। সুখৰ পৰিবেশ মুহূৰ্ততে বিষাদলৈ পৰিণত হ’ল। আহত কইনাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত চিকিৎসকে তেওঁৰ সংকটজনক অৱস্থা দেখি লুধিয়ানালৈ প্ৰেৰণ কৰে। সদৰ থানাত গুৰপ্ৰীত সিং আৰু ভোজগৃহৰ মালিক অশোক কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

এই ঘটনাত মুখ্যমন্ত্ৰী ভগৱন্ত মানে দুখ প্ৰকাশ কৰি কয় যে ''ফিৰোজপুৰত এনে ঘটনা পোহৰলৈ আহিছে, য’ত এগৰাকী নৱবিবাহিত ছোৱালী গুলীত আঘাতপ্ৰাপ্ত হৈছে। এই কথা শুনি বৰ দুখ লাগিল। পাঞ্জাবীসকলে কেনেধৰণৰ পথ গ্ৰহণ কৰিছে? আন ধৰণেও সুখ উদযাপন কৰিব পাৰি। যিয়েই নহওক, বিয়াত অস্ত্ৰ ব্যৱহাৰ নিষিদ্ধ, কিন্তু ইয়াৰ পিছতো আমি অতীতৰ ঘটনাক আওকাণ কৰি নিজৰ তেজ বোৱাই আছো। এই আনন্দৰ সময়ত সকলো এতিয়া দুখী। ছোৱালীজনীৰ প্ৰাণ ৰক্ষাৰ বাবে প্ৰাৰ্থনা জনালোঁ।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ