--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিজনী-কুকলুং পথত নিশাৰ ভাগত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাত এটা সুখী পৰিয়াললৈ ক্ষন্তেকতে নামি আহিল কাল অমানিশা। পথ দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটিলে এক দম্পতীয়ে।

ডিজিটেল ডেস্ক: চিৰাঙৰ উত্তৰ শিলবাৰীত এক অত্যন্ত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিজনী-কুকলুং পথত নিশাৰ ভাগত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাত এটা সুখী পৰিয়াললৈ ক্ষন্তেকতে নামি আহিল কাল অমানিশা। পথ দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটিলে এক দম্পতীয়ে।


স্থানীয় মন্দিৰত পূজা-অৰ্চনা শেষ কৰি ঘৰলৈ উভতি অহাৰ পথতে পৰিয়ালটোলৈ নামি আহে এই বিপৰ্যয়। AS 26 F 2229 নম্বৰৰ এখন তীব্ৰবেগী ছুইফট ডিজায়াৰ বাহনে পিছফালৰ পৰা তেওঁলোকৰ স্কুটীখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে।


দুৰ্ঘটনাটোৰ ফলত স্কুটী আৰোহী অনামিকা পাটগিৰি ৰায় নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। আনহাতে, তেওঁৰ স্বামী চি আই এছ এফ (CISF) ত কৰ্মৰত ৰাহুল ৰায়কো গুৰুতৰভাৱে আহত অৱস্থাত বঙাইগাঁৱৰ ল’ৱাৰ অসম হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, ৰাহুলে অলপতে ছুটি লৈ ঘৰলৈ আহিছিল।


এই মৰ্মান্তিক ঘটনাত ৰায় দম্পত্তীৰ একমাত্ৰ কন্যা কস্তুৰী ৰায়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান শিশুটি ল’ৱাৰ অসম হাস্পতালত চিকিৎসাধীন হৈ আছে।


দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘাটক চাৰিচকীয়া বাহনখনৰ চালকজনে গাড়ীসহ ঘটনাস্থলীৰ পৰা ক্ষিপ্ৰতাৰে পলায়ন কৰে। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক মোহন লাল মিনা সতীৰ্থ আৰক্ষী দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়। বৰ্তমান আৰক্ষীয়ে পলাতক চালকজনক কৰায়ত্ত কৰিবলৈ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত