--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিজনী-কুকলুং পথত নিশাৰ ভাগত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাত এটা সুখী পৰিয়াললৈ ক্ষন্তেকতে নামি আহিল কাল অমানিশা। পথ দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটিলে এক দম্পতীয়ে।

ডিজিটেল ডেস্ক: চিৰাঙৰ উত্তৰ শিলবাৰীত এক অত্যন্ত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিজনী-কুকলুং পথত নিশাৰ ভাগত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাত এটা সুখী পৰিয়াললৈ ক্ষন্তেকতে নামি আহিল কাল অমানিশা। পথ দুৰ্ঘটনাটোত কৰুণ মৃত্যুক সাৱটিলে এক দম্পতীয়ে।


স্থানীয় মন্দিৰত পূজা-অৰ্চনা শেষ কৰি ঘৰলৈ উভতি অহাৰ পথতে পৰিয়ালটোলৈ নামি আহে এই বিপৰ্যয়। AS 26 F 2229 নম্বৰৰ এখন তীব্ৰবেগী ছুইফট ডিজায়াৰ বাহনে পিছফালৰ পৰা তেওঁলোকৰ স্কুটীখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে।


দুৰ্ঘটনাটোৰ ফলত স্কুটী আৰোহী অনামিকা পাটগিৰি ৰায় নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হয়। আনহাতে, তেওঁৰ স্বামী চি আই এছ এফ (CISF) ত কৰ্মৰত ৰাহুল ৰায়কো গুৰুতৰভাৱে আহত অৱস্থাত বঙাইগাঁৱৰ ল’ৱাৰ অসম হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে। উল্লেখ্য যে, ৰাহুলে অলপতে ছুটি লৈ ঘৰলৈ আহিছিল।


এই মৰ্মান্তিক ঘটনাত ৰায় দম্পত্তীৰ একমাত্ৰ কন্যা কস্তুৰী ৰায়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বৰ্তমান শিশুটি ল’ৱাৰ অসম হাস্পতালত চিকিৎসাধীন হৈ আছে।


দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘাটক চাৰিচকীয়া বাহনখনৰ চালকজনে গাড়ীসহ ঘটনাস্থলীৰ পৰা ক্ষিপ্ৰতাৰে পলায়ন কৰে। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক মোহন লাল মিনা সতীৰ্থ আৰক্ষী দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়। বৰ্তমান আৰক্ষীয়ে পলাতক চালকজনক কৰায়ত্ত কৰিবলৈ তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান