--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বায়েকৰ বিয়াৰ যাৱতীয় কাম-কাজ সুচাৰুৰূপে কৰিবলৈ সুধামাই মটৰ চাইকেলেৰে ৰজাগড়লৈ ওলাই গৈছিল। কিন্তু কোনে জানিছিল যে এই যাত্ৰাই হ’ব তেওঁৰ জীৱনৰ অন্তিম যাত্ৰা!

ডিজিটেল ডেস্ক: ওদালগুৰিৰ ডিমাকুছিত এক হৃদয়বিদাৰক কৰুণ ঘটনা সংঘটিত হৈছে। যিখন ঘৰত আনন্দ-উল্লাস আৰু সুখ-হাঁহিৰে বিয়াৰ উখল-মাখল পৰিৱেশ বিৰাজ কৰিব লাগিছিল, সেইখন ঘৰ এতিয়া বুৰ গৈছে গভীৰ শোকৰ সাগৰত। বায়েকৰ বিয়াৰ মণ্ডপত পবিত্ৰ হোমাগ্নি জ্বলি উঠাৰ পাছতেই আনফালে জ্বলিল একমাত্ৰ ভাতৃৰ চিতাগ্নি।


ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ৰজাগড় ধৰমজুলিৰ বাসিন্দা সুৰেশ ৰাজভৰৰ ঘৰত আছিল কন্যা পূজা ৰাজভৰৰ শুভ বিবাহৰ দিন। ঘৰৰ জীয়ৰীৰ বিয়াক লৈ সকলো ব্যস্ত আছিল আৰু এই সকলো কামৰ মাজত আগভাগ লৈছিল কইনাৰ ভাতৃ সুধামা ৰাজভৰে। বায়েকৰ বিয়াৰ যাৱতীয় কাম-কাজ সুচাৰুৰূপে কৰিবলৈ সুধামাই মটৰ চাইকেলেৰে ৰজাগড়লৈ ওলাই গৈছিল। কিন্তু কোনে জানিছিল যে এই যাত্ৰাই হ’ব তেওঁৰ জীৱনৰ অন্তিম যাত্ৰা!


কাম শেষ কৰি ঘৰলৈ ওভতাৰ পথতে সুধামা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। সংকটজনক অৱস্থাত তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।


এফালে ঘৰত চলি আছিল বায়েকৰ বিয়াৰ মাংগলিক নিয়ম, আনফালে হাস্পতালৰ পৰা আহি পালে ভাতৃৰ নশ্বৰ দেহ। বিয়াৰ আনন্দ আৰু মাংগলিক উৰুলিৰ সলনি সমগ্ৰ অঞ্চলটো প্ৰতিধ্বনিত হৈ পৰিল আত্মীয়ৰ হিয়াভগা কান্দোনত। নিয়তিৰ কি যে নিষ্ঠুৰ খেল— এফালে বায়েকৰ সংসাৰৰ নতুন যাত্ৰা আৰম্ভ হৈছে, আৰু আনফালে ভাতৃৰ জীৱন যাত্ৰাৰ চিৰদিনৰ বাবে অন্ত পৰিছে।


অৱশেষত, কইনাৰ সাজেৰেই দুৰ্ভগীয়া বায়েকে নিজৰ মৰমৰ ভায়েকক কান্দি কান্দি শেষ বিদায় জনালে। ভাতৃৰ চিতাৰ জুইয়ে দহি থৈ গ’ল বায়েকৰ অন্তৰ। এই অভাৱনীয় আৰু মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ ডিমাকুছি আৰু ৰজাগড় অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। প্ৰতিজন প্ৰত্যক্ষদৰ্শী তথা স্থানীয় ৰাইজৰ চকু এতিয়া কেৱল চকুপানীৰে সেমেকি উঠিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান