--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উমৰাণ মালিকে ভংগ কৰিব ছোৱেইব আখতাৰৰ সৰ্বাধিক দ্ৰুত ডেলিভাৰীৰ অভিলেখ। এই ভৱিষ্যদ্বাণী কৰিছে ভাৰতৰ হৈ খেলা জম্মু-কাশ্মীৰৰ পাৰভেজ ৰছুলে। চলিত আইপিএলৰ প্ৰতিখন মেচতে দৰ্শনীয় ছন্দত দেখিবলৈ পোৱা গৈছে উমৰাণ মালিকক। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ঘণ্টাত ১৫৬ কিলোমিটাৰ বেগত বল কৰিছে উমৰাণ মালিকে। উমৰাণৰ প্ৰদৰ্শনে মুগ্ধ কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক। উমৰাণ মালিকৰ শেহতীয়া প্ৰদৰ্শনলৈ চাই সেইবাবে পাৰভেছ ৰছুলে মন্তব্য কৰিছে যে, এদিন ছোৱেইব আখটাৰৰ দ্ৰুততম ডেলিভাৰীৰ অভিলেখ স্পৰ্শ কৰিব।

২০০৩ চনৰ বিশ্বকাপত ছোৱেইব আখতাৰে সৰ্বাধিক দ্ৰুত ডেলিভাৰী দিছিল। ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৰাৱালপিণ্ডী এক্সপ্ৰেছে প্ৰতি ঘণ্টাত ১৬১.৩ কিলোমিটাৰ বেগত বলিং কৰিছিল। বিপক্ষৰ বেটছমেনৰ আতংকৰ কাৰণ হৈ পৰিছিল ছোৱেইব আখতাৰ। ছোৱেইবৰ দ্ৰুত ডেলিভাৰীৰ মোকাবিলা কৰাটো বেটছমেনসকলৰ বাবে হৈ পৰিছিল প্ৰত্যাহ্বান। ইডেন টেষ্টত শচীন টেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ ষ্টাম্প ড্ৰ’প কৰি পাকিস্তানী বেগী বলাৰজনে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। উমৰানে ছোৱেইবৰ দৰেই বেগী বলিং কৰি আহিছে শেহতীয়াকৈ। জাতীয় দলৰ হৈ নেখেলিলেও কিন্তু উমৰাণে ইতিমধ্যে আইপিএলত ২১টা উইকেট দখল কৰিছে।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী দ্ৰুতবেগী বলাৰৰ প্ৰদৰ্শনৰ পিছত ক্ৰিকেট বিশেষজ্ঞসকলে উপত্যকাৰ এই স্পীড ষ্টাৰজনে অতিশীঘ্ৰে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিব লাগে বুলিও যুক্তি দৰ্শাইছে। ৰছুলে কয়, ‘উমৰাণ মালিকে আইপিএলত যিদৰে বলিং কৰি আছে, শীঘ্ৰেই ছোৱেইব আখতাৰৰ সৰ্বাধিক দ্ৰুত ডেলিভাৰীৰ অভিলেখ ভংগ কৰিব। উমৰাণ এক দুৰ্দান্ত প্ৰতিভা। উমৰাণে আইপিএলত খুব ভাল খেলিছে। আৰু সেয়া ভাৰতীয় ক্ৰিকেটৰ বাবে ভাল কথা। যুৱ প্ৰতিভাৰ উত্থান ঘটিছে আৰু তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে।’

অভিলেখৰ কথা চৰ্চিত হোৱা ছোৱেইব আখতাৰেও উমৰাণৰ প্ৰশংসা কৰিছে। এইবাৰ আইপিএলে উমৰাণ মালিকক চিনাকি কৰাই দিলে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ