--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উমৰাণ মালিকে ভংগ কৰিব ছোৱেইব আখতাৰৰ সৰ্বাধিক দ্ৰুত ডেলিভাৰীৰ অভিলেখ। এই ভৱিষ্যদ্বাণী কৰিছে ভাৰতৰ হৈ খেলা জম্মু-কাশ্মীৰৰ পাৰভেজ ৰছুলে। চলিত আইপিএলৰ প্ৰতিখন মেচতে দৰ্শনীয় ছন্দত দেখিবলৈ পোৱা গৈছে উমৰাণ মালিকক। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ঘণ্টাত ১৫৬ কিলোমিটাৰ বেগত বল কৰিছে উমৰাণ মালিকে। উমৰাণৰ প্ৰদৰ্শনে মুগ্ধ কৰি তুলিছে ক্ৰীড়াপ্ৰেমীক। উমৰাণ মালিকৰ শেহতীয়া প্ৰদৰ্শনলৈ চাই সেইবাবে পাৰভেছ ৰছুলে মন্তব্য কৰিছে যে, এদিন ছোৱেইব আখটাৰৰ দ্ৰুততম ডেলিভাৰীৰ অভিলেখ স্পৰ্শ কৰিব।

২০০৩ চনৰ বিশ্বকাপত ছোৱেইব আখতাৰে সৰ্বাধিক দ্ৰুত ডেলিভাৰী দিছিল। ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৰাৱালপিণ্ডী এক্সপ্ৰেছে প্ৰতি ঘণ্টাত ১৬১.৩ কিলোমিটাৰ বেগত বলিং কৰিছিল। বিপক্ষৰ বেটছমেনৰ আতংকৰ কাৰণ হৈ পৰিছিল ছোৱেইব আখতাৰ। ছোৱেইবৰ দ্ৰুত ডেলিভাৰীৰ মোকাবিলা কৰাটো বেটছমেনসকলৰ বাবে হৈ পৰিছিল প্ৰত্যাহ্বান। ইডেন টেষ্টত শচীন টেণ্ডুলকাৰ আৰু ৰাহুল দ্ৰাবিড়ৰ ষ্টাম্প ড্ৰ’প কৰি পাকিস্তানী বেগী বলাৰজনে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। উমৰানে ছোৱেইবৰ দৰেই বেগী বলিং কৰি আহিছে শেহতীয়াকৈ। জাতীয় দলৰ হৈ নেখেলিলেও কিন্তু উমৰাণে ইতিমধ্যে আইপিএলত ২১টা উইকেট দখল কৰিছে।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী দ্ৰুতবেগী বলাৰৰ প্ৰদৰ্শনৰ পিছত ক্ৰিকেট বিশেষজ্ঞসকলে উপত্যকাৰ এই স্পীড ষ্টাৰজনে অতিশীঘ্ৰে ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰিব লাগে বুলিও যুক্তি দৰ্শাইছে। ৰছুলে কয়, ‘উমৰাণ মালিকে আইপিএলত যিদৰে বলিং কৰি আছে, শীঘ্ৰেই ছোৱেইব আখতাৰৰ সৰ্বাধিক দ্ৰুত ডেলিভাৰীৰ অভিলেখ ভংগ কৰিব। উমৰাণ এক দুৰ্দান্ত প্ৰতিভা। উমৰাণে আইপিএলত খুব ভাল খেলিছে। আৰু সেয়া ভাৰতীয় ক্ৰিকেটৰ বাবে ভাল কথা। যুৱ প্ৰতিভাৰ উত্থান ঘটিছে আৰু তেওঁলোকে ভাল প্ৰদৰ্শন কৰিছে।’

অভিলেখৰ কথা চৰ্চিত হোৱা ছোৱেইব আখতাৰেও উমৰাণৰ প্ৰশংসা কৰিছে। এইবাৰ আইপিএলে উমৰাণ মালিকক চিনাকি কৰাই দিলে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন